প্ৰেম, লটাৰী আৰু চতুৰ্থ স্বামী! গাঁতৰ পৰা উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ, কোনে কৰিলে এই কাণ্ড…

এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিলাসীপাৰা। এমাহ পূৰ্বৰ পৰা নিৰুদ্দেশ হৈ থকা এগৰাকী মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় গাঁতৰ পৰা। এই ঘটনাৰ আঁৰত লটাৰী খেলৰ এক কাহিনীও পোহৰলৈ আহিছে লগতে স্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।

প্ৰেম, লটাৰী আৰু চতুৰ্থ স্বামী! গাঁতৰ পৰা উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ, কোনে কৰিলে এই কাণ্ড...

মৃতদেহ উদ্ধাৰ

Published: 

18 Nov 2024 19:16 PM

এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে বিলাসীপাৰা। সোমবাৰে বিলাসীপাৰাৰ টোকৰাবান্ধা পাহাৰত আৰক্ষীয়ে গাঁত খান্দি উদ্ধাৰ কৰে এগৰাকী নৱবিবাহিতা মহিলাৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ৰমেনা খাতুনৰ বুলি জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে যদিও মহিলাগৰাকী স্বামী তথা মূল অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

জানিব পৰা মতে ৰমেনা খাতুন নামৰ মহিলাগৰাকীৰ ঘৰ দক্ষিণ শালমাৰাৰ পাটাকাট গাঁৱত। প্ৰায় ৪ বছৰ পূৰ্বে ৰমেনা টোকৰাবান্ধা গাঁৱৰ ৰফিকুল ইছলামৰ লগত বিবাহ-পাশত আৱদ্ধ হৈছিল। দুয়োৰে আছিল প্ৰেম বিবাহ, প্ৰথমে প্ৰেম আৰু পাছত দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল। ৰফিকুল ইছলাম আছিল ৰমেনা খাতুনৰ চতুৰ্থ স্বামী। বিয়াৰ পাছত স্বামীৰ সৈতে ৰমেনা আছিল গুৱাহাটীৰ শান্তিপুৰৰ এটা ভাড়াঘৰত। ৰফিকুলে ই- ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰাৰ বিপৰীতে ৰমেনা খাতুনে মানুহৰ ঘৰে ঘৰে কাম বন কৰিছিল।

কিন্তু আজিৰ পৰা প্ৰায় এমাহ মান আগতে ৰমেনা নিৰুদ্দেশ হয় আৰু তেওঁৰ অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। অভিযোগ অনুসৰি ৰমেনা আৰু ৰফিকুলে মহিলা গোটৰ মাজত এখন লটাৰী খেল পাতিছিল। পাছত বহু মহিলাৰ পৰা মাহিলী ২ হাজাৰ টকাকৈ ধন সংগ্ৰহ কৰি কেইবালাখ টকা লৈ দুয়ো পলায়ন কৰিছিল। বিলাসীপাৰালৈ দুয়ো পলাই অহাৰ পাছতেই দীৰ্ঘদিন ধৰি সন্ধানহীন হৈ আছিল ৰমেনা। এই ঘটনাৰ পিছত গুৱাহাটীলৈ আহি ভৰলুমুখ আৰক্ষী থানাত পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ৰমেনাৰ স্বামী ৰফিকুলে। পৰৱৰ্তী সময়ত ৰমেনাৰ মাতৃয়েও দাখিল কৰিছিল এজাহাৰ।

এজাহাৰ দাখিলৰ পাছত এই ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে আৰু তদন্তত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰফিকুলৰ জ্যেষ্ঠ ভাতৃ হাবিজুল ইছলমাৰ লগতে কেইবাজনক আটক কৰি সোধা পোছা কৰে। হাবিজুলৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে বিলাসীপাৰাৰ টোকোৰাবন্ধাত এক্সকেভেটৰৰে গাঁত খান্দি ৰমেনা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰে। অভিযোগ অনুসৰি পত্নী ৰমেনা খাতুনক হত্যা কৰি স্বামী ৰফিকুলে গাঁতত পুতি থৈছিল। গুৱাহাটী, বিলাসীপাৰা আৰু চাপৰ আৰক্ষীয়ে এই হত্য়াকাণ্ডৰ অভিযান চলাই ইয়াৰ ৰহস্য পোহৰলৈ আনিবলৈ সক্ষম হয়।

তাৰপাছতে কামৰূপ মহানগৰ জিলা দণ্ডাধীশৰ উপস্থিতি সোমবাৰে গাঁত খান্দি উদ্ধাৰ কৰে ৰমেনাৰ মৃতদেহ। সন্দেহ কৰা হৈছে প্ৰায় এমাহ পূৰ্বে ৰমেনাক হত্যা কৰা হৈছে। এতিয়াও পলাতক অৱস্থাত আছে ৰমেনাৰ স্বামী ৰফিকুল ইছলাম। কি কাৰণে ৰফিকুলে নিজ স্বামীক হত্যা কৰিলে বা কেনেকৈ হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তত এই ঘটনাৰ কাৰণ আৰু অন্য তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

পৃথিৱীৰ এনে এখন দেশ, য’ত নাই এখনো কাৰাগাৰ! ক’ত ৰখা হৈছে বন্দীসকলক?
ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট
ছাল, চুলিৰ বাবে ভাল! আমলখিৰ উপকাৰিতাৰ বিষয়ে জানক...
ঘৰৰ মূল দুৱাৰত আইনা লগাব লাগে নে নাই? জানক ইয়াৰ আঁৰৰ কথা