নাগালেণ্ডত অসম আৰক্ষীক আক্ৰমণ নগা দুৰ্বৃত্তৰ! গুৰুতৰভাৱে আহত জোৱানক AMCHত ভৰ্তি…
নাগালেণ্ডত আক্ৰমণৰ বলি অসম আৰক্ষীৰ দল। ইয়াৰ উপৰিও দুৰ্বৃত্তই কাঢ়ি ৰাখিলে অসম আৰক্ষীৰ অস্ত্ৰ। আক্ৰমণত গুৰুতৰভাৱে আহত আৰক্ষীৰ এজন জোৱান।
মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত ভয়ংকৰ ঘটনা। নাগালেণ্ডত আক্ৰমণৰ বলি হ’ল অসম আৰক্ষীৰ এটা দল। অভিযান চলাবলৈ যোৱা অসম আৰক্ষীক আৱদ্ধ কৰি ৰখা নাগালেণ্ডত। অসম আৰক্ষীৰ দলক চোকা অস্ত্ৰৰে আক্ৰমণ নগা দুৰ্বৃত্তৰ। নাগালেণ্ডৰ ইয়াচাং চি বস্তিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গাড়ী চোৰৰ সন্ধানত গৈছিল আৰক্ষীৰ দলটো। ইয়াকে লৈ মৰিয়নীৰ অসম নাগালেণ্ড সীমান্তত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ঘটনাক লৈ এতিয়া তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত।
দুর্বৃত্তৰ আক্ৰমণত আহত হৈছে অসম আৰক্ষীৰ দলটোৰ কেইবাজনো। আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আৰক্ষীৰ এজন জোৱান। গুৰুতৰভাৱে আহত জোৱানজনক AMCHলৈ প্ৰেৰণ কৰা হৈছে। দলটোত আছিল চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যতীন বৰা। টীয়ক থানাৰ অ’চি গংগাৰাম ফুকনো আছিল আৰক্ষীৰ দলটোত। দুর্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে নাগালেণ্ডলৈ যোৱা অসম আৰক্ষীক দলটোক। প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে নিশা ৮ বজাত নাগালেণ্ডৰ ইয়াচাং চি বস্তিলৈ যোৱা আৰক্ষী দলটো আৱদ্ধ কৰি ৰাখে নগা দুৰ্বৃত্তই।
ইয়াৰ উপৰিও দুৰ্বৃত্তই কাঢ়ি ৰাখিলে অসম আৰক্ষীৰ অস্ত্ৰ। তাৰ পাছতে অসম আৰক্ষীক কাটিবলৈ উদ্যত হয় নগা দুৰ্বৃত্ত। নগা দুৰ্বৃত্তৰ দাৰ আক্ৰণত গুৰুত্বৰ বাবে আহত এগৰাকী বেটেলিয়ন। আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানজন 11 APBN ৰ বিদ্যুৎ দাস বুলি জানিব পৰা গৈছে।
ইয়াৰ পাছতে আৰক্ষী অধীক্ষকৰ নেতৃত্ব ইয়াচাং চি বস্তিলৈ ৰাওনা হয় যোৰহাট আৰক্ষীৰ বৃহৎ দল। যোৰহাট আৰক্ষী অধীক্ষকৰ নেতৃত্বত নাগালেণ্ডলৈ ৰাওনা হয় দলটো। ইতিমধ্যে টীয়কত উপস্থিত হৈছে নগালেণ্ডত আৱদ্ধ টীয়কৰ আৰক্ষী দলটো। ADS লুনা সোণোৱালৰ নেতৃত্বত উদ্ধাৰ কৰা হয় ১২ জনীয়া আৰক্ষী দলটোক। ইফালে ঘটনা সন্দৰ্ভত এজন দুৰ্বৃত্তক আটক যোৰহাট আৰক্ষীৰ। ইতিমধ্যে আৱদ্ধ কৰি ৰখা আৰক্ষী দলটোৰ পৰা ঘটনাৰ বিৱৰণ লৈছে ADS লুনা সোণোৱালে। আটকৰ কৰা দুৰ্বৃত্তকো কৰা হৈছে সোধা-পোছা।
জানিব পৰা মতে কেইদিন পূৰ্বে যোৰহাটৰ বাইক চুৰি ঘটনাৰ সন্দৰ্ভত ৩ জনকৈ যুৱকক আটক কৰিছিল আৰক্ষীয়ে। সেই যুৱককেইজনে দিয়া স্পষ্টীকৰণৰ ওপৰত ভিত্তি কৰি ইয়াচাং চি বস্তিত অভিযান চলাবলৈ গৈছিল অসম আৰক্ষীৰ দলটো। তাৰ পাছতে মঙলবাৰে সন্ধিয়া আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ দলটোক আৱদ্ধ কৰি আক্ৰমণ চলাই নগা দুৰ্বৃত্তই। বৰ্তমান অব্যাহত আছে ঘটনাৰ তদন্ত।