ডিমৌত জঘন্য কাণ্ড! ৩ পাষাণৰ কামনাৰ বলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা নৱম শ্ৰেণীৰ ছাত্ৰী

ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ পোহৰলৈ আহিছে এক জঘন্য কাণ্ড। ৩ পাষাণে মিলি এগৰাকী কিশোৰী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ লগত জঘন্য কাণ্ড সংঘটিত কৰে। এই কাণ্ডই জোকাৰি গৈছে সমগ্ৰ শিৱসাগৰ।

ডিমৌত জঘন্য কাণ্ড! ৩ পাষাণৰ কামনাৰ বলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা নৱম শ্ৰেণীৰ ছাত্ৰী

ডিমৌ কাণ্ড

Updated On: 

27 Nov 2024 12:50 PM

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য অপহৰণ আৰু ধৰ্ষণ কাণ্ড। তিনি পাষণ্ডই মিলি কৌশলেৰে অপৰহৰণ কৰি নি এটা ঘৰত আৱদ্ধ কৰি ধৰ্ষণ কৰে নৱন শ্ৰেণীৰ ছাত্ৰী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাংচুডু এগৰাকী খেলুৱৈক। এই ঘটনা সংঘটিত হৈছিল ২২ নৱেম্বৰৰ নিশা। কিন্তু এই জঘন্য ধৰ্ষণ কাণ্ডৰ পাছতো আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি জানিব পৰা মতে এই ঘটনাৰ দুদিন পাছত কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। এই ঘটনাই সমগ্ৰ শিৱসাগৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

সূত্ৰ অনুসৰি জানিব পৰা মতে, ২২ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৪.৩০ মান বজাত ডিমৌ থানাৰ অন্তৰ্গত চিৰাকীভেটি অঞ্চলৰ এটা পছত খোজকাঢ়ি গৈ থকা অৱস্থাত এখন টাটা এচি গাড়ীত উঠি অহা ৩ নৰপিশাচে মুখত সোপা দি কিশোৰীগৰাকীক অপহৰণ কৰি নিয়ে। সেই সময়ত ছাত্ৰীগৰাকী টিউচনৰ পৰা ঘৰলৈ উভতি আহি আছিল। অপহৰণ কৰাৰ সময়ত আটাইকেইজনে মুখত ক’লা কাপোৰ বান্ধি আছিল। তাৰ পাছত এটা ঘৰলৈ নি ৩ পাষাণে মিলি কিশোৰীগৰাকীক ধৰ্ষণ কৰে।

কিশোৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে সুনীল আৰু ভাইটী নামৰ দুই পাশাণে তেওঁৰ লগত এই জঘন্য কাণ্ড সংঘটিত কৰিছে। টিউচনেৰ পৰা ঘৰলৈ আহি থকা সময়ত এখন গাড়ীৰে ৩ পাষাণে তেওঁক সুনীল নামৰ যুৱকজনৰ ঘৰলৈ লৈ যায়। তাতে এটা কোঠাত কিশোৰীগৰাকীক আৱদ্ধ কৰি অভিযুক্তসকলে উচ্চস্বৰত ডি জে বজাই ধৰ্ষণ কাণ্ড সংঘটিত কৰে। পাষাণৰ পৰা ৰক্ষা পোৱাৰ বাবে কিশোৰীগৰাকীয়ে চিঞৰি চিঞৰি সহায় বিচাৰিছিল যদিও ডি জেৰ শব্দত বাহিৰলৈ তেওঁৰ শব্দ যোৱা নাছিল। তাৰে সুযোগ লৈ অভিযুক্তই কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে।

পৰৱৰ্তী সময়ত লোড শ্বেডিঙৰ বাবে ডিজে বন্ধ হৈ যায় আৰু কিছু অত্যাচাৰ হ্ৰাস পাই অভিযুক্ত কেইজনৰ। সেই সুযোগতে কিশোৰী সেই স্থানৰ পৰা পলাই নিজ বাসগৃহত উপস্থিত হয়। জানিব পৰা মতে ঘটনাৰ সময়ত অভিযুক্ত কেইজনে সুৰামত্ত অৱস্থাত আছিল। ঘৰ পোৱাৰ পাছতেই কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি হয় আৰু অত্যাধিক ৰক্তাক্ষৰণ- পেট বিষ আৰম্ভ হয়। কিশোৰীগৰাকীৰ অৱস্থা দেখি পৰিয়ালৰলোকে তেওঁক ডিমৌৰ হাস্পাতালত ভৰ্তি কৰে।

পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে পৰিয়ালৰলোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত ধৰ্ষণ কাণ্ডৰ এইকেইটা ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।Demow PS case number 55/2024 U/S- 137(2) /70(2) BNS 2023 R/W Sec 6 of POCSO Act ত গোচৰ ৰুজু।

জানিব পৰা মতে এই অপহৰণ আৰু ধৰ্ষণ কাণ্ডৰে জড়িত কোনোলোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। বৰ্তমান দুই অভিযুক্ত পলাতক অৱস্থাত আছে। দুয়ো পলায়ন কৰাত সহযোগ কৰাৰ অভিযোগত আৰক্ষীয়ে অভিযুক্ত সুনীল তপ্ন আৰু ভাইটি তপ্নৰ জেষ্ঠ্য ভাতৃ জোছেফ তপ্নক আটক কৰিছে।  আনহাতে কিশোৰীগৰাকীৰ পৰিয়ালে দোষীক সোনকালে কৰায়ত্ব কৰাৰ দাবী জনোৱাৰ লগতে ন্যায় নাপালে কিশোৰীগৰাকীয়ে চৰম পন্থা বাছি ল’ব বুলি উল্লেখ কৰিছে।

কাউৰী ঘৰলৈ আহিলে কি সংকেত পোৱা যায়? জানক কি কয় বাস্তু শাস্ত্ৰই...
শনি দোষৰ পৰা মুক্তি পাবলৈ শিৱ লিংগত অৰ্পন কৰক এই ৫ বস্তু...
পকা অমিতা নে কেঁচা অমিতা বেছি উপকাৰী? কি কি বেমাৰৰ পৰা পাব উপশম
গাজৰ খাই ভাল পায় নে? গাজৰৰ আছে ৰোগ প্ৰতিৰোধ কৰিব পৰা বহু উপকাৰী গুণ