ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা, এইবাৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক CIDৰ বিষয়া!
শেহতীয়াকৈ ৰাজ্যত ট্ৰেডিঙৰ নামত একাংশ লোকে অবাধে শ শ কোটি টকা ধন লুণ্ঠন কৰি অহাৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰা সৰোজ ডেকাৰ নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে। তেওঁ বৰ্তমান অসম আৰক্ষীৰ CIDৰ এজন বিষয়া৷ গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে সৰোজ ডেকাক।
ৰাজ্যত বৰ্তমান সময়ত চৰ্চাত থকা এটা বিষয় হ’ল অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা। কম ধনৰ বিনিময়ত বেছি ধন লাভৰ আশাকে একাংশ গ্ৰাহতে এনে প্ৰৱঞ্চক, ধুৰসকলৰ প্ৰৱঞ্চনাৰ বলি হয়। গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা কোটি কোটি ধনেৰে বিলাসী জীৱন কটোৱা এই সকললোকে নিজৰ বাবে কৰি লৈছে হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি। শেহতীয়াকৈ ৰাজ্যত ট্ৰেডিঙৰ নামত একাংশ লোকে অবাধে শ শ কোটি টকা ধন লুণ্ঠন কৰি অহাৰ তথ্য পোহৰলৈ আহিছে।
এনে প্ৰৱঞ্চনাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি চলা আৰক্ষীৰ অভিযানত ভিন্ন স্থানত বহু প্ৰৱঞ্চক গ্ৰেপ্তাৰ হৈছে। শোণিতপুৰ আৰক্ষীয়েও এই পৰ্যন্ত অভিযান চলাই বহু কেইজনক আটক কৰিছে। এইবাৰ ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰা সৰোজ ডেকাৰ নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে। তেওঁ বৰ্তমান অসম আৰক্ষীৰ CIDৰ এজন বিষয়া৷ গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে সৰোজ ডেকাক।
বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষীয়ে ট্ৰেডিঙৰ নামত অবৈধভাৱে ধন সংগ্ৰহত জড়িত থকাৰ বাবে অঞ্জন চুপ্ৰিম’ দাস নামৰ এজন যুৱকক আটক কৰিছিল। এই যুৱকজনৰ তথ্যৰ ভিত্তিতে আজি চাৰিদুৱাৰ আৰক্ষীয়ে ১৪৬/২৪ গোচৰ নম্বৰৰ আধাৰত CIDত কৰ্মৰত এজন বিষয়াক আটক কৰিছে।সৰোজ ডেকাক গুৱাহাটীত গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাওনা হৈছে চাৰিদুৱাৰ আৰক্ষী।
CIDৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত ডেকাই ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰিছিল যদিও তাত Provident Fundৰ কামত বিসংগতি কৰাত তেওঁক CIDৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছিল৷ তেওঁলোকে minningtradeexchange.com নামৰ এটা নিজাকৈ ৱেবচাইট খুলি ৰাজ্যজুৰি প্ৰৱঞ্চনাৰ জাল মেলিছিল।বৰ্তমান সৰোজ ডেকাক চাৰিদুৱাৰ থানাত জেৰা চলাই আছে আৰক্ষীয়ে৷ অভিযোগ অনুসৰি অঞ্জন সুপ্ৰিয় আৰু সুৰোজ ডেকাই কেৱল চাৰিদুৱাৰ অঞ্চলতে প্ৰায় ৫০ লাখ টকা সংগ্ৰহ কৰিছিল।
এই সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, “ষ্টকত নিজৰ টকাৰে ব্যৱসায় কৰক, আনৰ টকাৰে ব্যৱসায় কৰিব নোৱাৰে৷ এই ব্যৱসায়টো সম্পূৰ্ণভাৱে অবৈধ। এই ব্যৱসায়ৰ লগতে জড়িত আটাইকে আইনৰ আওতালৈ আনিবলৈ অসম পুলিচক স্পষ্ট নিৰ্দেশ দিয়া হৈছে।”