শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সাংসদ দিলীপ শইকীয়া হ’ব ৰাজ্যিক BJPৰ নতুন সভাপতি, আজি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব নতুন দায়িত্ব!

আজি ১১.৩০ বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব বিজেপিৰ নতুন ৰাজ্যিক সভাপতিৰ নাম। বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হ'ব সাংসদ দিলীপ শইকীয়া। আজিয়ে ৰাজ্যিক সভাপতিৰ দায়িত্বভাৰো গ্ৰহণ কৰিব নতুন সভাপতিয়ে। এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সাংসদ দিলীপ শইকীয়া হ’ব ৰাজ্যিক BJPৰ নতুন সভাপতি, আজি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব নতুন দায়িত্ব!
সাংসদ দিলীপ শইকীয়া হ’ব ৰাজ্যিক BJPৰ নতুন সভাপতি
trishna-kalita
Trishna Kalita | Published: 17 Jan 2025 06:54 AM

আজি আনুষ্ঠানিকভাৱে ঘোষণা হ’ব বিজেপিৰ নতুন ৰাজ্যিক সভাপতিৰ নাম। সাংসদ দিলীপ শইকীয়াই হ’ব বিজেপিৰ ৰাজ্যিক সভাপতি । এতিয়া মাত্ৰ বাকী আছে আনুষ্ঠানিকতাহে।  বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰিলে দিলীপ শইকীয়াই ৷ ১০জন প্ৰস্তাৱক-সমৰ্থকৰ স্বাক্ষৰ সম্বলিত মনোনয়ন দাখিল দিলীপ শইকীয়াৰ। আজি ১১.৩০ বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ’ব বিজেপিৰ নতুন ৰাজ্যিক সভাপতিৰ নাম। বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হ’ব সাংসদ দিলীপ শইকীয়া । আজিয়ে ৰাজ্যিক সভাপতিৰ দায়িত্বভাৰো গ্ৰহণ কৰিব নতুন সভাপতিয়ে। এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মনোনয়ন দাখিল অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বৰ্তমানৰ সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক গজেন্দ্ৰ সিং শ্বেখাৱট। অনুষ্ঠানত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “শুকুৰবাৰে ১১:৩০ বজাত ঘোষণা কৰা হ’ব নতুন ৰাজ্যিক সভাপতিৰ নাম আৰু কাইলৈয়ে দায়িত্ব গ্ৰহণ কৰিব নতুন ৰাজ্যিক সভাপতিয়ে।” মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, “কালি ভৱেশ কলিতা ডাঙৰীয়াক সুধিছিলোঁ, আপুনি বিধানসভা নিৰ্বাচন খেলিব নে দলৰ সভাপতিৰ দায়িত্ব ল’ব? তেতিয়া কলিতা ডাঙৰীয়াই পোনে পোনে ক’লে সভাপতিৰ দায়িত্ব আৰু ল’ব বিচৰা নাই। ৰঙিয়াৰ ৰাইজৰ বাবে কাম কৰাৰ হেঁপাহ আছে বাবে ২০২৬ত বিধানসভা নিৰ্বাচন খেলাৰ আশা প্ৰকাশ কৰিছে ভৱেশ কলিতাই। ভৱেশ কলিতাৰ বিগত চাৰিটা বৰ্ষৰ সেৱাক মই শুভেচ্ছা জনাইছোঁ।

ইফালে দিলীপ শইকীয়া মনোনয়ন দাখিল সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী লিখিছে, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি হিচাপে মনোনয়ন দাখিল কৰা শ্ৰীদিলীপ শইকীয়া ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। ছাত্ৰাৱস্থাৰ পৰাই তেখেত এগৰাকী অতি নিষ্ঠাবান আৰু প্ৰচুৰ অনুশাসিত দলৰ এগৰাকী কাৰ্যকৰ্তা৷ শ্ৰীদিলীপ শইকীয়া ডাঙৰীয়াই স্বয়ংসেৱক হিচাপে বা দলৰ কাৰ্যকৰ্তা হিচাপেই হওক অথবা সংসদৰ সদস্য হিচাপেই হওক, নিজৰ যিকোনো দায়িত্ব অতি সুচাৰুকৈ পালন কৰি আহিছে৷ এনে এগৰাকী ব্যক্তিয়ে অসমত আমাৰ দলক তেখেতৰ সু-নেতৃত্বৰে আৰু অধিক গতিশীল কৰিব পাৰিব বুলি আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ৷ এই মুহূৰ্তত শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়ালৈ পুনৰবাৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷”

ৰাজ্যিক সভাপতি হিচাপে ভৱেশ কলিতাৰ অৱদান সন্দৰ্ভত মুখ্যমন্ত্ৰী লিখিছে, “ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি হিচাপে শ্ৰীভৱেশ কলিতা ডাঙৰীয়াৰ অনবদ্য অৱদানক শব্দৰ দ্বাৰা পূৰ্ণৰূপে ব্যক্ত কৰা অসম্ভৱ। তেখেতৰ নেতৃত্বত আমাৰ দলে সংসদীয় নিৰ্বাচনত অসমৰ পৰা সৰ্বাধিক আসন লাভ কৰাৰ গৌৰৱ অৰ্জন কৰিছে। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই বিধান সভাত ৭৪ৰ পৰা ৮৪ আসনলৈ বৃদ্ধি ঘটাইছে, একাধিক উপ-নিৰ্বাচনত ঐতিহাসিক জয়লাভ কৰিছে আৰু ২০২৪ চনৰ সদস্যতা অভিযানত ৬০ লাখৰ লক্ষ্য অতিক্ৰম কৰি এক অভূতপূৰ্ব সফলতা লাভ কৰিছে। তেখেত এগৰাকী নিষ্ঠাবান আৰু সমৰ্পিত কাৰ্যকৰ্তা। সংগঠনৰ উত্থানত বিগত চাৰে তিনি বছৰত সফল নেতৃত্বৰে আগবঢ়োৱা সেৱাৰ বাবে তেখেতক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

উল্লেখ্য যে বিগত কেইবামাহ ধৰি ৰাজ্যিক সভাপতি নিৰ্বাচনক লৈ চলি আছিল চৰ্চা। সভাপতিৰ বাবে বৰ্তমানৰ সভাপতি ভৱেশ কলিতাকে ধৰি কেইবাটাও নাম চৰ্চালৈ আহিছিল।
তাৰ ভিতৰত আছে লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, প্ৰাক্তন সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস। কিন্তু এই দুই নেতাৰ হাতত এতিয়া অন্য দায়িত্ব আছে। বিজেপিৰ নিয়ম অনুসৰি সভাপতি হ’লে তেওঁ সাংসদ বা বিধায়ক আদি হ’ব নোৱাৰে। সেয়েহে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই শেষ মুহূৰ্তত দিলীপ শইকীয়াৰ নামতে চূড়ান্ত মোহৰ পৰে।

Latest News