5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গৌৰৱৰ ক্ষণঃ অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি

অসমীয়া ভাষাই লাভ কৰিছে ধ্ৰুৱদী ভাষাৰ স্বীকৃতি। আজি কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰাৰ লগে লগে অসমীয়া ভাষাই এই স্বীকৃতি লাভ কৰে। কেন্দ্ৰীয় কেবিনেটে অনুমোদন প্ৰদান কৰাৰ পিছতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যম যোগে এই বিষয়ে সদৰী কৰিছে।

গৌৰৱৰ ক্ষণঃ অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি
অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি
monjit-dutta
Monjit Dutta | Updated On: 03 Oct 2024 22:12 PM

ৰাজ্যবাসীৰ বাবে এক গৌৰৱময় খবৰ। ধ্ৰুৱদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে অসমীয়া ভাষাই। আজি কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰাৰ লগে লগে অসমীয়া ভাষাই এই স্বীকৃতি লাভ কৰে। কেন্দ্ৰীয় কেবিনেটে অনুমোদন প্ৰদান কৰাৰ পিছতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যম যোগে এই বিষয়ে সদৰী কৰিছে। এক টুইট যোগে তেওঁ এই খবৰ সদৰী কৰি এয়া প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ হিচাপে আখ্যা দিয়ে।

তেওঁ কয়, “শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ আজিৰ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষা (Classical Language)ৰ মৰ্যাদা প্ৰদানত অনুমোদন।ইয়াৰ পূৰ্বে ভাৰতত মুঠ ছয়টা ভাষাকহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল। এই শাৰীত ধ্ৰুপদী ভাষা হিচাপে নতুনকৈ সংযোজিত হ’ল অসমীয়া ভাষা।”

“এয়া সঁচাকৈয়ে এক আনন্দৰ বতৰা, এক দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত। চিৰ চেনেহী ভাষা জননীৰ এই মৰ্যাদাপ্ৰাপ্তিৰ যাত্ৰাত উল্লেখযোগ্য অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিকেই ধন্যবাদ জনাইছোঁ।”- টুইটটোত এইদৰে কয় সৰ্বানন্দ সোণোৱালে। তেওঁ লগতে এই স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ৰাজ্যবাসীৰ হৈ ধন্যবাদ জনায়।

সমান্তৰালকৈ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ভূমিকাৰো শলাগ লয় সোণোৱালে। অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰ, সুৰক্ষাৰ বাবে অনাগত সময়ত ন উদ্যমেৰে কাম কৰি যোৱাৰ সংকল্প ল’বলৈ তেওঁ লগতে সকলোকে আহ্বান জনায়। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এক টুইট যোগে অসমীয়া ভাষালৈ এই স্বীকৃতিক এক বিৰল প্ৰাপ্তি আখ্যা দিয়ে।

“প্ৰাণৰ ‘অসমীয়া ভাষা’টিলৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা– কথাটিয়েই মনটো ভৰাই তুলিছে৷ হয়তো একে অনুভৱেৰে আপুনিও মহীয়ান হৈছে৷ অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰক অসমবাসীৰ হৈ অযুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই মৰ্যাদাই আমাৰ প্ৰাচীন ভাষাটিক এক নান্দনিক অলংকাৰ পিন্ধালে৷”- টুইট যোগে তেওঁ কয়।

তেওঁ লগতে টুইটটোত কয়, “প্ৰাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা-সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে৷ আজিৰ এই ঐতিহাসিক সিদ্ধান্তৰ দ্বাৰা আমি আমাৰ প্ৰিয় মাতৃভাষাটিক জগত সভালৈ লৈ যাবলৈ সক্ষম হ’ম, ভাষাটিক সংৰক্ষণৰ দিশত আমি আটায়ে নিশ্চিতভাৱে অধিক দায়বদ্ধ হ’ম৷”

“এই সন্মান আমাৰ বৈচিত্ৰ্যৰ মাজত এক হৈ থকা সমাজখনলৈ; এই সন্মান অসমৰ মহাপুৰুষ, চিন্তাবিদ, সাহিত্যিক, দাৰ্শনিক, প্ৰজ্ঞাৰ সাধক তথা অসমৰ সৰ্বস্তৰৰ জনসাধাৰণলৈ৷ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যিসকলে ত্যাগ কৰি গৈছে শতসহস্ৰ প্ৰণিপাত তেখেতসকললৈ৷ সঁচাকৈয়ে আজি মোৰ জীৱনৰ অন্যতম এটি সুখৰ দিন।”- এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে অসমীয়া ভাষাৰ পূৰ্বে তামিল, সংস্কৃত, কান্নাড়া, মালায়ালম, ওড়িয়া আৰু তেলেগু- এই ছয়টা ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হৈছিল। আজি কেন্দ্ৰীয় কেবিনেটে অসমীয়াৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বঙালী ভাষাকো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে।

Latest News