আজি পহিলা এপ্ৰিল, নতুন বিত্তীয় বৰ্ষৰ বাবে কি কি পৰিকল্পনা হাতত লৈছে অসম চৰকাৰে ?
এই বিত্তীয় বৰ্ষৰ বাবে অসম চৰকাৰে বহু কেইটা নতুন পৰিকল্পনা তথা সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আজিৰ পৰা তিনিটা পৰিকল্পনা কাৰ্যকৰী কৰিছে ৰাজ্য চৰকাৰে । ইফালে, নতুন বিত্তীয় বৰ্ষক লৈ ৰাজ্যবাসীয়েও বিভিন্ন ক্ষেত্ৰত আশা প্ৰকাশ কৰিছে ।

আজিৰ পৰা আৰম্ভ হৈছে ২০২৫-২৬ নতুন বিত্তীয় বৰ্ষ । এই বিত্তীয় বৰ্ষৰ বাবে অসম চৰকাৰে বহু কেইটা নতুন পৰিকল্পনা তথা সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আজিৰ পৰা তিনিটা পৰিকল্পনা কাৰ্যকৰী কৰিছে ৰাজ্য চৰকাৰে । ইফালে, নতুন বিত্তীয় বৰ্ষক লৈ ৰাজ্যবাসীয়েও বিভিন্ন ক্ষেত্ৰত আশা প্ৰকাশ কৰিছে । একে সময়তে এই নতুন বিত্তীয় বৰ্ষটোত অসম চৰকাৰ ঋণ-নিৰ্ভৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিশ্লেষকসকলে ।
উল্লেখ্য যে, দৈনিক অসমৰ বাতৰি অনুসৰি, মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যোৱা ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ ৪৩ হাজাৰ ৬০৬ কোটিৰ বাজেট প্ৰস্তাৱৰ প্ৰায় ১ লাখ ৩৭ হাজাৰ কোটি টকা ব্য়য় কৰিবলৈ সক্ষম হৈছে বুলি বিত্ত বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে । মনৰিবলগীয়া যে, ২০২১-২২ বিত্তীয় বৰ্ষত ১,০৬,৩০৫ কোটি টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ১,২৭,২৮৩ কোটি টকা আৰু ২০২৩-২৪ বৰ্ষত ১,৩৬,৩১৭ কোটি টকা ব্যয় কৰা হৈছিল ।
যি কি নহওক, নতুন বিত্তীয় বৰ্ষৰ বাবে কেইবাটাও পৰিকল্পনাৰ কথা এই বৰ্ষৰ বাজেটত ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে । এই পৰিকল্পনাৰ ভিতৰত কেইটামান গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই বৰ্ষতে অসম চুক্তিৰ ৬ নং দফাৰ ৩৯ টা অনুমোদন ৰূপায়ণৰ কাৰ্য প্ৰস্তুতিৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । এই ৩৯ টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ আওতাত পৰে ।
শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ দুটা সম পৰিমাণৰ বাৰ্ষিক কিস্তিত ১০০ কোটি টকাৰ এককালীন অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । একেদৰে ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন’ নামেৰে বহুমুখী সাংস্কৃতিক প্রকল্প নিৰ্মাণ, অত্যাধুনিক কৰ্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কর্কট প্রতিষ্ঠান, গুৱাহাটীত এটা প্ৰ’টন থেৰাপী কেন্দ্ৰ স্থাপন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।
ডিব্ৰুগড় পলিটেকনিকক এখন পূর্ণাংগ অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীত কৰা, নতুন দিল্লীৰ দ্বাৰকাত নতুন অসম ভৱন (দিল্লীত চতুর্থটো) আৰু মুম্বাইৰ কটন গ্রীণত আন এটা অসম ভৱন (মুম্বাই দ্বিতীয়টো) নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । সত্ৰৰ ভকতসকলক ১,৫০০ টকাকৈ মাহে দিয়াৰ লগতে নিযুত মইনা আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪.৩ লাখলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ।
একেদৰে ১ জানুৱাৰী, ২০০৬ৰ পূৰ্বে স্থাপিত হোৱা বিদ্যালয় প্ৰাদেশীকৰণৰ প্ৰস্তাৱ গ্ৰহণ, ‘এক জিলা এক উৎপাদিত সামগ্ৰী’ৰ ধাৰণাৰ বাবে মঞ্চ প্রদান, মহিলা উদ্যমিতা অভিযানৰ বাবে ৩,০৩৮ কোটি টকা ব্যয়, ‘লাখপতি বাইদেউ পুঁজি’ গঠন, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আগুৱাই দিয়া আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে খাদ্য যোগান নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিব ৰাজ্য চৰকাৰে ।
তদুপৰি চাহ জনগোষ্ঠীৰ উন্নয়ন, যুৱ লেখক আৰ্থিক সাহাৰ্য, বিদ্যুতৰ মাচুল হ্ৰাস, এক জিলা এক পথ আঁচনিৰ জৰিয়তে পথ নিৰ্মাণ, দশম আৰক্ষী বেটলিয়নৰ চাউনী গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ, কাজিৰঙাত পুৰণি জিপছীৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহন, অসম দৰ্শন আঁচনিৰ অধীনত ধৰ্মীয় অনুষ্ঠানৰ উন্নতকৰণ, সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক কৰা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক, শৈক্ষিক আৰু গৱেষণামূলক কাৰ্যসূচীৰ উন্নীতকৰণ আদিৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ।
ইফালে, ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্রতিষ্ঠানখনক ডিপ্ল’মা পর্যায়ৰ পৰা স্নাতক পৰ্যায়লৈ উন্নীত কৰা,গুৱাহাটী জিলা পুথিভঁৰালক উন্নীত কৰা, কেন্দ্রীয় পুথিভঁৰাল নির্মাণ, অসম চৰকাৰী ভাষা আইন, ১৯৬০ খন কঠোৰ ৰূপায়ণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । তদুপৰি বহনক্ষম আৰু পৰিৱেশ অনুকূল নগৰীয়া পৰিকল্পনাৰে প্ৰথমখন বাঁহ স্মার্ট চিটি স্থাপনৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ।
এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত ৰাজ্য চৰকাৰে তিনিটা সিদ্ধান্ত আজিৰ পৰা কাৰ্যকৰী কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদৰী কৰা মতে, আজি অসম চৰকাৰে বাজেটত ঘোষণা কৰা তিনিটা কল্যাণমূলক কামৰ শুভাৰম্ভ কৰে । তেওঁ কয়, আজিৰ পৰা অসমৰ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ঘৰুৱা গ্ৰাহকৰ বাবে এক টকাকৈ হ্ৰাস কৰা হৈছে । মে’ মাহৰ বিলত ইয়াৰ প্ৰতিফলন হ’ব ।
লগতে তেওঁ কয় যে, আজিৰ পৰা ৰাজ্য চৰকাৰে ধানৰ মূল্য ২৫০ টকাকৈ বৃদ্ধি কৰিছে । ইয়াৰ লগে লগে এতিয়াৰ পৰা অসমৰ কৃষকৰ প্ৰতি কুইন্টল ধান ২ হাজাৰ ৫৫০ টকাকৈ ক্ৰয় কৰিব চৰকাৰে । একেদৰে আজিৰ পৰা সৰিয়হ প্ৰতি কুইন্টল ৬ হাজাৰ ৪৫০ টকাকৈ ক্ৰয় কৰিব চৰকাৰে । পূৰ্বতকৈ ৫০০ টকা বেছিকৈ পাব সৰিয়হৰ কৃষকসকলে ।
আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি উদ্যমিতা আঁচনি । এই আঁচনিৰ অধিনত অসমৰ ৩০ লাখ মহিলাই প্ৰথম পৰ্যায়ত ১০ হাজাৰ, দ্বিতীয় পৰ্যায় ২৫ হাজাৰ আৰু তৃতীয় পৰ্যায়ত ৫০ হাজাৰ টকা লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে।