VIDEO : অসমত প্ৰথমবাৰৰ বাবে দেখা গ’ল মেঠোন…
শেহতীয়াকৈ পশু চিকিৎসা বিশেষজ্ঞসকলে মধ্য অসমৰ ডিমা হাছাও জিলাৰ তিনিটা দুৰ্গম অঞ্চল-লাইছং, লেংটিং আৰু থাইজুৱাৰীত মেঠোনে বিচৰণ কৰি থকা দেখা পাইছিল। জিলা পশুপালন আৰু পশু চিকিৎসাৰ এগৰাকী বিষয়াই জনোৱা মতে, এই অঞ্চলসমূহত জেমে নগাসকলে বসবাস কৰে আৰু তিনিওটা অঞ্চলত ২০০ৰো অধিক মেঠোন থকা বুলি ধাৰণা কৰা হৈছে ।
অসমত প্ৰথমবাৰৰ বাবে দেখা গ’ল মেঠোন । ইয়াৰ বৈজ্ঞানিক নাম হৈছে বছ ফ্ৰন্টালিছ । মেঠোন বিশেষভাৱে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ আৰু মিজোৰামৰ পাহাৰত দেখা পোৱা । উল্লেখ্য যে, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰাণী হৈছে মেঠোন । কিন্তু অসমত মেঠোনৰ বসতি আজিলৈকে কোনেও দেখা পোৱা নাছিল ।
পোন প্ৰথমবাৰৰ বাবে ডিমা হাছাওৰ পাহাৰত দেখা গৈছে মেঠোনৰ বসতি । ডিমা হাছাওৰ পাহাৰীয়া অঞ্চলত মেঠোন দেখা পোৱাক লৈ শেহতীয়াকৈ সামাজিক মাধ্যমৰ জৰিয়তে মনৰ অনুভৱ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই তথ্য শ্বেয়াৰ কৰি কয় যে, অসমে ইয়াৰ জৈৱ বৈচিত্ৰ্যত আন এক প্ৰাণীজগতৰ বন্ধু লাভ কৰিছে । আমাৰ প্ৰাণীজগত এতিয়াৰ পৰা মেঠোন অন্তৰ্ভুক্ত হৈছে । ডিমা হাছাওৰ পাহাৰীয়া অঞ্চলত মেঠোন (বছ ফ্ৰন্টালিছ)ৰ বিচৰণ দেখা পোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।
Assam adds another faunal friend to its biodiversity 🙌
In another beautiful addition to our animal kingdom diversity, we have recorded presence of Mithun (Bos Frontalis) in the Hilly areas of Dima Hasao.
This bovid species, native to Bharat’s Himalayan foothills in Arunachal… pic.twitter.com/9MovonmkbX
— Himanta Biswa Sarma (@himantabiswa) September 10, 2024
অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ হিমালয়ৰ পাদদেশৰ এই বভিড প্ৰজাতিটোৱে এতিয়া অসমত নতুন ঘৰ লাভ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ লগতে অসমৰ বন বিভাগে বহুমূলীয়া বনাঞ্চলসমূহৰ সুৰক্ষা, সংৰক্ষণ আৰু পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
উল্লেখ্য যে, শেহতীয়াকৈ পশু চিকিৎসা বিশেষজ্ঞসকলে মধ্য অসমৰ ডিমা হাছাও জিলাৰ তিনিটা দুৰ্গম অঞ্চল-লাইছং, লেংটিং আৰু থাইজুৱাৰীত মেঠোনে বিচৰণ কৰি থকা দেখা পাইছিল। জিলা পশুপালন আৰু পশু চিকিৎসাৰ এগৰাকী বিষয়াই জনোৱা মতে, এই অঞ্চলসমূহত জেমে নগাসকলে বসবাস কৰে আৰু তিনিওটা অঞ্চলত ২০০ৰো অধিক মেঠোন থকা বুলি ধাৰণা কৰা হৈছে ।
মাংস, গাখীৰ, বোজা কঢ়িয়াব পৰা ক্ষমতাৰ বাবে বহুমূলীয়া প্ৰাণী হৈছে মেঠোন । তদুপৰি মেঠোনে উত্তৰ-পূৰ্বাঞ্চলৰ বহু জনজাতীয় লোকৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।