5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজভৱনৰ সমীপত বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব: কংগ্ৰেছ কৰ্মীৰ মৃত্যুৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। এফআইআৰ পঞ্জীয়ন, ভিডিঅ’ ৰেকৰ্ডিংৰ পৰ্যালোচনা কৰি ঘটনাৰ সম্যক তদন্ত কৰিব আৰক্ষীয়ে। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজভৱনৰ সমীপত বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব: কংগ্ৰেছ কৰ্মীৰ মৃত্যুৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ
কংগ্ৰেছ কৰ্মীৰ মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ
trishna-kalita
Trishna Kalita | Updated On: 19 Dec 2024 18:13 PM

গুৱাহাটীত প্ৰতিবাদীৰ কাৰ্যসূচীৰ মাজতে কংগ্ৰেছ কৰ্মীৰ মৃত্যুক লৈ উত্তপ্ত পৰিছে ৰাজ্যৰ ৰাজনীতি। আজি সম্পন্ন কৰা হয় অসম আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ ফলত মৃত্যু হোৱা মৃদুল ইছলামৰ জানাজা। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে বিদায় দিলে কংগ্ৰেছৰ যুৱ নেতাগৰাকীক । ইফালে এই ঘটনাক লৈ অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ। কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদত বহিছে সাংবাদিকসকল।

ইয়াৰ মাজতে মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। এফআইআৰ পঞ্জীয়ন, ভিডিঅ’ ৰেকৰ্ডিংৰ পৰ্যালোচনা কৰি ঘটনাৰ সম্যক তদন্ত কৰিব আৰক্ষীয়ে। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, “ৰাজ্যপালৰ সাংবিধানিক পদমৰ্যাদা সদায়েই দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত। কালি কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভংগ কৰি অসমৰ ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু সন্মুখভাগত বিশৃংখলতাৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে এফ আই আৰ পঞ্জীয়ন কৰি ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনাকে ধৰি ঘটনাৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিব। এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব। ইতিমধ্যে প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে নিৰ্দিষ্ট এলেকা নিৰ্ধাৰণ কৰি দিয়া হৈছে।”

উল্লেখ্য যে, বুধবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা ‘ৰাজভৱন চলো’ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি, নেতা কৰ্মীৰ লগতে প্ৰায় ৫ শতাধিক লোকে। কিন্তু এই প্ৰতিবাদক অবৈধ বুলি প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা কৰিছিল আৰক্ষীয়ে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে প্ৰয়োগ কৰিছিল কন্দুৱা গেছ । সেই অসুস্থ হৈ পৰিছিল সময়তে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ লগতে সাংবাদিকো। তাৰ পাছত গুৰুত্বৰভাৱে অসুস্থ হোৱা কংগ্ৰেছ কৰ্মীসহ সাংবাদিকক ভৰ্তি কৰোৱা হৈছিল হাস্পাতালত । কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় কংগ্ৰেছ কৰ্মী মৃদুল ইছলামে।

ঘটনা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে, “মৃদুল ইছলামৰ মৃত্যু হোৱা নাই,  হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বাবে আজি মৃদুল ইছলামক আমি হেৰুৱাইছোঁ।” ইয়াৰ পাছতে  লতাশিল আৰক্ষী থানাত দাখিল কৰা এজাহাৰত ঘটনাৰ বাবে দায়ী আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে মৃদুল ইছলামৰ পৰিয়ালক ক্ষতিপূৰণ দাবী জনাই কংগ্ৰেছে।

Latest News