ভাওনা বিতৰ্ক: মিছা অভিযোগৰ বুলি দাবী তুলি ফেচবুকতে ক্ষমা বিচাৰিলে মন্ত্ৰী অশোক সিংহলে
ভাওনাক লৈ বিতৰ্কিত মন্তব্য কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত ক্ষমা বিচাৰিলে মন্ত্ৰী অশোক সিংহলে । ফেচবুকত ক্ষমা বিচাৰি পোষ্ট শ্বেয়াৰ মন্ত্ৰীগৰাকীৰ । অৱশ্যে এই অভিযোগ মিছা বুলি আজিও তেওঁ দাবী কৰা দেখা যায় ।

অৱশেষত ক্ষমা খুজিলে মন্ত্ৰী অশোক সিংহলে । ভাওনা সন্দৰ্ভত কটু মন্তব্য কৰাৰ অভিযোগ উঠিছিল মন্ত্ৰীগৰাকীৰ বিষয়ে । মঙলবাৰে ফেচবুকযোগে মন্ত্ৰী সিংহলে এয়া মনেসজা অভিযোগ বুলি অভিযোগ কৰিছিল যদিও আজি আন এটা ফেচবুক পোষ্টযোগে ক্ষমা বিচাৰে মন্ত্ৰীগৰাকীয়ে । অৱশ্যে আজিও তেওঁ এই অভিযোগ ভিত্তিহীন বুলিয়েই দাবী কৰিছে ।
নিজৰ ফেচবুক পোষ্টত অশোক সিংহলে লিখিছে এইদৰে- “মহাপুৰুষজনাৰ অনুপম সৃষ্টি ভাওনা সন্দৰ্ভত মই নেতিবাচক মন্তব্য দিয়া বুলি শেহতীয়াকৈ এক প্ৰচাৰ চলোৱা হৈছে । কিন্তু মই এনে মন্তব্য দিয়া বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু মই এনে মন্তব্য দিয়াৰ প্ৰশ্নই উত্থাপিত নহয় । কিন্তু সমগ্ৰ বিষয়টোক লৈ একাংশ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰিত হৈছে আৰু বিষয়টো সন্দৰ্ভত জনমানসত এক ভুল ধাৰণাৰ সৃষ্টি কৰা হৈছে । এই বিষয়টোৱে কাৰোবাৰ মনত হয়তো দুখ দিব পাৰে । এই বিষয়টোক লৈ মই কোনো অনাহক বিতৰ্ক বিচৰা নাই যদিও বিষয়টোৱে যদি কাৰোবাৰ মনত দুখ দিছে, তেন্তে তাৰবাবে মই ক্ষমাপ্ৰাৰ্থী ।”
উল্লেখ্য যে, গুৱাহাটী প্ৰেছক্লাৱৰ দ্বাৰা অহা ১৫ মাৰ্চত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত “গান্ধাৰীৰ অভিশাপ” ভাওনাখন পৰিৱেশনৰ যো-জা চলোৱা হৈছে । প্ৰেছক্লাৱৰ এটা গোট এই অনুষ্ঠানৰ বাবে মন্ত্ৰী অশোক সিংহলক নিমন্ত্ৰণ জনাবলৈ গৈছিল । কিন্তু মন্ত্ৰীগৰাকীয়ে প্ৰেছক্লাৱৰ দলটোৰ সমুখতেই ভাওনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগ উঠিছে ।
গুৱাহাটী প্ৰেছক্লাৱৰ তৰফৰ পৰা মঙলবাৰে আগবঢ়োৱা এক বিবৃতিত কোৱা হৈছিল- “গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আয়োজিত ভাওনালৈ সৰ্বস্তৰৰ ব্যক্তি, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনক নিমন্ত্ৰণ জনোৱা হৈছে । সেই উদ্দেশ্যে কালি গুৱাহাটী প্ৰেছ ক্লাবৰ এটা প্ৰতিনিধি দলে সন্মানীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক সাক্ষাৎ কৰোঁতে তেওঁ ‘প্ৰেছ ক্লাৱে ভাওনা কিয় পাতিব লাগে, ভাওনা ছেকুলাৰ নহয়’ জাতীয় বাক্যৰে গুৰুজনাক অপমান কৰা কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবে দুৰ্ভাগ্যজনক আখ্যা দিয়ে আৰু তেওঁৰ মানসিকতা সলনি কৰি স্পষ্টীকৰণ দিবলৈ দাবী জনায় ।”
অসমৰ এগৰাকী সাংবাদিক পংকজ শৰ্মাই নিজৰ ফেচবুক একাউন্টযোগে এই বিষয়টো প্ৰথমে পোহৰলৈ আনিছিল । ৩ মাৰ্চৰ নিশা ৯.৫০ বজাত পংকজ শৰ্মাই কৰা পোষ্টটোত তেওঁ উল্লেখ কৰিছিল- “আজি গুৱাহাটী প্ৰেছ ক্লাবৰ team এ খুব challenge ৰ মাজত আয়োজন কৰা ভাওনাত নিমন্ত্ৰণৰ বাবে মন্ত্ৰী অশোক সিংহলৰ তালৈ গৈছিল, মন্ত্ৰীয়ে কৈছে এই ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট, মন্ত্ৰীৰ ক্ষমতা পোৱা মানেই এনে নহয় যে অসমীয়া সংস্কৃতিক অপমান কৰাৰ অধিকাৰ পাইছে, this is unacceptable,আমি অসমীয়া অনা অসমীয়াৰ পার্থক্য কৰিব নিবিচাৰোঁ, কিন্তু তাৰ মানে এইটো নহয় যে আমি দুর্বল, Wait n see,this is very very serious” ।
ইয়াৰ পাছতেই ৰাজ্যজুৰি মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সমালোচনামুখৰ হৈছিল বিভিন্নজন । সামাজিক মাধ্যমত বহুজনেই এই বিষয়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল । তাৰ মাজতে মঙলবাৰে মন্ত্ৰী সিংহলে ফেচবুক পোষ্টযোগে এই সমগ্ৰ বিষয়টোক অস্বীকাৰ কৰিছিল । তেওঁ লিখিছিল- “গুৰুজনাৰ ভাওনাকলৈ মই অপমানসূচক মন্তব্য কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মই শেহতীয়াকৈ অৱগত হৈছোঁ ।
প্ৰথমতেই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে, এই অভিযোগ সম্পূৰ্ণ মিছা আৰু মনেসজা । সংবাদ মাধ্যমৰ এটা প্ৰতিনিধি দল মোৰ ওচৰলৈ অহাটো সঁচা আৰু ভাওনালৈ তেওঁলোকে মোক নিমন্ত্ৰণ জনোৱাটোও সত্য । কিন্তু ভাওনাক কেন্দ্ৰ কৰি তাচ্ছিল্যসূচক কোনো কথা কোৱাটো দূৰৈৰ কথা তেনে কথা মোৰ কল্পনালৈ অহাটোৱেই অসম্ভৱ । গতিকে এনেদৰে কাহিনী সাজি আৰু তাৰ সৈতে মহাপুৰুষজনাৰ নাম সাঙুৰি জগত গুৰুজনাক অপমান কৰাৰ লগতে জনমানসত মোক হেয় প্ৰতিপন্ন কৰাৰ এই অপচেষ্টা কোনোপধ্যেই গ্ৰহণীয় হ’ব নোৱাৰে ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি একান্ত অনুগত আৰু তেখেতৰ সৃষ্টিৰাজিক সদায় শিৰনত কৰি আকোঁৱালি আহিছোঁ । যিগৰাকী গুৰুৰ সৃষ্টি-অৱদানেৰে সমগ্ৰ অসমীয়া জাতিটো সমৃদ্ধ; যিগৰাকী গুৰুৰ নাম লৈ প্ৰতিটো দিনৰ আমি আৰম্ভণি কৰোঁ- তেখেতক সাঙুৰি কৰা এই অপপ্ৰচাৰে মোক ব্যক্তিগতভাৱে যথেষ্ট মনোকষ্ট দিছে । অসমীয়া জাতীয় জীৱনৰ ভেটি গঢ়োঁতা গুৰুজনাৰ সৃষ্টিৰাজিক লৈ বক্তব্য প্ৰদান কৰাৰ ধৃষ্টতা আমাৰ নাই ।
এনেদৰে মিছাৰ আশ্ৰয় লৈ প্ৰতিগৰাকী অসমবাসীৰ আৱেগক কৰা অশ্ৰদ্ধা-অপমানক গৰিহণা দিছোঁ আৰু মোৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত লিপ্ত হোৱা নিৰ্দ্দিষ্ট সাংবাদিকগৰাকীক অনতিপলমে ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ, অন্যথাই মই আইনৰ আশ্ৰয় ল’বলৈ বাধ্য হ’ম বুলিও স্পষ্ট কৰি দিছোঁ ।”
এই পোষ্ট কৰাৰ এদিনৰ পাছতে আজি মন্ত্ৰীগৰাকীয়ে ফেচবুকযোগে এই অভিযোগ সন্দৰ্ভত ক্ষমা বিচৰা পৰিলক্ষিত হয় ।