শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ অভিযোগ”, সাংবাদিকক গ্ৰেপ্তাৰৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাকলৈ এতিয়াও চৰ্চা অব্যাহত আছে । এই ঘটনাক কেন্দ্ৰ কৰি শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ।

“আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ অভিযোগ”, সাংবাদিকক গ্ৰেপ্তাৰৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ
সাংসদ গৌৰৱ গগৈ
manas-borah
Manas Borah | Published: 30 Mar 2025 13:57 PM

চৰকাৰী বেংকত আৰ্থিক অনিয়মৰ অভিযোগত সাব্যস্ত কৰা প্ৰতিবাদৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাকলৈ এতিয়াও চৰ্চা অব্যাহত আছে । এই ঘটনাক কেন্দ্ৰ কৰি শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে । এই পত্ৰৰ জৰিয়তে এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিবলৈ আহ্বান জনাইছে সাংসদগৰাকীয়ে ।

প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত অসম সমবায় এপেক্স বেংক (এচিএবি)ত সংঘটিত হোৱা কথিত বিত্তীয় কেলেংকাৰীৰ তদন্তও বিচাৰিছে সাংসদগৰাকীয়ে । উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মঙলবাৰে মাজনিশা আৰু পুনৰ বৃহস্পতিবাৰে পুৱা গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । এজন বেংক কৰ্মচাৰী আৰু বেংকটোৰ পৰিচালন সঞ্চালকে দাখিল কৰা দুটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল সংবাদিকগৰাকীক। অৱশ্যে দুয়োটা গোচৰতে জামিন লাভ কৰিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে ।

সাংসদগৰাকীয়ে লিখা পত্ৰখন উল্লেখ কৰা হৈছে যে,”সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাত আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰৰ তদন্ত হ’ব লাগিব, যাতে জবাবদিহিতা নিশ্চিত কৰিব পাৰি। সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰা আৰু জনস্বাৰ্থৰ বিষয়ত বাতৰি দিয়া সাংবাদিকক অন্যায়ভাৱে লক্ষ্য কৰি লোৱা কাৰ্য ৰোধ কৰাটোও অতি জৰুৰী।”

এই বিষয়টো এজন সাংবাদিকৰ বাহিৰেও ই দেশৰ গণতন্ত্ৰ, বিত্তীয় প্ৰতিষ্ঠানৰ স্বচ্ছতা আৰু সাংবিধানিক অধিকাৰত আঘাত হানে বুলিও দেওবাৰে সংবাদ মাধ্যমৰ বাবে প্ৰকাশ কৰা সাংসদগৰাকীৰ ২৮ মাৰ্চৰ পত্ৰখনত উল্লেখ কৰা হৈছে। যোৰহাটৰ সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰীলৈ লিখিছে যে, “ন্যায় সুনিশ্চিত কৰিবলৈ, দোষীসকলক জবাবদিহি কৰিবলৈ, আমাৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতি জনবিশ্বাস পুনৰ ঘূৰাই অনাৰ বাবে আপোনালোকৰ তাৎক্ষণিক হস্তক্ষেপ অতি গুৰুত্বপূৰ্ণ।”

সাংবাদিকগৰাকীক প্ৰথমে মঙলবাৰে মাজনিশা বেংকৰ এজন কৰ্মচাৰীয়ে দাখিল কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটী আৰক্ষীয়ে । বুধবাৰে এই গোচৰত জামিন লাভ কৰিছিল যদিও বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াই বেংকৰ মূল্যৱান নথি-পত্ৰ চুৰি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত দাখিল কৰা দ্বিতীয়টো গোচৰত পিছদিনা পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাংবাদিকগৰাকীক। শুকুৰবাৰে দ্বিতীয়টো গোচৰত জামিন লাভ কৰি আইনী আনুষ্ঠানিকতাৰ অন্তত ন্যায়িক জিম্মাত নিশা কটোৱাৰ পাছত শনিবাৰে মুকলি আকাশৰ তললৈ আহে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ।

“বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ পৰা বাইট বিচৰাৰ সময়ত সাংবাদিকজনক চৌহদৰ ভিতৰলৈ মাতি নিয়া হৈছিল। অৱশ্যে ইয়াৰ পিছত যি হ’ল,  ই সকলোকে আচৰিত কৰিলে । পৰৱৰ্তী সময়ত তেওঁক পান বজাৰ থানাই কোনো ন্যায্যতা অবিহনে আটক কৰি ৰাখিছিল।” পত্ৰখনত এইদৰে দাবী কৰিছে সাংসদ গৌৰৱ গগৈয়ে ।

সাংসদ গগৈয়ে অভিযোগ কৰে যে, “প্ৰথম গোচৰত জামিন লাভ কৰাৰ পিছতো তেওঁক পিছদিনা ডকাইতি আৰু বেংকত প্ৰৱেশ কৰি গোপনীয় নথি-পত্ৰ চুৰি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হয়।” এইলৈ বেংকটোৰ কথিত বিত্তীয় অনিয়ম আৰু সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা বিষয়টোৰ স্বতন্ত্ৰ তদন্ত আৰম্ভ কৰিবলৈ আহ্বান জনাইছে সাংসদগৰাকীয়ে।

উল্লেখ্য যে, সাংবাদিকগৰাকীক গ্ৰেপ্তাৰক লৈ সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰাৰ ধৰণক লৈ প্ৰশ্ন উত্থাপন হৈছিল।