প্ৰেম প্ৰত্যাখ্যানৰ বাবে নলবাৰীৰ যুৱকে গুৱাহাটীত সংঘটিত কৰিলে ভয়ংকৰ ঘটনা…
ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কিশোৰীয়ে প্ৰেমৰ প্ৰস্তাৱ মানি নলোৱাৰ বাবে উদণ্ড হৈ পৰে যুৱক।

যুৱকজন
ৰাজ্যত বৃদ্ধি পাইছে নাৰীজনিত ঘটনা। বিশেষকৈ গুৱাহাটী মহানগৰীখন বৰ্তমান সময়ত যেন অপৰাধীৰ হাবলৈ পৰিণত হৈছে। নিতৌ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান নৃশংস তথা ভয়ংকৰ ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ এনে এক চাঞ্চল্যকৰ ঘটনা পুনৰ পোহৰলৈ আহিছে। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰতিৰোধ পৰায়ন হৈ পৰে এজন পাষাণ প্ৰেমিক। জানিব পৰা মতে ধনমনি দাস নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। কিন্তু প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে মাতৃ-কন্যাক হত্যাৰ ভাবুকি দি আৰক্ষীৰ জালত পৰে উদণ্ড প্ৰেমিক।
ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২ বছৰ ধৰি নলবাৰীৰ যুৱক ধনমণি দাসে কিশোৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলাবলৈ বিভিন্ন কাণ্ড কৰিছিল আহিছিল যুৱকজনে। সকলো সীমা অতিক্ৰম কৰি মাজ পথত কিশোৰীগৰাকীক আগভেটি আক্ৰমণ কৰিছিল যুৱকজনে। ইমানেই নহয় কিশোৰীগৰাকীৰ ফটো বিকৃত কৰি সামাজিক মাধ্যমক ভাইৰেলৰ লগতে ভুক্তভোগীৰ মাতৃকো হত্যাৰ ভাবুকি দিছিল। মুঠতে কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলাবলৈ ধনমণিয়ে এটাৰ পাছত আন এটা কাণ্ড সংঘটিত কৰিছিল।
এই সকলো কথাত অতিষ্ঠ হৈ পৰিছিল ছাত্ৰীগৰাকী আৰু মাতৃ। তেওঁলোকে ধনমণিক আঁতৰি যাবলৈ কাতৰ অনুৰোধ কৰিছিল আৰু ধনমণিয়ে আঁতৰি যোৱাৰ নামত অকলশৰীয়া মাতৃৰ পৰা টকা দাবী কৰিছিল। ইমানেই নহয়, স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত ছাত্ৰীগৰাকীক এচিড আক্ৰমণৰো ভাবুকি দিছিল অভিযুক্তই। প্ৰায় ২ টা বছৰ ধৰি এই যন্ত্ৰণা ভুগি অহা মাত-কন্যাৰ সহ্যৰ সকলো সীমা পাৰ হৈ গৈছিল।
ইয়াৰ মাজতে মঙলবাৰে সকলো সীমা অতিক্ৰম কৰে ধনমণিয়ে। অভিযোগ অনুসৰি, ছাত্ৰীগৰাকীৰ ঘৰত চোকা অস্ত্ৰ লৈ প্ৰৱেশ কৰে ধনমণি দাসে। পৰৱৰ্তী সময়ত যুৱকজনে কিশোৰীগৰাকীৰ ঘৰৰ সন্মুখনত আক্ৰমণৰ বাবে খাপ পিতি ৰৈ থাকে। এনে ভয়ংকৰ পৰিস্থিতি দেখি মাতৃ-কন্যাই লগে লগে ১০০ নম্বৰ ডায়েল কৰি আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে ধনমণিক। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটীৰ কাহিলীপাৰা অঞ্চল।
জানিব পৰা মতে, নলবাৰীৰ কুমাৰীকাটাৰ যুৱক ধনমণি। বৰ্তমান ভগদত্তপুৰ আৰক্ষী থানাৰ আলহী যুৱকজন। এই ঘটনাৰ পাছতেই এতিয়া জীৱনৰ প্ৰতি চৰম অনীহাত পৰিছে মাতৃ-কন্যা। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। গতিকে পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।