ধিং কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যুঃ তদন্তৰ সময়ত পুখুৰীত জাঁপ দিয়াৰ দাবী আৰক্ষীৰ, মৃতদেহ উদ্ধাৰ
নগাঁৱৰ ধিং ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত তফাজুল ইছলামৰ পুখুৰীত পৰাৰ ফলত মৃত্যু ঘটা বুলি সদৰী কৰিছে আৰক্ষীয়ে। পুৱা প্ৰায় চাৰি বজাত অভিযুক্ত তফাজুলক আৰক্ষীয়ে ধৰ্ষণকাণ্ড সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল আৰু সেই সময়তে আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰি তফাজুলে ঘটনাস্থলীৰ সমীপৰ এটা পুখুৰীত জাঁপ দিয়ে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। ইতিমধ্যে উদ্ধাৰ হৈছে অভিযুক্ত তফাজুলৰ মৃতদেহ।
ৰাজ্য কঁপাই যোৱা নগাঁৱৰ ধিং ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যু ঘটিছে। পুখুৰীত পৰাৰ ফলত অভিযুক্ত তফজ্জুলৰ মৃত্যু ঘটা বুলি সদৰী কৰিছে আৰক্ষীয়ে। প্ৰকাশিত খবৰ অনুসৰি, আৰক্ষীয়ে অভিযুক্ত তফজ্জুলক পুৱা প্ৰায় চাৰি বজাত এই জঘন্য ধৰ্ষণকাণ্ড সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল আৰু সেই সময়তে আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰি তফজ্জুলে ঘটনাস্থলীৰ সমীপৰ এটা পুখুৰীত জাঁপ দিয়ে। ইয়াৰ ফলত অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
ইতিমধ্যে পুখুৰীটোৰ পৰা অভিযুক্ত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। প্ৰায় দুই ঘণ্টাজোৰা অভিযানৰ অন্তত অভিযুক্তৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য যে, যোৱা ২২ আগষ্টত সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথতে দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক তিনি যুৱকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
ধিঙৰ ভকত গাঁৱত সংঘটিত হৈছিল এই নাৰকীয় কাণ্ড। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছতে কিশোৰীগৰাকীক মুমূৰ্ষু অৱস্থাত পথৰ কাষত পেলাই থৈ গৈছিল তিনি অভিযুক্তই। পথচাৰীয়ে উলংগ অৱস্থাত পৰি থকা নাবালিকাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষী উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু ধিং চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।
এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ। ঘটনা সংঘটিত হোৱা ধিং অঞ্চলৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো দোষীৰ কঠোৰ শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ। ইফালে এই ঘটনাৰ পিছতেই ধিং বন্ধ ঘোষণা কৰে আছুৱে। তাৰ মাজতে শুকুৰবাৰে মূল অভিযুক্ত তফজ্জুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
ঘটনাত জড়িত আন দুই অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে। পলাতক এই দুই অভিযুক্তৰ সন্ধানত অনুসন্ধান অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ খাতিৰতে পলাতক দুই অভিযুক্তৰ নাম প্ৰকাশৰ পৰা বিৰত আছে আৰক্ষী। ইফালে এই ঘটনাৰ পিছতে দোষীৰ বিৰুদ্ধে দ্ৰুত কঠোৰ ব্যৱস্থাৰ নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে তিনি দুৰ্বৃত্তৰ এই নৃশংসতাৰ বলি হোৱা কিশোৰীগৰাকী সম্প্ৰতি সুস্থ অৱস্থাত আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই সদৰী কৰিছে। ঘটনাৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাই ধিং ভ্ৰমণ কৰি ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। নাৰকীয় অত্যাচাৰৰ বলি হোৱা কিশোৰীগৰাকী ক্ৰমাৎ সুস্থ হৈ উঠা বুলি চিকিৎসকে প্ৰকাশ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে পীযুষ হাজৰিকাই।