জাগীৰোডত ভয়ংকৰ কাণ্ডঃ নৱম শ্ৰেণীৰ কিশোৰীৰ সৈতে জঘন্য কাণ্ড দুৰ্বৃত্তৰ
মৰিগাঁও জিলাৰ জাগীৰোডত এক দুৰ্বৃত্তৰ ঘৃণনীয় কাণ্ডৰ বলি হৈছে এগৰাকী কিশোৰী। অভিযোগ অনুসৰি নৱম শ্ৰেণীৰ কিশোৰীগৰাকীক অভিযুক্তই ফুচুলাই নি উপৰ্যুপৰি ধৰ্ষণ কৰে। ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।
ক্ৰমবৰ্ধিত ধৰ্ষণ তথা আন নাৰীজনিত অপৰাধৰ ঘটনাই জোকাৰিছে দেশ। ইটোৰ পিছত সিটোকৈ এনে ধৰণৰ জঘন্য কাণ্ডই দেশৰ নাৰী সুৰক্ষাৰ ফোঁপোলা স্বৰূপ উন্মোচিত কৰি তুলিছে। এনে ধৰণৰ ঘটনাসমূহে বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে সকলোকে। দেশৰ সমান্তৰালকৈ অসমতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা। শেহতীয়া সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত এনে কেইবাটাও জঘন্য ঘটনা পোহৰলৈ আহিছে। নাৰী সুৰক্ষাৰ প্ৰতি অহা ভাবুকিয়ে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক।
এইবাৰ এনে এক ঘৃণনীয় লজ্জাজনক কাণ্ড সংঘটিত হৈছে মৰিগাঁও জিলাৰ জাগীৰোডত। এক দুৰ্বৃত্তৰ ঘৃণনীয় কাণ্ডৰ বলি হৈছে এগৰাকী কিশোৰী। অভিযোগ অনুসৰি নৱম শ্ৰেণীৰ কিশোৰীগৰাকীক অভিযুক্তই ফুচুলাই নি উপৰ্যুপৰি ধৰ্ষণ কৰে। ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।
প্ৰকাশিত খবৰ অনুসৰি, জাগীৰোডৰ বাগানবস্তিত সংঘটিত হৈছে এই ঘটনা। বিজয় বিশ্বাস নামৰ এগৰাকী গাড়ী চালকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত মোমায়েকৰ ঘৰ অভিমুখে ৰাওনা হৈছিল ভুক্তভোগী কিশোৰীগৰাকী। সেই সময়তে অভিযুক্ত অজয় বিশ্বাসে কিশোৰীগৰাকীক ফুচুলাই তেওঁৰ সৈতে লৈ যায়।
ইয়াৰ পিছতে কিশোৰীগৰাকীক অজ্ঞাত স্থানলৈ নি নিশা উপৰ্যুপৰি ধৰ্ষণ কৰা বুলি অভিযুক্ত অজয় বিশ্বাসৰ বিৰুদ্ধে অভিযোগ উঠিছে। ইফালে ঘৰলৈ ঘূৰি আহি ভুক্তভোগী কিশোৰীগৰাকীয়ে এই ঘটনাৰ বিষয়ে পৰিয়ালৰ আগত অৱগত কৰে। কিশোৰীগৰাকীৰ মুখত এনে জঘন্য বিৱৰণ শুলি হচকিত হৈ পৰে পিতৃ-মাতৃ তথা পৰিয়ালৰ আন লোকসকল।
ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়াল স্থানীয় আৰক্ষীৰ কাষ চাপে আৰু কিশোৰীগৰাকীয়ে উল্লেখ কৰা মতে অভিযুক্ত অজয় বিশ্বাসৰ বিপক্ষে অভিযোগ দাখিল কৰে। পৰিয়ালৰ এই অভিযোগৰ ভিত্তিত জাগীৰোড আৰক্ষীয়ে অভিযুক্ত বিজয় বিশ্বাসক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে।
লক্ষণীয়ভাৱে ৰাজ্যত ক্ৰমবৰ্ধিত এনে ঘটনাক কেন্দ্ৰ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন শাসকীয় বিজেপি চৰকাৰক শেহতীয়াকৈ কঠোৰ সমালোচনাৰ লক্ষ্য কৰি লৈছিল আম আদমী পাৰ্টিৰ অসম শাখাই। দলটোৱে চৰকাৰী তথ্য মতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে শাসনভাৰ লোৱাৰ পাছত ২০২১ বৰ্ষত ১,৭৩৩ টা ২০২২ বৰ্ষত ১,১১৩ টা, ২০২৩ বৰ্ষত ৯৮৯ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়নভূক্ত থোৱা বুলি অভিযোগ কৰিছিল।
আনহাতে চলিত বৰ্ষত জুলাই মাহলৈকে ৫৮০ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে বুলি আপে দাবী কৰিছিল। বিগত আঠ বছৰত অসমত মুঠ ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে বুলি দাবী কৰিছিল আপে। ৰাজ্য কঁপাই যোৱা ধিং ধৰ্ষণ কাণ্ডৰ পিছত এক সংবাদ মেল যোগে আপে নাৰী সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰি এনে দাবী কৰিছিল।