ধিং কাণ্ডৰ পুনৰাবৃত্তি! দুই পাষণ্ডৰ কামনাৰ বলি হ'ল নাবালিকা | Minor girl harassments in dhing again police searching two accused Assam news - Assam Tv9

ধিং কাণ্ডৰ পুনৰাবৃত্তি! দুই পাষণ্ডৰ কামনাৰ বলি হ’ল নাবালিকা

Updated On: 

20 Sep 2024 10:42 AM

জংঘললৈ নি নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে দুই পাষণ্ডই। মটৰচাইকেলত বলপূৰ্বক উঠাই নিয়ে নাবালিকাগৰাকীক৷ ঘটনাস্থলীৰ পৰা পলায়ন ২ নৰপিশাচৰ৷ ঘটনাস্থলীৰ পৰা ৰাইজে তৎপৰতাৰে উদ্ধাৰ কৰিলে নাবালিকাগৰাকীক।

ধিং কাণ্ডৰ পুনৰাবৃত্তি! দুই পাষণ্ডৰ কামনাৰ বলি হল নাবালিকা

প্ৰতীকি ফটো

Follow Us On

ধিঙত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা৷ এইবাৰ দুই পাষণ্ডৰ কামনাৰ বলি হ’ল নাবালিকা। জংঘললৈ নি নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে দুই পাষণ্ডই। মটৰচাইকেলত বলপূৰ্বক উঠাই নিয়ে নাবালিকাগৰাকীক৷ ঘটনাস্থলীৰ পৰা পলায়ন ২ নৰপিশাচৰ৷ ঘটনাস্থলীৰ পৰা ৰাইজে তৎপৰতাৰে উদ্ধাৰ কৰিলে নাবালিকাগৰাকীক।  ভুক্তভোগী নাবালিকাক নগাঁও চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। এইবাৰ ধিঙৰ লটিয়ামাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

ধিং কাণ্ডৰ পৰা শিক্ষা নল’লে অপৰাধীয়ে।  জঘন্য ধিং কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ ধিঙত সংঘটিত হৈছে নাবালিকা ধৰ্ষণ কাণ্ডৰ ঘটনা। দুই নৰপিশাচৰ বলি হোৱা নাবালিকাক ইতিমধ্যে নগাঁও চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই দুই ধৰ্ষণকাৰীক কৰায়ত্ব কৰিবলৈ দিনে নিশাই চলাইছে অভিযান। পলাতক দুই অভিযুক্ত ক্ৰমে ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন।

প্ৰাপ্ত খবৰ অনুসৰি এগৰাকী নাবালিকা আৰু কণমানি ভাতৃয়ে বৃদ্ধা আইতাকক নদীৰ ঘাটত আগুৱাই দিবলৈ আহি ঘৰলৈ ওভতি গৈ থকা অৱস্থাতে দুই পাষণ্ডই এখন মটৰ চাইকেলত বলপূৰ্বকভাৱে উঠাই লৈ যায় নাবালিকাগৰাকীক। মুখত সোপা দি ধিঙৰ লাঠিয়ামাৰী চৰৰ এডৰা জাৰনিৰ মাজত লৈ গৈ ফুজাইল আৰু ইছৰাফিলে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে নাবালিকাগৰাকীৰ ভাতৃয়ে দৌৰি আহি চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজৰ তৎপৰতাত নাবালিকাগৰাকীক উদ্ধাৰ কৰে যদিও দুই নৰপিশাচে পলায়ন কৰে।

ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে নাবালিকাগৰাকীৰ পৰিয়ালে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি দুই অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় ৰাইজে দুই ধৰ্ষণকাৰীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।

উল্লেখ্য যে , ধিঙত যোৱা ২২ আগষ্টত সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথতে দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক তিনি যুৱকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছতে কিশোৰীগৰাকীক মুমূৰ্ষু অৱস্থাত পথৰ কাষত পেলাই থৈ গৈছিল তিনি অভিযুক্তই। ঘটনাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল মূল অভিযুক্ত তাফাজ্জুলক। তদন্তৰ বাবে নিয়াৰ সময়ত ঘটনাস্থলীৰ সমীপৰ এটা পুখুৰীত জাঁপ দিয়াৰ ফলত অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যু হোৱা বুলি সদৰী কৰে আৰক্ষীয়ে। তাৰ কিছুদিন পাছত নগাঁও সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে আন ২ পলাতক অভিযুক্ত ফৰিদুল ইছলাম, গোলাপউদ্দিনে।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version