Mission Basundhara: আনুষ্ঠানিকভাৱে মুকলি মিছন বসুন্ধৰা ৩.০, কোনে লাভ কৰিব সুবিধা, কেনেকৈ কৰিব আবেদন, জানক... | Mission basundhara 3.0 officially start himanta biswa sarma assam Assam news - Assam Tv9

Mission Basundhara: আনুষ্ঠানিকভাৱে মুকলি মিছন বসুন্ধৰা ৩.০, কোনে লাভ কৰিব সুবিধা, কেনেকৈ কৰিব আবেদন, জানক…

Mission basundhara: দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি হ'ল মিছন বসুন্ধৰা ৩.০। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Mission Basundhara: আনুষ্ঠানিকভাৱে মুকলি মিছন বসুন্ধৰা ৩.০, কোনে লাভ কৰিব সুবিধা, কেনেকৈ কৰিব আবেদন, জানক...

মিছন বসুন্ধৰা

Updated On: 

20 Oct 2024 16:57 PM

গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি হয় মিছন বসুন্ধৰা ৩.০।  এই আঁচনিৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো আনন্দৰ আৰু স্মৰণীয় দিন বুলি উল্লেখ কৰে। শৰ্মাই কয় যে, কভিডৰ প্ৰতিকূল সময়ৰ মাজতো আমি অসমৰ ঐতিহাসিক ৰাজহ ব্যৱস্থাটোত যুগান্তকাৰী সংস্কাৰৰ দিশত কথা  পাতিছিলো। তাৰ ফলত ২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰাৰ প্ৰসৱ হৈছিল আৰু ২০২২ চনৰ ৮ মে’ত প্ৰায় ৮ লাখ ১৩ হাজাৰ ৯৮১ খন আবেদন নিষ্পত্তিৰে মিছন বসুন্ধৰাৰ প্ৰথম সংস্কাৰণ আৰম্ভ কৰিছিলো”।

শৰ্মাই কয় যে ১৯৫১ চনত অসমত যিসকললোকৰ জন্ম হৈছিল আৰু যাৰ ৩ টা প্ৰজন্ম নিৰন্তৰে অসমত বাস কৰি আছে তেনে লোকসকল মিছন বসুন্ধৰা ৩.০ আঁচনিৰ দ্বাৰা উপকৃত হ’ব পাৰিব। শৰ্মাই জনাই যে, ৰাজ্যৰ ভূমিপুত্র হিচাপে অনুসূচিত শ্রেণী, অনুসূচিত জনজাতি, আদিবাসী, চাহ জনজাতি আৰু গোৰ্খাসকলে ৩ প্রজন্মৰ বংশ প্ৰমাণ পত্ৰ নিদিলেও এই সুবিধা লাভ কৰিব। ইয়াৰোপৰি ১৯৭১ চনৰ আগত যিসকলৰ বৈধ শৰণাৰ্থী প্ৰমাণপত্ৰ আছে সেইসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব।

তেওঁ কয়, মিছন বসুন্ধৰা ৩.০ ত যিমান নগৰ আছে তেওঁলোকে ভূমি পট্টাৰ বাবে কেৱল ১০ শতাংশ প্ৰিমিয়াম দিলে হ’ব। যদি কোনোৱে মাটি কিনা- বেচা কৰিছে তেন্তে ৫০ শতাংশ প্ৰিমিয়াম আদায় দিব লাগিব, যদি নগৰ অঞ্চলত আছাম টাইপৰ ঘৰ থাকে তেন্তে ৩ শতাংশ প্ৰিমিয়াম দিব লাগিব । এই ব্যৱস্থাৰ জৰিয়তে নগৰ অঞ্চলত থকা লোকসকলেও মিছন বসুন্ধৰা ৩.০ ত আবেদন কৰিব পাৰিব। নগৰ অঞ্চলত বিল্ডিং বা আৰ চি চি ঘৰ থাকিলে ১০ শতাংশ প্ৰিমিয়াম দিব লাগিব বুলি উল্লেখ কৰি শৰ্মাই কয় যে, কিনা- বেচা কৰিলে ৪০ শতাংশ প্ৰিমিয়াম আদায় দিব লাগিব।

তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমিহীনলোকক ভূমি প্ৰদান, দ্বিতীয় পৰ্যায়ৰ আবেদন কৰা লোকসকলকৰ স্থগিত ৰখা আবেদন পুনৰ নিৰীক্ষণ, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণৰ কাম আৰম্ভ, পূৰ্বৰ গ্ৰাম্য কিন্তু পাছত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিবৰ্তন, চাহ অনুদান ভূমিৰ পট্টাৰ শ্ৰেণী পৰিবৰ্তন আৰু পট্টা প্ৰদান কাৰ্যসূচী হাতত লোৱা হব। এই আটাই সেৱাৰ লাভ উঠাবলৈ Sewasetu.assam.govt.in ত আবেদন কৰিব পাৰিব বা ওচৰৰ ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ গৈ প্ৰয়োজনীয় নথি পত্ৰ দি আবেদন জনাব পাৰিব।

এই অনুষ্ঠানতে শৰ্মাই জিলাৰ উপাযুক্ত বা আন বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাই নামঘৰ, কবৰস্থান, শ্মশান আদিক ভূমিৰ পট্টা দিবলৈ আহ্বান জনায়। তেওঁ কয়, অসমত বহু ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান, আৰ্থিক প্ৰতিষ্ঠান আদি আছে, কিন্তু কাৰো ভূমি পট্টা নাই। গতিকে চৰকাৰী মাটিত নথকা প্ৰতি নামঘৰ, শ্মশনা, কবৰস্থান আদিক ভূমিৰ পট্টা দিব লাগে।  এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই শৰ্মাই।

 

Latest Stories
ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...