5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam: আজিৰ পৰা ৰাজ্যত আৰম্ভ ‘মাতৃ-পিতৃ বন্দনা’ কাৰ্যসূচী, ৰাজ্যিক চৰকাৰীয়ে লাভ কৰিব বিশেষ ছুটী

Assam: আজিৰ পৰা ৰাজ্যত আৰম্ভ পিতৃ-মাতৃ বন্দনা আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে নৈমিত্তিক ছুটী লাভ কৰিব। পিতৃ- মাতৃ, শহুৰ- শাহুৰ লগত সময় পাৰ কৰিবলৈ চৰকাৰে এই ছুটী প্ৰদান কৰে।

Assam: আজিৰ পৰা ৰাজ্যত আৰম্ভ ‘মাতৃ-পিতৃ বন্দনা’ কাৰ্যসূচী, ৰাজ্যিক চৰকাৰীয়ে লাভ কৰিব বিশেষ ছুটী
মাতৃ- পিতৃ বন্দনা
barasha-sarma
Barasha Sarma | Published: 06 Nov 2024 12:27 PM

আজিৰ পৰা ৰাজ্যত আৰম্ভ ‘মাতৃ-পিতৃ বন্দনা’ শীৰ্ষক কাৰ্যসূচী । ইয়াৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে অন্যান্য বন্ধৰ লগতে ২দিনীয়া বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব।  এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই পদক্ষেপৰ ৩য় সংস্কৰণৰ জৰিয়তে কৰ্মচাৰীসকলক তেওঁলোকৰ মাতৃ-পিতৃ, শাহু-শহুৰৰ সৈতে কিছু আন্তৰিক সময় কটাবলৈ আৰু তেওঁলোকৰ যত্ন ল’বলৈ আমাৰ চৰকাৰৰ দ্বাৰা বিশেষভাৱে সময় প্ৰদান কৰা হৈছে।

হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট

উল্লেখ্য যে, পিতৃ- মাতৃ, শহুৰ- শাহুক সময় দিয়াৰ বাবে ২০২১ চনত এই ছুটীৰ ব্যৱস্থা কৰিছিল অসম চৰকাৰে। মাতৃ-পিতৃ বন্দনা আঁচনিৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে নৈমিত্তিক ছুটী। চলিত বৰ্ষত ৬ আৰু ৮ নৱেম্বৰত এই ছুটীৰ ব্যৱস্থা কৰিছে চৰকাৰে। ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ৩ টাকৈ স্বাভাৱিক ছুটী লাভ কৰিব। ৭ নৱেম্বৰ ষট পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ইয়াৰ লগতে ৯ নৱেম্বৰত দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰত দেওবাৰ উপলক্ষে চৰকাৰী কৰ্মচাৰীসকলে বন্ধ লাভ কৰিব। মাতৃ-পিতৃ বন্দনা আঁচনিৰ লাভ ল’ব বিচৰা সকলৰ বাবে চৰকাৰে এটা পৰ্টেলো মুকলি কৰিছিল। ইয়াৰ বাবে চৰকাৰী কৰ্মচাৰীসকলে  https://matripitrivandana.assam.gov.in জৰিয়তে আবেদন জনাই এই ছুটী ল’ব পাৰে।

এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে লিখে যে- অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকল মাতৃ পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটীৰ সুবিধা লাভ কৰিব। এই বিশেষ ছুটীত কৰ্মচাৰীসকলে ৭ নৱেম্বৰ (ষট পূজা), ৯ নৱেম্বৰ (মাহৰ দ্বিতীয়টো শনিবাৰ) আৰু ১০ নৱেম্বৰকো (ৰবিবাৰ) অন্তৰ্ভুক্ত কৰি নিজৰ পিতৃ – মাতৃ তথা শাহুৱেক- শহুৰেককো সেৱা- শুশ্ৰূষা আগবঢ়াব পাৰিব। শিক্ষা বিভাগৰ অধীনস্থ শিক্ষক- শিক্ষয়িত্ৰীসকলৰ বাবে ৯ নৱেম্বৰত (শনিবাৰ) মাতৃ পিতৃ বন্দনা যোজনাৰ আওতাত বিশেষ ছুটী প্ৰদান কৰা হৈছে।

২০২১ চনত কেবিনেটযোগে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। এই আঁচনিৰ উদ্দেশ্য পিত-মাতৃ, শহুৰ- শাহুক সম্পূৰ্ণ সান্নিধ্যৰে সাহচৰ্য, পৰিচৰ্যা,শ্ৰদ্ধা- সন্মান প্ৰদৰ্শন কৰা। অৱশ্যে মাতৃ-পিতৃ, শহুৰ- শাহুৰ অৱৰ্তমানত এই ছুটী প্ৰযোজ্য নহ’ব। ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ ছুটীৰ তালিকা অনুসৰণ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰতহে এই ব্যৱস্থা প্ৰযোজ্য। কলেজ শিক্ষকসকলে নিজ নিজ বিশ্ববিদ্যালয়ৰ ছুটীৰ অনুসৰণ কৰে গতিকে এই বিশেষ ছুটী তেওঁলোকৰ বাবে প্ৰযোজ্য নহয়। কলেজৰ শিক্ষক আৰু বিশ্ববিদ্যালৰ কৰ্মচাৰীয়ে সাধাৰণতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীতকৈ বেছি ছুটী লাভ কৰে।

Latest News