5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Nalbari DC: নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

Nalbari DC: নলবাৰী জিলা আয়ুক্তৰ বিৰুদ্ধে শীঘ্ৰে গোচৰ ৰুজুৰ নিৰ্দেশ চিজেএম আদালতৰ। নলবাৰী আৰক্ষীৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি এই নিৰ্দেশ প্ৰদান কৰে আদালতে। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায়ে বিতৰ্কত থাকে জিলা আয়ুক্ত বৰ্ণালী ডেকা।

Nalbari DC: নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ
বৰ্ণালী ডেকা
barasha-sarma
Barasha Sarma | Published: 06 Nov 2024 11:44 AM

বিতৰ্কই লগ নেৰা নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে নলবাৰী CJM আদালত। নলবাৰী আৰক্ষীৰ কৰ্মৰাজিক লৈ অসন্তুষ্টি ব্যক্ত কৰি শীঘ্ৰেই বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে আদালতে। ALRS অৰ্পনা শৰ্মাৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশ জাৰি কৰিছে আদালতে। লোকসভা নিৰ্বাচনৰ সময়ত এইগৰাকী জিলা আয়ুক্তৰ বিৰুদ্ধে ALRS অৰ্পনা শৰ্মাই এজাহাৰ দাখিল কৰিছিল। কিন্তু এই ক্ষেত্ৰত নলবাৰী আৰক্ষীয়ে কোনো গোচৰ ৰুজু কৰা নাছিল। যাৰ বাবে পৰৱৰ্তী সময়ত ALRS অৰ্পনা শৰ্মা আদালতৰ কাষ চাপিছিল।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৮ মে’ত মানাসিক হাৰাশাস্তিৰ অভিযোগ তুলি জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মাই। জানিব পৰা মতে লোকসভা নিৰ্বাচনৰ সময়ত টিহু বিধানসভা সমষ্টিৰ দায়িত্বত আছিল ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মা। ৭ মে’ৰ নিশা নলবাৰীৰ গৰ্ডনত ষ্ট্ৰং ৰুমৰ দায়িত্বত আছিল শৰ্মা।

অভিযোগ অনুসৰি সেই নিশা প্ৰায় ২ বজাত বৰ্ণালী ডেকা আৰু অৰ্পনা শৰ্মাৰ মাজত সংঘাতৰ সৃষ্টি হয়। সেই সংঘাতত বৰ্ণালী ডেকাই অৰ্পনা শৰ্মাক অশ্লীল শব্দৰে গালি গালাজ দিয়াৰ উপৰি, মোবাইল কাঢ়ি নি প্ৰহাৰ কৰিবলৈ চেষ্টা কৰে। এই সকলোবোৰ কথা অৰ্পনা শৰ্মাই এজাহাৰত উল্লেখ কৰিছে। ঘটনাৰ পিছদিনাই অৰ্পনা শৰ্মাই নিজৰ দায়িত্বৰ পৰা অব্যাহতি বিচৰাৰ লগতে বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু মাহৰ পাছত মাহ বাগৰি যোৱাৰ পাছতো এইগৰাকী আয়ুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে।

এজাহাৰত অভিযোগ কৰা অনুসৰি চক্ৰবিষয়া অৰ্পনা শৰ্মাক তৎক্ষাণিকভাৱে মেটেৰিয়েল ছেলত দায়িত্ব দিয়া হৈছিল। ৭ মে’ৰ নিশা ৪০ নং টিহু বিধানসভা সমষ্টিৰ লাগতিয়াৰ ইভিএম মেচিনকে ধৰি অন্যান্য নথি পত্ৰসমূহ মেটেৰিয়েল ছেলৰ কাউন্টাৰ আহি পায়। কিন্তু সেই সময়ত পৰ্যাপ্ত শ্ৰমিকৰ অভাৱত লগে লগে সেইবোৰ ষ্ট্ৰং ৰুমলৈ নিব পৰা নাছিল। তেনে সময়তে বৰ্ণালী ডেকা উক্ত স্থানত আহি অৰ্পনা শৰ্মাক মানসিক শাস্তি আৰু হেঁচা দিয়ে বুলি এজাহাৰত উল্লেখ আছে। অভিযোগ অনুসৰি পূৰ্বতেও বৰ্ণালী ডেকাই তেওঁক কেইবাবাৰো মানসিক অত্যাচাৰ চলাইছে। চলিত বৰ্ষৰ গণৰাজ্য দিৱস উপলক্ষে ৬২ খন গামোচা যোগাৰ কৰি দিব নোৱাৰাতো মানসিক অত্যাচাৰ চলাইছিল বৰ্ণালী ডেকাই।

এয়াই প্ৰথম নহয়, প্ৰায়েই বিতৰ্কত থাকে নলবাৰী জিয়া আয়ুক্ত বৰ্ণালী ডেকা। ঘোচ লোৱা, সহকাৰী- কনিষ্ঠ কৰ্মচাৰীক অপব্যৱহাৰ কৰা আদি বিভিন্ন দিশত নাম সাঙোৰ খাইছে বৰ্ণালী ডেকাৰ। কিন্তু বাৰে বাৰে সাৰি যায় প্ৰভাৱশালী জিলা আয়ুক্ত বৰ্ণালী ডেকা। গতিকে এইবাৰ আদালতৰ নিৰ্দেশৰ পাছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Latest News