আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বায়িত্ব গ্ৰহণ কৰিলে ড০ ননীগোপাল মহন্তই

আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বায়িত্ব গ্ৰহণ কৰিলে ড০ ননীগোপাল মহন্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বায়িত্ব গ্ৰহণ ড০ ননীগোপাল মহন্তৰ

Updated On: 

21 Aug 2024 14:14 PM

আজি আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বায়িত্ব ল’লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তই। ২০ আগষ্টত প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল শেষ হোৱাৰ পাছত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ দ্বায়িত্ব গ্ৰহণ ড০ ননীগোপাল মহন্তৰ। উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ পৰা আৰ্শীবাদ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভাৰ গ্ৰহণ কৰিলে ননীগোপাল মহন্তই। উপাচাৰ্য কাৰ্যালয়ত উপস্থিত হৈ নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে অধ্যাপক মহন্তই । বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীসকলে উষ্ম আদৰণি জনায় নৱনিযুক্ত উপাচাৰ্যগৰাকীক ।

বিগত ৩০ জুলাইত ৰাজভৱনত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই শপতগ্ৰহণ কৰোইছিল অধ্যাপক ননীগোপাল মহন্তক । বিশ্ববিদ্যালয়খনৰ ১৮সংখ্যক উপাচাৰ্যৰূপে শপতগ্ৰহণ কৰিছিল অধ্যাপক মহন্তই । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা পদ ত্যাগ কৰিছিল ড৹ ননীগোপাল মহন্তই । ড৹ ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিল । মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল মহন্তই।

শিৱসাগৰ জিলাৰ খাটপাৰ সত্ৰৰ প্ৰয়াত লীলা মহন্ত আৰু ড° নিৰুপমা মহন্তৰ চতুৰ্থ পুত্ৰ ড° ননীগোপাল মহন্ত। কোঁৱৰপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিগবৈৰ বিবেকানন্দত শিক্ষাগ্ৰহণ কৰিছিল ননীগোপাল মহন্তই। পৰৱৰ্তী সময়ত কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অতি সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। দিল্লীৰ পৰা আহি ননীগোপাল মহন্তই প্ৰথমে কটন কলেজত ৰাজনীতি বিজ্ঞানত অধ্যাপনা আৰম্ভ কৰি পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে।

কটন কলেজৰ তৰ্ক বিভাগৰ সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল ননীগোপাল মহন্ত। ইয়াৰ উপৰিও তেওঁ আবৃতিকাৰ হিচাপেও বিখ্যাত। লগতে সত্রীয়া সংস্কৃতি আৰু আধ্যাত্মিক চিন্তাধাৰাত বিশেষ দখল তথা গৱেষণা কৰা ড° ননীগোপাল মহন্ত এজন সুদক্ষ সত্রীয়া নৃত্যশিল্পীও। অসম চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব লৈ অসমৰ শিক্ষা ব্যৱস্থাত নীতি আৰু প্ৰয়োগৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ সর্বত্র প্রশংসিত হৈছিল ননীগোপাল মহন্ত।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...