Assam: শুই আছিল মাতৃ-কন্যা! তেনে সময়তে দুৰ্বৃত্তই সংঘটিত কৰিলে ভয়ংকৰ ঘটনা | Mother and daughter injured in attack by miscreants hajo assam Assam news - Assam Tv9

Assam: শুই আছিল মাতৃ-কন্যা! তেনে সময়তে দুৰ্বৃত্তই সংঘটিত কৰিলে ভয়ংকৰ ঘটনা

Assam: ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে হাজোৰ পৰা পোহৰলৈ আহিছে এক শিহৰণকাৰী ঘটনা। মাতৃ- কন্যাৰ ওপৰত দুৰ্বৃত্তই চলাই আক্ৰমণ। বৰ্তমান জি এম চি এইচত সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে মাতৃ, কন্যা আৰু পুত্ৰ।

Assam: শুই আছিল মাতৃ-কন্যা! তেনে সময়তে দুৰ্বৃত্তই সংঘটিত কৰিলে ভয়ংকৰ ঘটনা

হাজো কাণ্ড

Published: 

30 Oct 2024 15:47 PM

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, ধৰ্ষণ, অপহৰণ, লুণ্ঠন আদিৰ দৰে ঘটনাই জৰ্জৰিত কৰিছে সমাজখনক। চৰকাৰ তথা প্ৰশাসনে এনে অপৰাধমূলক কাম- কাজসমূহ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও কোনো লাভ হোৱা নাই। নিতৌ একাংশ পাষাণৰ আক্ৰোশৰ বলি হ’বলগীয়া হয় নিৰীহলোক। ইয়াৰ মাজতে হাজোৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। শুই থকা অৱস্থাত খিৰিকিৰে এটা পৰিয়ালৰ ওপৰচ দুৰ্বৃত্তই চলাই এচিড আক্ৰমণ। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হাজোৰা খোপনিকুচিত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। জানিব পৰা মতে শুই থকা অৱস্থাত এটা পৰিয়ালৰ ওপৰত দুৰ্বৃত্তৰ দলে এই আক্ৰমণ চলায়। এই ঘটনাৰ ফলত মাতৃসহ কন্যা আৰু পুত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। পৰিয়ালটোৰ কিশোৰীগৰাকীৰ লক্ষ্য কৰি এই আক্ৰমণ চলাইছিল দুৰ্বৃত্তৰ দলটোয়ে।

স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি প্ৰেমজনিত কাৰণত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। স্থানীয় ৰাইজে জনাই যে হাজোৰ হাবলখা গাঁৱৰ এজন যুৱকে দীৰ্ঘদিন ধৰি কিশোৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। কিন্তু প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱা বাবে যুৱকজনে বিভিন্ন ভাবুকিও দি আছিল। এনেবোৰ কাৰণতে কিশোৰীগৰাকী মাতৃৰ সৈতে খোপানিকুচিৰ মোমায়েকৰ ঘৰত আছিল। মোমায়েকৰ ঘৰত থকা অৱস্থাতেই মঙলবাৰে নিশা এই ঘটনা সংঘটিত হয়।

ঘটনাৰ পাছত লগে লগে তিনিওকে হাস্পাতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আটাইকেইজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃ্ষ্টি কৰে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব কোনে কি কাৰণে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে।

উল্লেখ্য যে, ৰাজ্যত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা। বিশেষকৈ প্ৰেমজনিত কাৰণত বিভিন্ন ধৰণ ভয়ংকৰ ঘটনা সংঘটিত হোৱা দেখা যায়। মন কৰিবলগীয়া যে, এচিড ক্ৰয়- বিক্ৰয়ত নিষেধাজ্ঞা আছে বা কোনোৱে অনুজ্ঞাপত্ৰৰ ওপৰত ভিত্তি কৰিহে এচিড ক্ৰয় কৰিব পাৰে। তেনে পৰিস্থিতিত দুৰ্বৃত্তৰ দলটোৱে কৰ পৰা কেনেকৈ এই সামগ্ৰী লাভ কৰিলে সেয়াও চিন্তনীয়। টকাৰ বিনিময়ত কোনো দুষ্ট চক্ৰই এই মাৰাত্মক সামগ্ৰী বিক্ৰী কৰি আছে নেকি সেয়াও আৰক্ষীৰ তদন্তত ওলাই পৰাৰ সম্ভাৱনা আছে।

দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?
ফেঁচা সঁচাকৈয়ে মূৰ্খ নেকি? জানক ইয়াৰ আঁৰৰ সত্যতা
উৰহী কোনবোৰ লোকৰ বাবে অধিক উপকাৰী? জানক
'ডিজিটেল কণ্ডম' কি? কোনে কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে...