Nalbari Raas Mahotsav 2024: ১৫ নৱেম্বৰৰ পৰা নলবাৰী ৰাস মহোৎসৱ, ৰাসলৈ আহিব 'ৰামায়ণ' ধাৰাবাহিকৰ ৰাম-সীতা... | Nalbari Raas Mahotsav 2024 date and time ramayana serial raam sita will come assam Assam news - Assam Tv9

Nalbari Raas Mahotsav 2024: ১৫ নৱেম্বৰৰ পৰা নলবাৰী ৰাস মহোৎসৱ, ৰাসলৈ আহিব ‘ৰামায়ণ’ ধাৰাবাহিকৰ ৰাম-সীতা…

Nalbari Raas Mahotsav 2024: অৱশেষত দিন ঘোষণা হ'ল নলবাৰী ৰাস মহোৎসৱৰ। ১৩ দিনীয়া কাৰ্যসূচীৰে এইবাৰ নলবাৰীত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ইয়াৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। এইবাৰ ৰাসত মৃন্ময় মূৰ্তিৰ লগতে জীৱন্ত মূৰ্তিও থাকিব।

Nalbari Raas Mahotsav 2024: ১৫ নৱেম্বৰৰ পৰা নলবাৰী ৰাস মহোৎসৱ, ৰাসলৈ আহিব ৰামায়ণ ধাৰাবাহিকৰ ৰাম-সীতা...

নলবাৰী ৰাস মহোৎসৱ,

Updated On: 

22 Oct 2024 08:16 AM

প্ৰতি বছৰৰ দৰে চলিত বৰ্ষৰ নৱেম্বৰ মাহত নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ । এই সন্দৰ্ভত সোমবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেল সম্বোধন কৰি সবিশেষ জনায়। নলবাৰী হৰি মন্দিৰ ৰাস মহোৎসৱৰ কাৰ্যক্ৰমণিকা সন্দৰ্ভত বাখ্যা দাঙি ধৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ৯১ সংখ্যক ৰাস মহোৎসৱ ১৩ দিনীয়া কাৰ্যসূচীৰে অহা ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। ৰাস পূৰ্ণিমাৰ দিনা নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগনত ৰাস মহোৎসৱৰ শুভাৰম্ভণি হ’ব।

১৫ নৱেম্বৰ ৰাস মহোৎসৱৰ শুভাৰম্ভণিৰ দিনা ‘ৰামায়ণ’ ধাৰাবাহিকত ৰাম- সীতাৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল, দিপীকা চিখলিয়াৰ লগতে আন ১৬ গৰাকী কলা- কুশলী তথা ৰামায়ণৰ দলটো নলবাৰী ৰাস মহোৎসৱলৈ আহিব। মন্ত্ৰীয় জয়ন্ত মল্ল বৰুৱাই জনাই যে তেওঁলোকে উদ্বোধনী অনুষ্ঠানত প্ৰায় ডেৰ ঘন্টা জুৰি ‘ৰাম কথা’ অনুষ্ঠিত কৰিব।

ৰাজ্যত অনুষ্ঠিত হোৱা অন্যতম ৰাস মহোৎসৱ নলবাৰীৰ ৰাস মহোৎসৱ। এই ৰাসৰ বিশেষত্ব হ’ল মৃন্ময় মূৰ্তি। এইবাৰ নতুন নতুন সংযোজনেৰে মৃন্ময় মূৰ্তিৰ ৰাস অনুষ্ঠিত কৰা হ’ব। ইয়াৰোপৰি নলবাৰী হৰি মন্দিৰৰ সহায়ত আৰু প্ৰজ্ঞাৰ উদ্যোগত স্থানীয় শিল্পীৰ দ্বাৰা জীৱন্ত ৰাস অনুষ্ঠিত কৰা হ’ব। ইতিমধ্যে ইয়াৰ বাবে শিল্পীসকলৰ মাজত প্ৰস্তুতি আৰম্ভ হৈছে।

নলবাৰী ৰাসৰ অন্যতম আকৰ্ষণ থিয়েটাৰ। এইবাৰ ৰাসত ১৭ নৱেম্বৰৰ পৰা থিয়েটাৰসমূহ অনুষ্ঠিত হ’ব। ১০ দিনীয়া কাৰ্যসূচীৰে ২৭ নৱেম্বৰলৈ প্ৰায় ১১ খন ভ্ৰাম্যমান থিয়েটাৰে কেইবাখনো নাট প্ৰদৰ্শন কৰিব। মানুহে ঘৰত বহি নলবাৰী হৰি মন্দিৰ ৱেবচাইটৰ জৰিয়তে অনলাইন থিয়েটাৰৰ টিকট ক্ৰয় কৰিব পাৰিব। লগতে অফলাইন টিকট ক্ৰয়ৰ ব্যৱস্থাও থাকিব। জনতাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ইয়াৰোপৰি অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা, বাণিজ্য মেলা , আত্ম সহায়ক গোটৰ মেলা, দিহা নাম, নাগাৰা নাম, বিভিন্ন অনুষ্ঠান থাকিব এই ৰাস মহোৎসৱত। এই ৰাস মহোৎসৱত থাকিব ভাওনা ৰাস। ইয়াৰ লগতে ভক্ত বা দৰ্শনাৰ্থীক মৃন্ময় মূৰ্তি ৰাসৰ বাখ্যা দাঙি ধৰাৰ ব্যৱস্থাও থাকিব। পৰ্যটকে যাতে সুন্দৰভাৱে ৰাসৰ বিষয়ে বুজি পাই তাৰ বাবে ষ্টৰী টেলিঙৰ ব্যৱস্থা থাকিব। এই ৰাস মহোৎসৱ আকৰ্ষণীয় কৰি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়।

প্ৰয়োজন নহয় ডিজেল, বিদ্যুতৰ! পানীৰে ট্ৰেইন চলিব দেশত...
ছাল, চুলিৰ বাবে উপকাৰী চাউলৰ পানী! এনেদৰে কৰক ব্যৱহাৰ...
তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে কেনেকুৱা লক্ষণে দেখা দিয়ে ? জানক...
লাই আৰু গাহৰি মাংসৰ আঞ্জা আপোনাৰ প্ৰিয় নে ? কেনেকৈ ৰান্ধিব জানক...