পুনৰ অসমৰ টেক্সি মেঘালয়ত প্ৰৱেশত বাধা! ডাউকি-চেৰাপুঞ্জীৰ প্ৰৱেশ পথত উত্তপ্ত পৰিস্থিতি

মেঘালয়ৰ বিভিন্ন পৰ্যটনস্থলী অভিমুখী অসমৰ বাহনসমূহক পূৱ খাছী পাহাৰ জিলাৰ উমটিংগাৰত বাধা প্ৰদান সংগঠনটোৰ। মেঘালয়ত বিভিন্ন স্থান ভ্ৰমণৰ বাবে পৰ্যটকক মেঘালয়ৰ টেক্সিহে ব্যৱহাৰ কৰাৰ দাবী। পঠিয়াওৱা হৈছে অসমত পঞ্জীয়নকৃত শ শ বাহন। ইয়াকে লৈ মেঘালয়-চেৰাপুঞ্জী-ডাউকী পথত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

পুনৰ অসমৰ টেক্সি মেঘালয়ত প্ৰৱেশত বাধা! ডাউকি-চেৰাপুঞ্জীৰ প্ৰৱেশ পথত উত্তপ্ত পৰিস্থিতি

পুনৰ অসমৰ টেক্সি মেঘালয়ত প্ৰৱেশত বাধা

Published: 

27 Jul 2024 11:37 AM

গ্ৰীষ্মৰ সময়ত মেঘালয়লৈ ফুৰিবলৈ যায় বহু দেশী- বিদেশী পৰ্যটক। মেঘালয়লৈ দৈনিক আগমন ঘটে প্ৰায় ৩৫০০ৰো অধিক বাহনৰ। শ্বিলং, চেৰাপুঞ্জী, মৌচিনৰামকে ধৰি বিভিন্ন ঠাইত প্ৰৱেশ কৰে এইসমুহ টুৰিষ্ট টেক্সিয়ে।
কিন্তু বিগত কিছুদিন দিন ধৰি এই বিযয়টোক লৈ সৃষ্টি হৈ আহিছে বিতৰ্ক। অসমৰ টুৰিষ্ট টেক্সি চালক প্ৰৱেশত আপত্তি দৰ্শাইছে মেঘালয়ৰ টেক্সি চালক সন্থাই।

শেহতীয়াকৈ এই সন্দৰ্ভত মেঘালয় চৰকাৰক ষ্মাৰক পত্ৰও দাখিল কৰিছিল মেঘালয়ৰ টেক্সি চালক সন্থাই। মেঘালয় চৰকাৰে টেক্সি চালকৰ এই দাবী কৰিছিল যে অসমৰ টেক্সি চালকৰ বাবে তেওঁলোকে নাপাই উপযুক্ত পাৰিশ্ৰমিক, নাপায় যাত্ৰী। যাৰ বাবে দীৰ্ঘদিন ধৰি সমস্যৰ সন্মুখীন হৈ আহিছে তেওঁলোক। ইয়াৰ পাছতে মেঘালয়ৰ টেক্সি চালকৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছিল অসমৰ টেক্সিচালকসকল। তাৰ মেঘালয়ৰ টেক্সিক অসমত প্ৰৱেশত নিষেধাজ্ঞা প্ৰদানৰ দাবীৰে প্ৰতিবাদ কৰিছিল অসমৰ টেক্সিচালকসকলে। ইয়াৰ পাছতে মেঘালয়ৰ পৰ্যটন মন্ত্ৰী প’ল লিংডোৱে ঘোষণা কৰিছিল ৰাজ্যখনৰ পৰ্যটনস্থলী সমূহলৈ অসমৰ টেক্সি সমূহৰ যাতায়তত কোনো বাধা নথকাৰ কথা।

কিন্তু কিছুদিন পাছে আকৌ অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা মেঘালয়ৰ HYNF নামৰ সংগঠনটোৰ। অসমৰ টেক্সি চালকক হাৰাশাস্তি মেঘালয়ৰ টেক্সি চালক সন্থাৰ। ইয়াক লৈ অসমৰ যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । ভয়, শংকাত ভুগিছে অসমৰ বহু পৰ্যটক। শ্বিলং-চেৰাপুঞ্জীলৈ যোৱা অসমৰ বাহনক খাচী ছাত্ৰ সন্থাই বাধা দিয়াক লৈ চিন্তিত পৰ্যটকসকল। খানাপাৰাৰ পৰা মেঘালয়লৈ যাবলৈ ভয় খাইছে অসমৰ পৰ্যটকসকলে।

মেঘালয়ৰ বিভিন্ন পৰ্যটনস্থলী অভিমুখী অসমৰ বাহনসমূহক পূৱ খাছী পাহাৰ জিলাৰ উমটিংগাৰত বাধা প্ৰদান সংগঠনটোৰ। মেঘালয়ত বিভিন্ন স্থান ভ্ৰমণৰ বাবে পৰ্যটকক মেঘালয়ৰ টেক্সিহে ব্যৱহাৰ কৰাৰ দাবী। ঘূৰাই পঠিয়াওৱা হৈছে অসমত পঞ্জীয়নকৃত শ শ বাহন। ইয়াকে লৈ মেঘালয়-চেৰাপুঞ্জী-ডাউকী পথত সৃষ্টি হয় শুকুৰবাৰে উত্তপ্ত পৰিস্থিতি। আৰক্ষী আৰু সংগঠনটোৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে আটক কৰিছে সংগঠনটোৰ কেইবাজনো সদস্যক।

মেঘালয়ত অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰাৰ পিছতেই গৰজি উঠিছে অসমৰ চালকসকল।সংবাদ মাধ্যমৰ আগত এজন ক্ষুব্ধ চালকে কয়, ‘আমি খাৰু পিন্ধি বহি থকা নাই। আপোনালোকৰ মেঘালয়তে সংগঠন আছে বুলি নাভাবিব, অসমতো আছে। আপোনালোকৰ ৰাজ্যৰ উন্নয়নত আমাৰো অৱদান আছে। যদি আপোনালোকে সকলো সময়তে এনেকুৱা কৰি থাকে অসমলৈ অহাটো কঠিন হৈ পৰিব’।

ইফালে অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বৃহৎ লোকচানৰ সন্মুখীন হৈছে মেঘালয়ৰ পর্যটন উদ্যোগ। মেঘালয় পর্যটন উদ্যোগত পৰিছে ব্যাপক প্রভাৱ। অসমৰ পৰ্যটকসকলক মেঘালয়ত হাৰাশাস্তিৰ অভিযোগ। শুকুৰবাৰে মেঘালয়ত বাতিল হৈছে ৩০% হোটেলৰ বুকিং। আজি মেঘালয়ৰ হোটেলসমূহত ৫০% বুকিং বাতিলৰ সম্ভাৱনা।

কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ