৬ বছৰীয়া শিশুৰ লগত ৭৫ বছৰীয়া বৃদ্ধৰ জঘন্য কাণ্ড, গ্ৰেপ্তাৰ…
ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক জঘন্য ঘটনা। এগৰাকী ৭৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এটি ৬ বছৰীয়া শিশু।

তাহেৰ উদ্দিন
ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, ধৰ্ষণ, লুণ্ঠন আদি ঘটনাই নিদ্ৰা কাঢ়িছে বহুতৰ। একাংশ পাষাণ মনৰ লোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী শিশু কামনাৰ বলি হয় এজন বৃদ্ধৰ। জানিব পৰা মতে, অপকৰ্ম সংঘটিত কৰা লোকজনৰ বয়স প্ৰায় ৭৫ বছৰ। এই ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। লগতে শিশুৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতিও চিন্তিত হৈ পৰিছে সচেতন নাগৰিক।
এই জঘন্য কাণ্ড সংঘটিত হৈছে মৰিগাঁৱৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত। অভিযোগ অনুসৰি, মছজিদৰ চৌহদত এটি শিশুৰ লগত অপকৰ্ম সংঘটিত কৰে গাঁৱৰে এজন বৃদ্ধই। এই কাণ্ড সংঘটিত কৰা লোকজন ৭৫ বছৰীয়া ধৃত তাহেৰ উদ্দিন বুলি চিনাক্ত হৈছে। তেওঁৰ ঘৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱত।
ঘটনাৰ বিৱৰণী অনুসৰি ৬ বছৰীয়া এটি শিশুক ফুচুলাই মাতি নি মছজিদৰ ওচৰত অপকৰ্ম সংঘটিত কৰে তাহেৰ উদ্দিনে। শিশুটিৰ পৰিয়ালে এই কথা গম পোৱাৰ লগে লগে আৰক্ষীক অৱগত কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত চলাই তাহেৰ উদ্দিনক গ্ৰেপ্তাৰ কৰে। তাহেৰ উদ্দিনৰ বিৰুদ্ধে 66/25 নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। লগতে 76BNS/R.W আৰু Sec10 of POCSU ৰ অধীনত মৈৰাবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
উল্লেখ্য যে, বৃদ্ধ তাহেৰ উদ্দিন লাখুটি লৈ চলা ফিৰা কৰিব লগা হয়। কিন্তু তাৰ পাছতো তেওঁৰ নিকৃষ্ট মানসিকতাৰ বলি হ’ল এটি ৬ বছৰীয়া শিশু। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ বিপৰীতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।