5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

লজ্জাজনক, ছাত্ৰীক নিৰ্যাতনৰ অভিযোগত মৰিগাঁৱত প্ৰেপ্তাৰ হ’ল শিক্ষক!

গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানিলে এজন শিক্ষকে। ছাত্ৰীৰ ওপৰত বেয়া নজৰ দিয়া শিক্ষক জুৱাহিৰ হুছেইনক এসেকা দিলে ক্ষুদ্ধ ৰাইজে। যাক লৈ মৰিগাঁৱৰ এখন বিদ্যালয়ত সৃষ্টি হৈছে উত্তেজনা। বিদ্যালয়ত উপস্থিত হৈ ক্ষোভ উজাৰিলে অভিভাৱক তথা গাঁৱৰ ৰাইজে।

লজ্জাজনক, ছাত্ৰীক নিৰ্যাতনৰ অভিযোগত মৰিগাঁৱত প্ৰেপ্তাৰ হ’ল শিক্ষক!
ছাত্ৰীক নিৰ্যাতনৰ অভিযোগত মৰিগাঁৱত প্ৰেপ্তাৰ হ’ল শিক্ষক!
trishna-kalita
Trishna Kalita | Updated On: 15 Dec 2024 11:55 AM

গুৰু-শিষ্যৰ সম্পৰ্কক আটাইতকৈ পবিত্ৰ বুলি কোৱা হয়। পিতৃ-মাতৃৰ পাছত গুৰু আমাৰ জীৱনৰ অন্যতম মাৰ্গদৰ্শক। কিন্তু সেই গুৰুৱে যদি শিষ্যক বেয়া দৃষ্টিৰে তেন্তে, তেওঁক মাৰ্গদৰ্শক বুলি ক’ব পাৰিনে? এনেই বহু ঘটনা সংঘটিত হৈ আহিছে আমাৰ সমাজত। শিক্ষক হোৱাৰ সুযোগ গ্ৰহণ কৰি মহান বৃত্তিটোক কলুষিত কৰে একাংশই।

ৰাজ্যত সংঘটিত হৈছে এনে এক ঘটনা। গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানিলে এজন শিক্ষকে। ছাত্ৰীৰ ওপৰত বেয়া নজৰ দিয়া শিক্ষক জুৱাহিৰ হুছেইনক এসেকা দিলে ক্ষুদ্ধ ৰাইজে। যাক লৈ মৰিগাঁৱৰ এখন বিদ্যালয়ত সৃষ্টি হৈছে উত্তেজনা। বিদ্যালয়ত উপস্থিত হৈ ক্ষোভ উজাৰিলে অভিভাৱক তথা গাঁৱৰ ৰাইজে।

শিক্ষক জুৱাহিৰ হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। মৰিগাঁৱৰ বৰচকাবাহা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জুৱাহিৰ হুছেইন। অভিযোগ উত্থাপন হোৱাৰ পাছত বিদ্যালয়খনৰ ভিতৰতে শনিবাৰে একাংশ ক্ষুব্ধ অভিভাৱক আৰু গাঁৱৰ ৰাইজে মাৰপিট কৰে শিক্ষকজনক। তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকীক যৌন নিৰ্যাতনৰ অভিযোগত বিদ্যালয়তেই ৰাইজে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে শিক্ষকজনক ।যাৰ ফলত বিদ্যালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

ৰাইজে উত্থাপন কৰা অভিযোগৰ ভিত্তিত লম্পট শিক্ষকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি জে’ললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। এই লম্পট প্ৰকৃতিৰ শিক্ষকজন হৈছে- বৰচকাবাহা প্ৰাথমিক বিদ্যালয়ৰ ৫৫ বছৰীয়া জুৱাহিৰ হুছেইন। কেৱল ইমানেই নহয়,  ছাত্ৰ- ছাত্ৰীসকলৰ গোপন স্থান স্পৰ্শ কৰাৰ উপৰি  শিক্ষক হুছেইনে ছাত্ৰীৰ বস্ত্ৰ দাঙি গোপন অংশ প্ৰত্যক্ষ কৰে বুলি একাংশই জানিবলৈ দিয়ে।

উল্লেখ্য যে,  ৰাইজৰ অভিযোগৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে তদন্ত কৰি জালুগুটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষকজনক। ইফালে শিক্ষকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ১৬৭/২০২৪ নম্বৰৰ এটা গোচৰ।  গোচৰ ৰুজু কৰি শিক্ষকজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Latest News