5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ইছলাম এৰি হিন্দু ধৰ্ম গ্ৰহণঃ এতিয়াৰ পৰা ৰেজিনা বেগমক জনা যাব অনন্যা দেউৰী নামেৰে

  নগাঁৱৰ আমোলাপট্টিৰ জখলাবন্ধা সত্ৰত এইগৰাকী যুৱতীয়ে গ্ৰহণ কৰে হিন্দু ধৰ্ম। যাৱতীয় সকলো নীতি- নিয়মৰ পাছত সত্ৰাধিকাৰৰ আশীৰ্বাদ লৈ ৰাজহুৱাকৈ ইছলাম ত্যাগ কৰি যুৱতীগৰাকীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰে।

ইছলাম এৰি হিন্দু ধৰ্ম গ্ৰহণঃ এতিয়াৰ পৰা ৰেজিনা বেগমক জনা যাব অনন্যা দেউৰী নামেৰে
ইছলাম ধৰ্ম ত্যাগ
Follow Us
barasha-sarma
Barasha Sarma | Published: 24 Sep 2024 06:47 AM

ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্মত শৰণাপন্ন এগৰাকী উচ্চ শিক্ষিতা মুছলমান যুৱতী।  হিন্দু ধৰ্মত শৰণ লৈ ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ৰেজিনা বেগম হ’ল অনন্যা দেউৰী।  নগাঁৱৰ আমোলাপট্টিৰ জখলাবন্ধা সত্ৰত এইগৰাকী যুৱতীয়ে গ্ৰহণ কৰে হিন্দু ধৰ্ম। যাৱতীয় সকলো নীতি- নিয়মৰ পাছত সত্ৰাধিকাৰৰ আশীৰ্বাদ লৈ ৰাজহুৱাকৈ ইছলাম ত্যাগ কৰি যুৱতীগৰাকীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰে।

জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ ৰঙিয়াত। জখলাবন্ধা সত্ৰত সত্ৰাধিকাৰে সনাতনী নীতি- নিয়মৰ মাজেৰে দীক্ষা প্ৰদান কৰে যুৱতীগৰাকীক। সত্ৰৰ মজিয়াত হোম যজ্ঞ কৰি শৰণ গ্ৰহণ কৰে যুৱতীগৰাকীয়ে। তাৰ পাছতেই পূৰ্বৰ ধৰ্ম, নাম এৰি নতুন ধৰ্ম আৰু নাম গ্ৰহণ কৰে ৰেজিনা বেগমে। এতিয়াৰ পৰা ৰেজিনাক জনা যাব অনন্যা নামেৰে।

উল্লেখ্য যে, এইগৰাকী যুৱতীয়ে কিছুদিন পাছতেই ধেমাজিৰ এজন যুৱকৰ লগত বিবাহ- পাশত আৱদ্ধ হ’ব আৰু তাৰ পূৰ্বেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। পেছাত চিকিৎসক যুৱকজন হিন্দু ধৰ্মৰ। যাৰ বাবে ৰেজিনাই ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। সোমবাৰে যুৱতীগৰাকীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰে।

এই সন্দৰ্ভত সত্ৰাধিকাৰে কয় যে, “যুৱতীগৰাকীয়ে যোগাযোগ কৰি আমাক প্ৰথমে গুৱাহাটীলৈ মাতি পঠিয়াইছিল। তাৰ পাছতে বিশ্ব হিন্দু পৰিষদৰ এগৰাকী নেতাক লৈ আমি গুৱাহাটীলৈ গৈছিলো। কিন্তু তেতিয়া কেইবাজনো মুছলমানলোকে আমাৰ পিছ লৈ আছিল আৰু সেয়ে আমি তাৰ পৰা গুচি আহিলো। পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে আমাৰ ওচৰলৈ আহি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ কথা কৈছিল”।

সত্ৰাধিকাৰ গৰাকীয়ে কয় যে, এই ক্ষেত্ৰত যুৱতীগৰাকীয়ে আদালাতৰ কাষো চাপিছে। আদালতৰ যাৱতীয় কাম সম্পন্ন কৰাৰ পাছত যুৱতীগৰাকীক হিন্দু ধৰ্মৰ দীক্ষা দিয়া হয়। এই সময়ত যুৱতীগৰাকীৰ এজন বন্ধুয়ো উপস্থিত থাকে বুলি জানিব পৰা গৈছে। সত্ৰাধিকাৰগৰাকীয়ে লগতে জনাই যে যুৱতীগৰাকীয়ে নিজেই তেওঁৰ নতুন নাম বিচাৰি লৈছে। সেই অনুসৰি এতিয়াৰ পৰা যুৱতীগৰাকীয়ে নতুন পৰিচয় গ্ৰহণ কৰিলে।  অৱশ্যে এই ক্ষেত্ৰত যুৱতীগৰাকী বা তেওঁৰ পৰিয়ালৰ কোনো ভাষ্য প্ৰদান কৰা নাই।  ইছলাম এৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্তত যুৱতীগৰাকীৰ পৰিয়ালৰ স্থিতি কি সেই বিষয়েও এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Latest News