Advantage Assam 2.O: বিভিন্ন চৰকাৰী খণ্ডৰ পৰা অসমে লাভ কৰিব ১ লাখ কোটিৰ বিনিয়োগ; মুখ্যমন্ত্ৰীৰ দাবী
Advantage Assam 2.O: কেন্দ্ৰৰ পৰা কমেও ১ লাখ কোটি টকা বিনিয়োগৰ আশ্বাস লাভ অসমৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা । কেবাগৰাকীও মন্ত্ৰীয়ে এডভান্টেজ অসম ২.০ সন্মিলনত ঘোষণা কৰিছে বিনিয়োগৰ কথা ।

হিমন্ত বিশ্ব শৰ্মা
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে এডভান্টেজ অসম ২.০ সন্মিলনৰ সময়ত বিভিন্ন চৰকাৰী সংস্থাই আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় এক লাখ কোটি টকাৰ মুঠ বিনিয়োগৰ কথা ঘোষণা কৰিছে । পথ পৰিবহণ, ৰে’ল সংযোগ, জলপথ বৃদ্ধি আৰু বিমান সংযোগ আদি খণ্ডত কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিব বুলিও তেওঁ লগতে কয় ।
এডভান্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ ৰ সময়ত পথ, ৰে’ল আৰু জলপথৰ আন্তঃগাঁথনি সন্দৰ্ভত এক অধিৱেশনত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “কালিৰে পৰা গড়কাপ্তানি, ৰে’লৱে, বিমানপথ, জলপথ আৰু আই-ৱেৰ বিভিন্ন প্ৰকল্পৰ বাবে সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰীসকলে পুঁজি ঘোষণা কৰিছে । সকলো ধন একেলগে কৰিলে প্ৰায় এক লাখ কোটি টকা হয় ।”
তেওঁ কয় যে আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পসমূহ সম্পন্ন কৰিবলৈ অভিযন্তা আৰু অন্যান্য কাৰিকৰী যোগ্যতাসম্পন্ন লোককে ধৰি দক্ষ মানৱ সম্পদ প্ৰয়োজন হ’ব । ডঃ শৰ্মাই লগতে কয়, “আমাৰ পৰৱৰ্তী প্ৰত্যাহ্বান হৈছে শৈক্ষিক সংস্কাৰৰ বাবে । আমি আমাৰ শিক্ষা ব্যৱস্থাক সংশোধন কৰি দক্ষ মানৱ সম্পদৰ সৃষ্টি কৰিব লাগিব ।”
উল্লেখ্য যে এডভান্টেজ অসম ২.০ সন্মিলনত উপস্থিত হৈ কেবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ বাবে বিনিয়োগৰ ঘোষণা কৰিলে । ইয়াৰ ভিতৰত অন্যতম হৈছে কেন্দ্ৰীয় গড়কাপ্তানি মন্ত্ৰী নীতিন গাদকাৰী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ আদি দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিনিয়োগৰ ঘোষণা কৰিছে ।
এক ভিডিঅ’ বাৰ্তাযোগে দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শীঘ্ৰেই অসমত ৮০ হাজাৰ কোটি টকাৰ পথ প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে । লগতে ৰাজ্যখনৰ পথ, ৰে’ল আৰু নদীৰ কেন্দ্ৰিক আন্তঃগাঁথনিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আগন্তুক পাঁচ বছৰত অসমৰ জলপথ আৰু আনুষংগিক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৪৮০০ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই । এডভান্টেজ অসম ২.০ বিনিয়োগ সন্মিলনৰ এক অধিৱেশনত ভাষণ দি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে ।