আদালতৰ নিষেধাজ্ঞা উলংঘা ! আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ’ব নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ?

ম’হ যুঁজৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা বাবে আইনী প্ৰক্ৰিয়া সন্মুখীন হ'ব লাগিব নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ? উচ্চতম ন্যায়ালয় কাষ চাপিল সাংবাদিক !

আদালতৰ নিষেধাজ্ঞা উলংঘা ! আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হব নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ?

জয়ন্ত মল্ল বৰুৱা

Published: 

29 Jan 2025 11:08 AM

শিৱসাগৰ জিলাৰ ৰংঘৰত অনুষ্ঠিত ম’হ যুঁজৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা বাবে আইনী প্ৰক্ৰিয়া সন্মুখীন হ’ব লাগিব নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ? মুখ্য অতিথি হিচাপে ম’হৰ যুঁজৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অভিযোগত নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লাহ বৰুৱাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে পৰিৱেশ সাংবাদিক দিলীপ নাথ । লগতে দিলীপ নাথে অভিযোগ কৰিছে মন্ত্ৰীগৰাকীয়ে ম’হ যুঁজৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পশুৰ যুঁজৰ নিষেধাজ্ঞা উলংঘা কৰিছে ।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা ১৫ জানুৱাৰীত শিৱসাগৰ জিলাৰ ৰংঘৰত অনুষ্ঠিত ম’হ যুঁজৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উল্লেখ্য যে, ম’হ যুঁজৰ দৰে পশু-পক্ষীৰ যুঁজ নিষিদ্ধ কৰি নিষেধাজ্ঞা জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে । ২০১৪ চনত উচ্চতম ন্যায়ালয়ে জাৰি কৰা এই নিষেধাজ্ঞাৰ জৰিয়তে ভাৰতীয় পশু কল্যাণ ব’ৰ্ড আৰু চৰকাৰী সংস্থাসমূহক নিৰ্দেশ দিছিল যে, জীৱ-জন্তুৰ ওপৰত অপ্ৰয়োজনীয় যন্ত্ৰণা আৰু দুখ-কষ্টৰ সৃষ্টি কৰা যিকোনো কাম-কাজ ৰোধ কৰিব লাগে।

একেদৰে তথ্য় অনুসৰি, ২০২৪ চনৰ ১৭ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ ওপৰত ৰাজ্য চৰকাৰৰ এছ অ’ পি বাতিল কৰিছিল । কিন্তু ইয়াৰ পাছতো ম’হ যুঁজ অনুষ্ঠিত কৰাৰ লগতে এই কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আদালতৰ নিষেধাজ্ঞা উলংঘা কৰা বুলি অভিযোগ উত্থাপন হৈছে । উচ্চতম ন্যায়ালয়লৈ লিখা পত্ৰত দিলীপ নাথে অভিযোগ কৰে যে, এই অনুষ্ঠানটো উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয় উভয়ৰে নিৰ্দেশ স্পষ্টভাৱে উলংঘা কৰি অনুষ্ঠিত কৰা হৈছে।

গতিকে অনুষ্ঠানটো আয়োজন কৰা ৰংপুৰ কমিটি আৰু মুখ্য অতিথি হিচাপে উপস্থিত থকা জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আদালতক আহ্বান জনাইছে সাংবাদিক দিলীপ নাথে । একে সময়তে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰ বাবে তেওঁ নিজৰ অভিযোগৰ প্ৰতিলিপি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, এই অভিযোগৰ প্ৰমাণ হিচাপে অনুষ্ঠানটোৰ ভিডিঅ’ ফুটেজ আৰু মন্ত্ৰীগৰাকীৰ মিডিয়া বাইট উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে সাংবাদিকগৰাকীয়ে ।

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?