5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মিঞাৰ দখলত হাজোৰ ঐতিহ্যমণ্ডিত কালী মন্দিৰ, হিমন্ত বিশ্বক বিশেষ আহ্বান স্থানীয় ৰাইজৰ

১৯৮৮ চনতে এই মন্দিৰটোৰ স্থাপন হৈছিল। চৰকাৰে এই মন্দিৰৰ নামত মাটি আৱন্টন দিছিল যদিও  এই মন্দিৰৰ ২৫ বিঘা মাটি এতিয়া মিঞাই দখল কৰি আছে। জানিব পৰা মতে চড়াবৰীৰ ৬৪৭, ৬৪৯ আৰু ৬৫০ নং ভূমি এতিয়া দখলকাৰীৰ কবলত।

মিঞাৰ দখলত হাজোৰ ঐতিহ্যমণ্ডিত কালী মন্দিৰ, হিমন্ত বিশ্বক বিশেষ আহ্বান স্থানীয় ৰাইজৰ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 22 Sep 2024 22:18 PM

তীৰ্থ নগৰী হাজো এতিয়া অস্বিত্বৰ সংকটত। গ্ৰেজিং ৰিজাৰ্ভৰ পাছত এইবাৰ কালী মন্দিৰ মিঞাৰ দখলত। চড়াবৰী ঐতিহ্যমণ্ডিত কালী মন্দিৰৰ ২৫ বিঘা মাটি মিঞাৰ দখলত থকা বুলি স্থানীয়লোকসকলে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ বিৰোধিতা কৰি অঞ্চলটোৰ একাংশলোক দেওবাৰে ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয়লোকসকলে কয় যে, তেওঁলোকৰ বিৰোধিতা কৰিলে মিঞাসকলে বিভিন্ন ধৰণে ভাবুকি দিয়ে। যাৰ বাবে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে।

স্থানীয় ৰাইজে জনাই যে ১৯৮৮ চনতে এই মন্দিৰটোৰ স্থাপন হৈছিল। চৰকাৰে এই মন্দিৰৰ নামত মাটি আৱন্টন দিছিল যদিও  এই মন্দিৰৰ ২৫ বিঘা মাটি এতিয়া মিঞাই দখল কৰি আছে। জানিব পৰা মতে চড়াবৰীৰ ৬৪৭, ৬৪৯ আৰু ৬৫০ নং ভূমি এতিয়া দখলকাৰীৰ কবলত। এই মাটি অতি শীঘ্ৰেই বেদখল মুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে।

আজি স্থানীয় ৰাইজে এই ক্ষেত্ৰত প্ৰতিবাদ কৰি মিঞাৰ দপদপনি নচলিব, ভূমি বেদখল মুক্ত কৰক আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। স্থানীয় ৰাইজে কয় যে এই বেদখলকাৰীসকলৰ বাবে এতিয়া খিলঞ্জীয়াসকল অস্তিত্বৰ সংকটত ভূগিছে। লাহে  লাহে মিঞা সম্প্ৰদায়ৰ এই লোকসকলে অধিক ভূমি দখল কৰি আহিছে। ইয়াৰোপৰি একাংশ দুখীয়ালোকৰ পৰা কম টকাতে মিঞাই ভূমি ক্ৰয় কৰে বুলি স্থানীয়লোকসকলে জনায়।

উল্লেখ্য যে, যোৱা কেইটামান দিনত অসমত মিঞা কেন্দ্ৰিক বিতৰ্কই যথেষ্ঠ চৰ্চা লাভ কৰিছে। উজনি অসমৰ পৰা আৰম্ভ হোৱা এই বিতৰ্ক লাহে লাহে নামনি আৰু মধ্য অসমলৈ বিয়পি পৰিছিল। এই বিষয়ত হস্তক্ষেপ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন নেতা মন্ত্ৰীসকলেও।

উজনি অসমত বীৰ লাচিত সেনাকে ধৰি একাংশ সংগঠনে চলাইছিল মিঞা খেদা অভিযান। ইয়াৰ পাছত বহু সংখ্যক মিঞাই উজনি অসমলৈ ঢাপলি মাৰিছিল। এই সকলোবোৰৰ মাজতে নগাঁৱৰ পৰা উজনি অসমলৈ কেইদিনমানৰ বাবে মাছ সৰবৰাহ কৰাও বন্ধ কৰি দিছিল।

উজনি অসমৰ মিঞা খেদা অভিযানৰ বিৰোধিতা কৰি বিধায়ক আশ্ৰাফুল হুচেইনে এক উচতনিমূলক মন্তব্য দিছিল। তেওঁ কৈছিল যেতিয়ালৈকে উজনি অসমৰ মানুহে তামোলাৰ বঁটা দি সন্মান সহকাৰে নামাতে তেতিয়ালৈকে উজনি অসমলৈ মিঞা যাব নালাগে। ইয়াৰোপৰি বিধায়কগৰাকীয়ে শৃংখলা চলিহাকো বিশৃংখল আখ্যা দিছিল। যোৱা কেইটামান মাহ ধৰি মিঞা বিতৰ্কক লৈ অভিযোগ- প্ৰতিঅভিযোগ চলি থকা দেখা গৈছে।

এই ঘটনাক্ৰমৰ মাজতেই কিছুদিন পূৰ্বে সোণাপুৰত চলিছিল  উচ্ছেদ। সোণাপুৰত বেদখল কৰি থকা ভূমি চৰকাৰ তথা প্ৰশাসনে মুক্ত কৰিছিল আৰু এই কাৰ্যক উজনি অসমৰ বিভিন্ন সংগঠনৰ লগতে ব্যক্তি বিশেষেও সমৰ্থন জনাইছিল। পৰৱৰ্তী সময়ত বহুলোক ওলাই আহি মিঞাই দখল কৰি থকা অন্য ঠাইও বেদখল কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছিল। ইয়াৰ মাজতে এতিয়া হাজোৰ জনগনে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে। গতিকে মিঞাই বেদখল কৰি ৰখা কালী মন্দিৰৰ ভূমি প্ৰশাসনে বেদখলমুক্ত কৰে নে নাই সেয়া সময়ত হ’ব লক্ষণীয়।

 

Latest News