5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ আবেদনৰ সংখ্যা বেছি, নতুন আবেদনকাৰীয়ে জমা দিব লাগিব NRC ৰ আবেদন নম্বৰ : হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী শৰ্মাই আজি সম্বোধন কৰা সংবাদমেলত কয় যে, 'আমি সিদ্ধান্ত লৈছো যে আধাৰ কাৰ্ডৰ বাবে নতুন আবেদনকাৰীয়ে এন আৰ চিৰ আবেদন নম্বৰ (NRC Application Receipt Number) জমা দিব লাগিব ।' ইয়াৰ দ্বাৰা অসমত অবৈধ বিদেশী প্ৰৱেশ বন্ধ হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে, আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ অতি কঠোৰ হ'ব ।

জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ আবেদনৰ সংখ্যা বেছি, নতুন আবেদনকাৰীয়ে জমা দিব লাগিব NRC ৰ আবেদন নম্বৰ : হিমন্ত বিশ্ব শৰ্মা
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Follow Us
manas-borah
Manas Borah | Updated On: 07 Sep 2024 21:23 PM

অসমত নতুনকৈ আধাৰ কাৰ্ড উলিয়াবলৈ হ’লে এতিয়া পৰা নতুন আবেদনকাৰীয়ে জমা দিব লাগিব এন আৰ চিৰ আবেদন নম্বৰ (NRC Application Receipt Number)। ইতিমধ্যে এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে, অসমত আধাৰ কাৰ্ডৰ বাবে কৰা আবেদন জনসংখ্যাতকৈ বেছি । গতিকে এই তথ্যই অসমত সন্দেহজনক নাগৰিক থকাটো প্ৰমাণ কৰে বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই আজি সম্বোধন কৰা সংবাদমেলত কয় যে, ‘আমি সিদ্ধান্ত লৈছো যে আধাৰ কাৰ্ডৰ বাবে নতুন আবেদনকাৰীয়ে এন আৰ চিৰ আবেদন নম্বৰ (NRC Application Receipt Number) জমা দিব লাগিব ।’ ইয়াৰ দ্বাৰা অসমত অবৈধ বিদেশী প্ৰৱেশ বন্ধ হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে, আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ অতি কঠোৰ হ’ব ।

উল্লেখ্য যে, অসমত আধাৰ কাৰ্ড লাভ কৰাটো ইমান সহজ নহ’ব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই । মনকৰিবলগীয়া যে, আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেল সম্বোধন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এই সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) প্ৰক্ৰিয়াৰ সময়ত বায়’মেট্ৰিকত লক কৰা ৯.৫৫ লাখ লোকৰ বাবে এন আৰ চিৰ আবেদন নম্বৰ জমা দিয়াটো প্ৰযোজ্য নহ’ব । তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । যোৱা দুমাহত অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা কৰা কেইবাগৰাকী বাংলাদেশীক আটক কৰি বিতাৰিত কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, আগন্তুক সময়ত অবৈধ বিদেশী চিনাক্তকৰণ অধিক তীব্ৰতৰ কৰি তোলা হ’ব ।

Latest News