মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগ

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে পদত্যাগ কৰে মন্ত্ৰী সঞ্জয় কিষাণে। চাহ জনজাতি উন্নয়নৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰি আছিল তেওঁ। শ্ৰমিক কল্যাণ উন্নয়ন দপ্তৰৰ মন্ত্ৰীও আছিল কিষাণ।  অৱশ্যে কি কাৰণে মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে তাৰ কাৰণ উল্লেখ কৰা নাই।

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগ

সঞ্জয় কিষাণৰ পদত্যাগ

Published: 

05 Dec 2024 13:40 PM

মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পূৰ্বে পদত্যাগ কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে। চাহ জনজাতি উন্নয়নৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰি আছিল তেওঁ। শ্ৰমিক কল্যাণ উন্নয়ন দপ্তৰৰ মন্ত্ৰীও আছিল কিষাণ। মন কৰিবলগীয়া যে, মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সময়ত মন্ত্ৰী সঞ্জয় কিষাণ অপসাৰিত হোৱাৰ সম্ভাৱনা আছিল। তাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে কি কাৰণে মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে সেই সন্দৰ্ভত কোনো কাৰণ উল্লেখ কৰা নাই।

উল্লেখ্য যে, বহুদিন ধৰি অসম বিধানসভাৰ মন্ত্ৰী ৰদ বদলৰ কথা চলি আছিল। তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ঘোষণা কৰিছিল যে অহা ৭ ডিচেম্বৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ ৰদ বদল হ’ব। তাৰ পূৰ্বে মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগে বিশেষ তাৎপৰ্য বহন কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এক সংবাদ মেল সম্বোধন কৰি জনাইছিল যে, অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু এটা সম্প্ৰসাৰণ হ’ব। কাইলৈ বা পৰহিলৈ এই বিষয়ে সবিশেষ পাব। অৱশ্যে নতুন মন্ত্ৰী  এজন হ’ব নে দুজন হ’ব সেয়া নতুন দিল্লীত সোনকালে আলোচনা কৰি জনাব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।

ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব বুলি ঘোষণা কৰিছিল। বৰাক উপত্যকাৰ পৰা এজন প্ৰতিনিধি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। উল্লেখ কৰা প্ৰয়োজন যে, পৰিমল শুক্লবৈদ্য সাংসদ নিৰ্বাচন হোৱাৰ পাছত ৰাজ্যৰ মন্ত্ৰী সভাত বৰাকৰ পৰা প্ৰতিনিধি শূন্য হৈ আছিল। তেনে ক্ষেত্ৰত বৰাকৰ পৰা এজন বিধায়কক মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ কথা আছিল।

মন কৰিবলগীয়া যে বৰাকৰ পাথাৰকান্দি সমষ্টিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল ৰাজ্যৰ নতুন মন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। যোৱা কেইটামান দিন ধৰি তেওঁৰ নাম তীব্ৰ চৰ্চাত আছে। গতিকে এইগৰাকী বিধায়কৰ মন্ত্ৰী হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ৰাজ্যই নতুন মন্ত্ৰী হিচাপে কৃষ্ণেন্দু পালক পাব নে অন্য কোনোবাক পাব সেয়া সময়ে ক’ব। ইয়াৰোপৰি কৃষ্ণেন্দু পালক কি  দপ্তৰ দিয়া হ’ব বা আন কোনো মন্ত্ৰীৰ দপ্তৰৰ সাল-সলনি হ’ব নেকি সেয়া সময়ত জানিব পৰা যাব।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে