5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজধৰ্ম পালনৰ আহ্বান জনাব ইছলাম ধৰ্মাৱলম্বী বিদ্বত সমাজৰ প্ৰতিনিধিয়ে

সংখ্যালঘু সমাজত - বিশেষকৈ উপযুক্ত শিক্ষাই স্পৰ্শ নকৰা নকৰা লোকসকলৰ মাজত কুসংস্কাৰ আৰু অপৰাধজনিত ঘটনাৰ হাৰ বেছি এইটো সত্য৷ কিন্তু সেই বুলি সমগ্ৰ মুছলমান সমাজখনকে তাৰ সৈতে সাধাৰণীকৰণ কৰি ভিলেইন সজাব খোজাটো এটা শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ এজেণ্ডা৷

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজধৰ্ম পালনৰ আহ্বান জনাব ইছলাম ধৰ্মাৱলম্বী বিদ্বত সমাজৰ প্ৰতিনিধিয়ে
সভা
Follow Us
barasha-sarma
Barasha Sarma | Published: 19 Sep 2024 17:10 PM

কচুতলিৰ উচ্ছেদ আৰু তাৰ আগে-পিছে অসমত হৈ থকা ঘটনাক্ৰমে অসমৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজক শংকিত কৰিছে ৷ সংবিধান ৰক্ষাৰ শপত লৈ চৰকাৰত বহা মুখ্যমন্ত্ৰী তথা আন চৰকাৰী বৰমুৰীয়াসকলে এটা সম্প্ৰদায়ক অসম বিধান সভাৰ ভিতৰে-বাহিৰে তুচ্ছ-তাচ্ছিল্য কৰি কেৱল সাংবিধানিক বিধি ব্যৱস্থাক পদাঘাত কৰাই নহয়, ৰাজ্যখনত স্পষ্ট সাম্প্ৰদায়িক বিভাজন আৰু সংঘাত সৃষ্টিত উদগণি যোগাইছে – এই মন্তব্য ইছলাম ধৰ্মাৱলম্বী বিদ্বত সমাজৰ প্ৰতিনিধিৰ।

১৮ ছেপ্টেম্বৰৰ নিশা গুৱাহাটীৰ ছয়মাইলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ মাজত এখন সভা অনুষ্ঠিত হয়।  সভাই ৰাজ্যৰ শাসক বিৰোধী উভয় ৰাজনৈতিক শিবিৰত থকা সৰহসংখ্যক জনপ্ৰতিনিধিৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰে ৷

সভাত অংশ গ্ৰহণ কৰি একাংশই কয় যে, বৰ্তমান পৰিস্থিতিৰ ফলত যিকোনে নেতিবাচক পৰিস্থিতি সৃষ্টি হ’ব পাৰে। এই সমূহ প্ৰতিৰোধৰ হকে ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ে সংখ্যাগুৰু সম্প্ৰদায়ৰ লগত অধিক সমন্বয় স্থাপনেৰে চৰকাৰক ৰাজধৰ্ম পালনৰ কথা সোঁৱৰাই দিয়াৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ হকে জনমত গঠনৰ প্ৰয়োজন বুলি কয়৷  লগতে সংখ্যালঘু সমাজৰ মাজত চলা কুসংস্কাৰ, অপৰাধ প্ৰৱণতাৰ বিৰুদ্ধেও এক ব্যাপক গণ সচেতনতা অভিযান চলোৱাৰ প্ৰয়োজন বুলি সভাই কয় ৷

উল্লেখযোগ্য যে শিৱসাগৰত ৩০ টা জনগোষ্ঠীয় সংগঠনে প্ৰথমে ব্যৱসায়ী গোষ্ঠীসমূহৰ সৈতে হোৱা সংঘাত, উক্ত গোষ্ঠীৰ প্ৰতিনিধিয়ে মন্ত্ৰী আৰু জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকৰ উপস্থিতিত আঁঠু কাঢ়ি ক্ষমা খোজা; আৰু তাৰ পাছত সেই পৰিস্থিতি ‘মিঞা খেদা’ অভিযানলৈ পৰিৱৰ্তন হেৱাৰ পাছত ৰাজ্যখন সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ হৈ উঠিছে৷  অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত  স্বয়ং চৰকাৰ পক্ষই অসম বিধান সভাৰ ভিতৰে-বাহিৰে দিয়া উচটনিমূলক বক্তব্য, তাৰ প্ৰতিক্ৰিয়া স্বৰূপে আন একাংশই প্ৰদান কৰা অবিবেচক উত্তেজক বক্তব্যই বিষয়বোৰ জটিল কৰি তুলিছে বুলি সভাই কয়৷

লগতে কয়, শিৱসাগৰৰ নাজিৰাত বিজেপিৰ জিলা সভাপতি ময়ুৰ বৰগোহাঁয়ে নামনি অসমৰ শ্ৰমিকক ১৫ লাখ টকাৰ পাৰিশ্ৰমিক নিদিবলৈ ‘মিঞা খেদা অভিযান’ৰ সূত্ৰপাত কৰাৰ পিছৰে পৰা দেখাক দেখি তেনে কিছু অপ্ৰীতিকৰ ঘটনাও উজনিৰ কিছু ঠাইত সংঘটিত হয়৷ বিপৰীতে নগাঁৱৰ জনদিয়েক মাছ ব্যৱসায়ীয়ে উজনি অসমলৈ মাছ প্ৰেৰণ নকৰাৰ অবিবেচক হুংকাৰ দিয়াৰ পিছতো ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

উল্লিখিত ধৰণৰ ঘটনা প্ৰৱাহে সৃষ্টি কৰা উত্তেজক, সন্দেহ-অহিশ্বাসৰ পৰিৱেশ শাম কটাৰ পূৰ্বে সোণাপুৰৰ কচুতলিত হোৱা উচ্ছেদ আৰু আৰক্ষীৰ গুলীত দুজনকৈ লোক নিহত হোৱা ঘটনাই ৰাজ্যত পুনৰ এক সাম্প্ৰদায়িক বিভাজন তথা ভয়-শংকাৰ পৰিৱেশ ৰচনা কৰে৷ এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ লাভেৰে ৰাজ্যৰ শান্তি-সম্প্ৰীতি-সমন্বয়-সংহতি কেনেকৈ অব্যাহত ৰাখিব পাৰি; তথা সংখ্যালঘু সমাজত – আনে অভিযোগ কৰা – কুসংস্কাৰ আৰু বৰ্ধিত অপৰাধৰ ঘটনাবোৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, তাৰ বিষয়ে আলোচনা কৰিবলৈ যোৱা নিশাৰ সভাখন অনুষ্ঠিত হয়৷

প্ৰগতিশীল যুৱনেতা মহছিন খান আৰু আইনৰ অধ্যাপক আব্দুল ৱাদুদ শ্বেখে মূলতঃ উদ্যোগ লোৱা সভাখনত অংশগ্ৰহণ কৰা উল্লেখযোগ্য ব্যক্তিসকলৰ অন্যতম আছিল বিশিষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, মাইজুদ্দিন মামুদ, প্ৰাক্তন অধ্যাপক আব্দুল মান্নান, প্ৰাক্তন ন্যায়াধীশ আনিছুৰ আলম, অসম অসামৰিক সেৱাৰ প্ৰাক্তন বিষয়া চৈয়দ ৰফিক আলী, কংগ্ৰেছৰ মুখপাত্ৰ মেহদি আলম বৰা, লেখক ডাঃ ৰেজাউল কৰিম, অসম জাতীয় পৰিষদৰ সম্পাদক জিয়াউৰ ৰহমান, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, সাংবাদিক আফ্ৰিদা হুছেইন, চাহজাহান তালুকদাৰ, জমছেৰ আলী, দিলৱাৰ হুছেইন মজুমদাৰ, কে জামান চৌধুৰী, গুলজাৰ চৌধুৰী আদি৷

সভাত উপস্থিত বক্তাসকলে এক মুখে কয় যে সংখ্যালঘু সমাজত – বিশেষকৈ উপযুক্ত শিক্ষাই স্পৰ্শ নকৰা নকৰা লোকসকলৰ মাজত কুসংস্কাৰ আৰু অপৰাধজনিত ঘটনাৰ হাৰ বেছি এইটো সত্য৷ কিন্তু সেই বুলি সমগ্ৰ মুছলমান সমাজখনকে তাৰ সৈতে সাধাৰণীকৰণ কৰি ভিলেইন সজাব খোজাটো এটা শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ এজেণ্ডা৷ আনহাতে বিপৰীত শিবিৰৰ আন জনদিয়েক ৰাজনৈতিক ব্যক্তি বা দলে নিজকে মুছলমানৰ ত্ৰাণকৰ্তা হিচাপে প্ৰক্ষেপ কৰিব বিচৰাৰ উদ্দেশ্যে শাসক পক্ষৰ সৈতে বুজাবুজিৰেই হওক বা আন কাৰণত হওক, শাসক পক্ষৰ জালত ভৰি দি সমগ্ৰ পৰিৱেশ বিনষ্ট কৰি আছে৷ এনে দুয়োধৰণৰ শক্তিৰ জালত ভৰি নিদি ৰাজ্যৰ সাতাম পুৰুষীয়া শান্তি-সম্প্ৰীতি-সমন্বয় অব্যাহত ৰখাটো সময়ৰ আহ্বান৷ এই ক্ষেত্ৰত ৰাজ্যৰ সংখ্যাগুৰু সম্প্ৰদায়ৰ আগশাৰীৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ মনৰ লোকসকলক লগত লৈ সমন্বয়ৰ বৰ অসমীয়া সমাজ গঢ়াৰ ওপৰত বক্তাসকলে গুৰুত্ব আৰোপ কৰে৷

প্ৰায় ৪ঘন্টাজুৰি চলৈ সভাৰ অন্তত ৫টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ প্ৰথম প্ৰস্তাৱত ৰাজ্যৰ সাতাম পুৰুষীয়া শান্তি-সম্প্ৰীতি-সমন্বয় ৰক্ষাৰ হকে জাতি-ধৰ্ম-বৰ্ণ সকলোকে লগত লৈ সকলো ধৰণৰ প্ৰয়োজনীয় ইতিবাচক পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়৷ দ্বিতীয় প্ৰস্তাৱত ইতিপূৰ্বে সামাজিক সংহতি বিনষ্ট কৰিব পৰা কথা কৈ বিভিন্ন পক্ষৰ যিসকল লোকে বক্তব্য প্ৰদান কৰি পৰিৱেশ কলুষিত কৰি আছে, তেওঁলোকক গৰিহণা দি ভৱিষ্যতে এনে বিভাজনকামী কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে৷ তৃতীয় প্ৰস্তাৱত সভাই ৰাজ্যৰ জাতীয়-জনগোষ্ঠীয় তথা সাহিত্য-সাংস্কৃতিক সংগঠন, সংবাদ মাধ্যম তথা বৌদ্ধিক শ্ৰেণী আৰু লগতে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ নেতৃবৃন্দক সাক্ষাৎ কৰি ৰাইজৰ উদ্বিগ্নতাৰ বিষয়ে অৱগত কৰি আলোচনা মৰ্মে সমাধানৰ পথ উদ্ভাৱনৰ সিদ্ধান্ত লোৱা হয়৷

চতুৰ্থ প্ৰস্তাৱত ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজধৰ্ম পালনৰ আহ্বান জনোৱাৰ সিদ্ধান্ত লোৱা হয়৷ একেটা প্ৰস্তাৱতে আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি আইনৰ সঠিক প্ৰয়োগ আৰু ৰক্ষণাবেক্ষনৰ আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ সাংবিধানিক মুৰব্বী ৰাজ্যপালক সাক্ষাৎ কৰি সমগ্ৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ পঞ্চম প্ৰস্তাৱত ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যিবোৰ এলেকাত কুসংস্কাৰ আৰু অপৰাধৰ হাৰ বেছি, সেইবোৰত মছজিদ-মাদ্ৰাছা-কানকাহ বা তবলীগ জামাত আদি প্ৰতিষ্ঠানৰ সহযোগত সচেতনতা অভিযান চলোৱাৰ সিদ্ধান্ত লোৱা হয়৷ অন্তিম প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল যেনে বি আৰ এছৰ নেতা চন্দ্ৰবাবু নাইডু আৰু জে ডি (ইউ)ৰ নেতা নীতিশ কুমাৰসহ অন্যান্যসকলক সাক্ষাৎ কৰি অসমৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

Latest News