মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা এজন কয়দীৰ মৃতদেহ উদ্ধাৰ…
কাৰাগাৰৰ পৰা পলায়ন কৰা পাঁচ কয়দীৰ মাজৰে এজনৰ মৃতদেহ উদ্ধাৰৰ খবৰ লাভ কৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি, মৰিগাঁও জিলাৰ লাহৰিঘাট অঞ্চলৰ এটা মেটেকাই ভৰা পুখুৰীৰ পৰা উদ্ধাৰ হয় কয়দীজনৰ মৃতদেহ ।
মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা পাঁচ কয়দীৰ মাজৰে এজনৰ মৃতদেহ উদ্ধাৰৰ খবৰ লাভ কৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি, মৰিগাঁও জিলাৰ লাহৰিঘাট অঞ্চলৰ এটা মেটেকাই ভৰা পুখুৰীৰ পৰা উদ্ধাৰ হয় কয়দীজনৰ মৃতদেহ । জানিব পৰা মতে, মৃত কয়দীজনৰ নাম হৈছে আব্দুল ৰছিদ । উল্লেখ্য যে, যোৱা ১০ অক্টোবৰ তাৰিখে নিশা মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পাঁচজন কয়দী পলায়ন কৰিছিল । এই খবৰ প্ৰকাশ পোৱাৰ পাছতে এই ঘটনাই ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল । মনকৰিবলগীয়া যে, এখন কাৰাগাৰৰ পৰা পাঁচ জনকৈ কয়দী পলায়ন কৰা ঘটনাটো এটা চিন্তাৰ বিষয় ।
ইফালে, পলায়ন কৰা এজন কয়দীৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও আন চাৰিজন কয়দীৰ সন্ধান এতিয়াও লাভ কৰা নাই মৰিগাঁও আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, আন চাৰিজন কয়দী এতিয়াও পলাতক অৱস্থাত আছে । সূত্ৰ খবৰ অনুসৰি, কৰ্তৃপক্ষই পলাতক অৱস্থাত থকা বাকী কয়দী কেইজনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰিছে বুলি জানিব পৰা গৈছে ।
কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ সন্দৰ্ভত স্থানীয় সূত্ৰই সদৰী কৰিছে যে, স্থানীয় একাংশ লোকে লাহোৰিঘাট অঞ্চলৰ মেটেকাই ভৰি থকা এখন বিলত কয়দীজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে । ইয়াৰ পাছতে লোকসকলে স্থানীয় আৰক্ষীক খবৰ দিয়ে । ইয়াৰ সমান্তৰালভাৱে কয়দীজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে স্থানীয় আইন প্ৰয়োগকাৰী সংস্থাই কয়দীজনৰ মৃত্যু হোৱাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
মৰিগাওঁ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দী কেইজনৰ নাম হৈছে- চাইফুদ্দিন, জীয়াৰুল ইছলাম, নুৰ ইছলাম, মাফিদুল, আব্দুল ৰচিদ। সূত্ৰ খবৰ অনুসৰি, POCSO অধীনৰ এটা বিচাৰাধীন গোচৰত কাৰাবন্দী হৈ আছিল কয়দী কেইজন । খবৰ অনুসৰি, কয়দী কেইজনে কাৰাগাৰৰ ভিতৰৰ বেৰেকৰ ৰ’ড ভাঙি কাৰাগাৰৰ পৰা ওলায় যায় আৰু তেওঁলোকে ব্যৱহাৰ কৰিবলৈ দিয়া কম্বল, লুঙি, বিচনাৰ চাদৰ আদি জোৰা লগাই জে’লৰ প্ৰায় ২০ ফুট উচ্চতাৰ দেৱাল বগাই পলায়ন কৰে।