বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ’ব দিল্লীৰ পথ, মুখ্যমন্ত্ৰীয়ে জনালে কৃতজ্ঞতা…
চলিত বৰ্ষত উত্তৰ-পূব ভ্ৰমণৰ সময়ত ১৬ মাৰ্চত কোকৰাঝাৰৰ দোটমাৰ বডোফা ফ’থাৰত অমিত শ্বাহে সদৌ বডো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত দিয়া ভাষণত এই ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে । জনসাধাৰণক প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে জাতিৰ বাবে উচৰ্গা কৰা হ’ব 'বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ'।

অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ’ব দিল্লীৰ এটা গুৰুত্বপূৰ্ণ পথ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এবছুৰ অধিৱেশনত বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ জনসাধাৰণক প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে জাতিৰ বাবে উচৰ্গা কৰা হ’ব এই পথটো। এই সন্দৰ্ভত দিল্লী পৌৰ নিগমে এই সন্দৰ্ভত জাৰি কৰিলে জাননী। কৈলাশ কলনীৰ এ ৫-এ ১৮ সংযোগী পথক ‘বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ’ হিচাপে নামকৰণত অনুমোদন জনাইছে দিল্লী পৌৰ নিগমে ৷
চলিত বৰ্ষত উত্তৰ-পূব ভ্ৰমণৰ সময়ত ১৬ মাৰ্চত কোকৰাঝাৰৰ দতমাত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭তম বাৰ্ষিক অধিবেশনৰ মুকলি সভাত দিয়া ভাষণত এই ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে । ভাষণত শ্বাহে বডোলেণ্ডত শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰত এবছুৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰশংসা কৰি কৈছিল, “প্ৰথমে মই এবছুক ধন্যবাদ জনাইছো যে মোক এই অধিৱেশনত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে।” তেওঁ বডোফা ব্ৰহ্মৰ জন্মস্থানত গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰি কয়, “আজি মই বডোফা ইউ এন ব্ৰহ্মৰ জন্মস্থানত থিয় দিছো, আৰু মই মোৰ শ্ৰদ্ধাঞ্জলি জনাইছো।”
সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এমচিডিৰ এই সিদ্ধান্তক আদৰণি জনাই তেওঁ লিখিছে, “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো সমাজ তথা আমাৰ জাতীয় জীৱনৰ বাবে এক অম্লান সত্তাৰ নাম৷ দিল্লীৰ মাজমজিয়াত থকা এটা পথক মহান সত্তা ‘বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ’ নামেৰে নামকৰণৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়ালৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।”
মুখ্যমন্ত্ৰীয়ে আকৌ লিখিছে, “দিল্লী পৌৰ নিগমে কৈলাস কলনীৰ এ ৫-এ ১৮ সংযোগী পথক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ হিচাপে নামকৰণত অনুমোদন জনাইছে৷ ভাল লগা কথাটি হ’ল বি টি আৰৰ জনসাধাৰণক মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই দিয়া প্ৰতিশ্ৰুতি অনুসৰি সোনকালে এই পথ জাতিটোৰ বাবে উৎসৰ্গা কৰা হ’ব৷”
दिल्लीनि बड’फा उपेन्द्रनाथ ब्रह्मनि मुङै मोनसे लामानि मुं दोन्नायनि थाखाय भारत सोरखारखौ साबायखर बावहरदों
My sincere gratitude to Hon’ble Union Home Minister Shri @AmitShah ji for taking forward the proposal of naming a road in the heart of Delhi as Bodofa Upendranath Brahma… pic.twitter.com/tthetC7cg3
— Himanta Biswa Sarma (@himantabiswa) April 26, 2025
এই সন্দৰ্ভত India Today NEৰ সৈতে হোৱা বাৰ্তালাপত সদৌ বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতিয়ে কয়, “উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বি টি আৰ)ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু সদৌ বডো ছাত্ৰ সন্থা (এবছু)ৰ সভাপতি দিপেন বড়োকে ধৰি কেইবাজনো বিশিষ্ট নেতাই অংশগ্ৰহণ কৰিব ।” বোডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ” নামৰ পথটোৱে কৈলাশ কলনীৰ এ৫ৰ পৰা এ১৮লৈকে বিস্তৃত হ’ব, যিটোৱে বড়ো আৰু অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ মাজত ঐক্য আৰু উন্নয়নৰ পোষকতাত ব্ৰহ্মৰ ভূমিকাক স্বীকৃতি দিয়াৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব।