আজি মহো-হোঃ জানক নামনি অসমত প্ৰচলিত এই উৎসৱ কেনেকৈ পালন কৰা হয়
"অ’হোহো মহোহো।মহ খেদবা টাকান লৌ॥ মহে বোলে মল্লু দে।টেপল পুৰা খালু দে॥টেপলত নহ’ল নুন।চাউল লাগে দুণ দুণ" আজি মহোহো। প্ৰতিবছৰে আঘোণৰ পূৰ্ণিমাৰ দিনা মহোহো পালন কৰা হয়। বিশেষকৈ নামনি অসমত মহোহো উৎসৱৰ প্ৰচলন বেছি।
নামনি অসমৰ এটা জনপ্ৰিয় উৎসৱ মহ খেদা বা মহো-হো। অতীজৰে পৰা নামনি অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ পালন হৈ আহিছে। প্ৰতিবছৰৰ আঘোণৰ পূৰ্ণিমাৰ দিনা মহো-হো উৎসৱ পালন কৰা হয়। পূৰ্বতকৈ এই উৎসৱৰ জনপ্ৰিয়তা কিছু হ্ৰাস হ’লেও পৰম্পৰা এতিয়াও মাৰ যোৱা নাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও মহোহো উদযাপন দেখিবলৈ পোৱা যায়। বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং, বাক্সা আদি জিলাত ইয়াৰ প্ৰচলন দেখা যায়। কোৱা হয়, এই দিনটোত মহবোৰক খেদি দিয়া হয় আৰু মহৰ পৰা ৰাইজে পৰিত্ৰাণ পায়।
কেনেকৈ আহিল শব্দ
প্ৰচলিত কথা অনুসৰি অসমীয়াৰ ‘মহ’ আৰু বড়ো ভাষাৰ ‘হো’ শব্দ লগ হৈ মহোহো শব্দৰ সৃষ্টি হৈছিল। ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগ আছে। গোৱালপাৰৰ কিছু অংশত ইয়াক এউৰি বা ওৰি মাগা বুলি জনা যায়। ঠিক তেনেকৈ দৰঙত মহৌ খেদা মইহ খেদা বা মহ খেদা বুলি জনা যায়। আনহাতে কামৰূপত মহৌ-হৌ, নলবাৰীত ভালোক দিয়া বা ভাল-ভৌলকা বা মহোহো, বৰপেটাৰ ঠাইবিশেষে ভাওল দিয়া বা ভাও লালীয়া, বজালীত মহোহো আদি বিভিন্ন নামেৰে জনা যায়।
কেনেকৈ পালন কৰা হয়
আঘোণৰ পূৰ্ণিমাৰ দিনা মহোহো পালন কৰা হয়। গাঁৱৰ গৰখীয়া আৰু চেমনীয়া যুৱকসকলে আনন্দৰে এই উৎসৱ পালন কৰে। এই দিনটোৰ সন্ধিয়াৰ ভাগত ডেকাসকলে হাতত বাঁহৰ টাঙোন বা থৰকা লৈ ঘৰে ঘৰে ঘৰে গৈ গীত গায়। ইয়াকে মহোহো বুলি কোৱা হয়। দলটোৰ এজন দলপতি থাকে, তেওঁৰ প্ৰথমে মহোহো গীতৰ এটা শাৰী গাই দিয়ে আৰু বাকীবোৰে পাছে পাছে গায়। শেষত গৃহস্থই তেওঁলোকক চাউল বা টকা আদি আগবঢ়াই আৰু তেওঁলোকে গৃহস্থক আশীৰ্বাদ দিয়ে। এনেকৈ গাঁৱৰ প্ৰতি ঘৰে ঘৰে ডেকাসকলে মহ খেদিবলৈ যায়। পৰৱৰ্তী সময়ত এই টকা বা চাউলেৰে ডেকাসকলে ভোজ খাই আনন্দ কৰে।
এই উৎসৱৰ লগত সংগতি ৰাখি পৰম্পৰাগতভাৱে কিছুমান গীত চলি আছে। নামনি অসমত গোৱা বা পূৰ্বৰ পৰা প্ৰচলিত এটা মহোহো গীত এনেধৰৰ- অ’হোহো মহোহো।মহ খেদবা টাকান লৌ॥ মহে বোলে মল্লু দে।টেপল পুৰা খালু দে॥টেপলত নহ’ল নুন।চাউল লাগে দুণ দুণ॥বাঁহৰ পাত চিকিমিকি।আমাক নাংগে আধলি-সিকি॥ বাঁহৰ পাত পকা। আমাক লাগে টকা... আদি। আৰু এটা গীত এনেধৰণৰ- আঘোণৰ মাহত পূৰ্ণিমা হ’ল, মহ খেদবা হুকুম হ’ল। মহে বুলে মইল্লু দে টেপল পুৰা খালু দে… আদি।
জন বিশ্বাস
অসমৰ প্ৰতিটো উৎসৱৰ সৈতে জনবিশ্বাস জড়িত হৈ থাকে।কোৱা হয়, এই দিনটোত ঘৰে ঘৰে গৈ মহ খেদিলে মহবোৰে ভয় খাই আঁতৰি যায়। উল্লেখ্য যে, এই সময়চোৱাত ঘৰত মহ, পথাৰত কীট পতংগ আদি ভৰি পৰে। লোকবিশ্বাস অনুসৰি মহোহোৰ পাছতেই মহবোৰ কমি যায় আৰু ইয়াৰ পাছতেই খেতিয়কে ধান দোৱা আৰম্ভ কৰে।