প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
১) আজি বিজেপিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস । ৰাম নৱমীৰ পবিত্ৰ দিনটোতে সমগ্ৰ দেশজুৰি উদযাপন কৰা হ’ব বিজেপিৰ প্ৰতিষ্ঠা দিৱস ।
2) প্ৰথমবাৰৰ বাবে দিল্লীত মুখামুখি বৈঠকত মিলিত হ’ল মণিপুৰৰ কুকি-মেইটেই প্ৰতিনিধি । মণিপুৰৰ এই দুয়োটা জনগোষ্ঠীৰ মাজত বিগত দুবছৰ ধৰি চলি আহিছিল জাতিগত সংঘাত । এই সংঘাত দূৰ কৰাৰ উদ্দেশ্যে গৃহ মন্ত্ৰালয়ে আয়োজন কৰে এই বৈঠক ।
৩) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰীলংকা ভ্ৰমণ । এই ভ্ৰমণ কালতে প্ৰধানমন্ত্ৰীগৰাকীলৈ আগবঢ়োৱা হ’ল শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’। সম্পাদন হয় দুয়োখন দেশৰ মাজত অভিলাষী প্ৰতিৰক্ষা সহযোগিতা চুক্তি ।
৪) এপেক্স বেংকৰ দুৰ্নীতি অভিযোগক লৈ ৰাজ্যজুৰি অব্যাহত চৰ্চা । দুৰ্নীতি তদন্ত বিচাৰি গুৱাহাটীত প্ৰতিবাদ কংগ্ৰেছৰ । প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ ।
৫) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যত আগন্তুক ৩-৪ দিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা । গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই কথা । অঞ্চল বিশেষে ধুমুহা আৰু শিলাবৃষ্টি হোৱাৰো সম্ভাৱনা আছে ।
৬) ৱাকফ(সংশোধনী) বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ । লোকসভা আৰু ৰাজ্যসভাত তীব্ৰ বিতৰ্কৰ অন্তত গৃহীত হয় এই বিধেয়ক । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন লাভ কৰাৰ লগে লগে আইনত পৰিণত হ’ল ৱাকফ(সংশোধনী) বিধেয়ক ।
৭) শ্ৰীভূমি জিলাৰ মাজেৰে অবৈধভাৱে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা তিনি অবৈধ বাংলাদেশী নাগৰিকক আটক অসম আৰক্ষীৰ । শনিবাৰে এই কথা নিশ্চিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আটক কৰাৰ পাছতে অনুপ্ৰৱেশকাৰী কেইজনক বিতাড়নৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ।
৮) যোৱা তিনি মাহত চুৰি কার্যৰ সৈতে জড়িত ৫৮৭ জন ব্যক্তিক আটক গুৱাহাটী আৰক্ষীৰ । লগতে ৫ কোটি টকাৰ চুৰি সম্পত্তি উদ্ধাৰ । ২২ খন চাৰিচকীয়া বাহন, ৮১ খন দুচকীয়া বাহন আৰু ১০খন তিনিচকীয়া বাহন উদ্ধাৰ আৰক্ষীৰ । এই তথ্য জানিবলৈ দিছে যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে ।
লগতে জানক আজি দেওবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…
ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…