নগাঁওঃ বিয়া ঘৰ এতিয়া মৰিশালী! ৪ জনক হত্যা কৰাৰ আঁৰত আছে প্ৰাক্তন প্ৰেমিক…

অনুপম সূত্ৰধৰ নামৰ যুৱকজন যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিক আছিল। এইগৰাকী প্ৰাক্তন প্ৰেমিকৰ মৃতদেহ ঘৰৰ এটা কোঠাত উদ্ধাৰ হোৱাৰ লগতে যুৱতীগৰাকীৰ মাতৃৰ মৃতদেহ উদ্ধাৰ হৈছিল বাথৰুমত। একাংশৰ মতে, ২০২২ চনত আক্ষি সৰকাৰৰ প্ৰেমৰ সম্পৰ্কত অন্ত পৰিছিল

নগাঁওঃ বিয়া ঘৰ এতিয়া মৰিশালী! ৪ জনক হত্যা কৰাৰ আঁৰত আছে প্ৰাক্তন প্ৰেমিক...

নগাঁও কাণ্ড

Published: 

24 Nov 2024 14:16 PM

শুকুৰবাৰে সংঘটিত হোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ অসম। বিয়াক লৈ এখন ঘৰত চলি থকা আনন্দৰ মাজতে তেজেৰে ৰাঙলী হৈ পৰে সকলো। ২২ নৱেম্বৰৰ নিশা নগাঁৱৰ ৰূপহীহাটৰ গড়াজান সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিশাৰ ভাগত দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি ডিঙি কাটি হত্যা কৰে ৪ জনকৈলোকক। হত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত আছে একেটা পৰিয়ালৰ ৩ জন সদস্যসহ আন এজন যুৱক। মৃত লোককেইজনৰ ভিতৰত আছে গুণধৰ সৰকাৰ (৫৮), সুৰধ্বনি সৰকাৰ (৫০), জয়স্মিতা সৰকাৰ (২৩) আৰু ৩৫ বছৰীয়া যুৱক অনুপম সূত্ৰধৰ।

এই মৰ্মান্তিক, বৰ্বৰ, নৃশংস হত্যাকাণ্ডৰ বিষয়ে অৱগত হোৱাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। এতিয়ালৈ তদন্ত প্ৰক্ৰিয়াৰ অন্ত পৰা নাই যদিও স্থানীয়লোকে এই হত্যাকাণ্ডৰ কাৰণ প্ৰেমজনিত হোৱাৰ সন্দেহ কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি,  গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা আক্ষি সৰকাৰৰ অহা ২৭ নৱেম্বৰত বিয়া আছিল। ছায়ইদৰীয়া গাঁৱৰ কুশল সৰকাৰৰ সৈতে বিয়া ঠিক হৈছিল যুৱতীগৰাকীৰ। বিয়াক লৈ ঘৰত চলি আছিল প্ৰস্তুতি, ইতিমধ্যে আৰম্ভ হৈছিল পেণ্ডেলৰ কাম।  কিন্তু তাৰ পূৰ্বে দুৰ্বৃত্তই শেষ কৰে সকলো। এই ভয়ংকৰ কাণ্ডৰ সময়ত ঘৰত নাছিল যুৱতীগৰাকী আৰু তেওঁৰ ভাতৃ ভাস্কৰ সৰকাৰ। যাৰ বাবে তেওঁলোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

জানিব পৰা মতে অনুপম সূত্ৰধৰ নামৰ যুৱকজন যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিক আছিল। এইগৰাকী প্ৰাক্তন প্ৰেমিকৰ মৃতদেহ ঘৰৰ এটা কোঠাত উদ্ধাৰ হোৱাৰ লগতে যুৱতীগৰাকীৰ মাতৃৰ মৃতদেহ উদ্ধাৰ হৈছিল বাথৰুমত। একাংশৰ মতে, ২০২২ চনত আক্ষি সৰকাৰৰ প্ৰেমৰ সম্পৰ্কত অন্ত পৰিছিল নগাঁও চহৰৰ তেলিয়াপট্টিৰ যুৱক অনুপম সূত্ৰধৰৰ সৈতে। কিন্তু তাৰ পাছতো বাৰে বাৰে অনুপমে যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাৱ দি আছিল। এই কথাক লৈ অনুপমৰ সৈতে যুৱতীগৰাতীৰ বহুবাৰ সংঘাতো হৈছিল। আনকি অনুপমৰ বিৰুদ্ধে তেওঁ নগাঁও সদৰ থানাত দাখিল কৰিছিল কেইবাটাও গোচৰ।

তাৰ মাজতে বিয়া ঠিক হৈছিল যুৱতীগৰাকীৰ। গতিকে প্ৰেমৰ প্ৰতিশোধৰ বাবে এনে কাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে একাংশই। তদন্তকাৰী আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি হতাশা হৈ প্ৰাক্তন প্ৰেমিক অনুপমে চুপাৰি কিলাৰৰ দ্বাৰা এই হত্যাকাণ্ড সংঘটিত কৰিছে। লগতে সকলো তথ্য প্ৰমাণ নষ্ট কৰাৰ বাবে চুপাৰি কিলাৰে অনুপমকো হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। অৱশ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত শনিবাৰে সন্ধিয়া একেটা পৰিয়ালৰ ৩ জনলোকৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হয়।  ঘটনাৰ পাছতে স্থানীয় ৰাইজে দুই ভাতৃ ভগ্নীৰ সুৰক্ষাৰ বাবে আৰক্ষীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। এই সমগ্ৰ ঘটনাই জোকাৰি গৈছে নগাঁও। অৱশ্যে কিয়, কোনে এই হত্যাকাণ্ড সংঘটিত কৰিলে এই সকলো এতিয়া ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ আহিব।

অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ