শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চাৰি বছৰত ২.৪৩ কোটি পৰ্যটকে ভ্ৰমণ কৰিলে অসম

২০২১-২২ চনৰ পৰা ২০২৪-২৫ পৰ্যটন বৰ্ষৰ ডিচেম্বৰলৈকে ৰাজ্যখনলৈ অহা পৰ্যটকৰ মুঠ সংখ্যা ২,৪৩,৬৪,১৮০ জন । ইয়াৰে ৬০,৩০৬জন বিদেশী পৰ্যটক ।

চাৰি বছৰত ২.৪৩ কোটি পৰ্যটকে ভ্ৰমণ কৰিলে অসম
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Published: 11 Mar 2025 19:53 PM

বিগত চাৰি বছৰত ২.৪৩ কোটিৰো অধিক পৰ্যটক অসমলৈ আহিছে । পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মঙলবাৰে বিধানসভাত দাখিল কৰে এই তথ্য । নিৰ্দলীয় বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত দাসে কয় যে ২০২১-২২ চনৰ পৰা ২০২৪-২৫ পৰ্যটন বৰ্ষৰ ডিচেম্বৰলৈকে ৰাজ্যখনলৈ অহা পৰ্যটকৰ মুঠ সংখ্যা ২,৪৩,৬৪,১৮০ জন । ইয়াৰে ৬০,৩০৬জন বিদেশী পৰ্যটক বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।

২০২২-২৩ বৰ্ষত সৰ্বাধিক পৰ্যটকৰ সংখ্যা আছিল ৯৮,৩১,১৪১ । তাৰ পিছতে ২০২৩-২৪ চনত ৰাজ্যখন ভ্ৰমণ কৰিছিল ৭০,৬৭,৩৩৫ পৰ্যটকে । ২০২১-২২ চনত পৰ্যটকৰ সংখ্যা আছিল ১৭,০২,৯৩২ । আনহাতে ২০২৪-২৫ চনত (ডিচেম্বৰ পৰ্যন্ত) ৫৭,৬২,৭৭২ জন পৰ্যটকৰ সংখ্যা আছিল । এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে পৰ্যটন খণ্ডক প্ৰসাৰিত কৰাৰ বাবে আন্তঃগাঁথনি উন্নয়ন, প্ৰচাৰ, দক্ষতা বিকাশৰ আঁচনি গ্ৰহণ কৰি আহিছে ।

নদী পৰ্যটনৰ প্ৰসাৰৰ বাবে বিভাগটোৱে ১৯৯১-৯২ চনত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীত ‘জলপৰী’ আৰু ২০১১-১২ চনত গুৱাহাটীৰ পৰা মাজুলীলৈ ‘মহাবাহু’ নামৰ বিলাসী ক্ৰুজ সেৱা আৰম্ভ কৰে । তদুপৰি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত গুৱাহাটীৰ আঠটা প্ৰধান ধৰ্মীয় গন্তব্যস্থান আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ সংযোগ কৰি ‘হপ অন হপ অফ’ নাও সেৱাৰ পৰিকল্পনা চলি আছে ।

ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ লিমিটেড, ৰাজ্যৰ পৰ্যটন বিভাগ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, অসমৰ যৌথভাৱে এটা নতুন সংস্থা গঠন কৰা হৈছে । দাসে লগতে কয় যে ইয়াক ‘ব্ৰহ্মপুত্ৰ সাগৰমালা মন্দিৰ দৰ্শনম এছ পি ভি প্ৰাইভেট লিমিটেড’ নামেৰে নামকৰণ কৰা হৈছে আৰু প্ৰকল্পটো ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।