সুৰাপায়ীসকল সাৱধান! নতুন বছৰৰ পাৰ্টী কৰাৰ পূৰ্বে পঢ়ক এই খবৰ…

আহি আছে নতুন বছৰ। ইতিমধ্যে নতুন বছৰকলৈ বিভিন্নজনে কৰিছে বহু পৰিকল্পনা। এনে সময়ত সুৰাপায়ী চালকসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন।

সুৰাপায়ীসকল সাৱধান! নতুন বছৰৰ পাৰ্টী কৰাৰ পূৰ্বে পঢ়ক এই খবৰ...

নতুন বছৰৰ

Updated On: 

29 Dec 2024 20:07 PM

২০২৫ বৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে নতুন বছৰত আদৰাৰ বাবে বিভিন্নজনে আৰম্ভ কৰিছে প্ৰস্তুতি। ক’ত নতুন বছৰৰ পাৰ্টী কৰিব, ক’লৈ ফুৰিব যাব আদিকে ধৰি নতুন বছৰক লৈ বিভিন্নজনৰ বিভিন্ন পৰিকল্পনা। কিন্তু এই সময়ত কঠোৰ হৈছে আৰক্ষী তথা প্ৰশাসন । সেয়ে সুৰাপায়ী চালকসকল সাৱধান। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই হাতে কামে লাগিছে আৰক্ষী প্ৰশাসন আৰু অধিক কঠোৰ হৈ পৰিছে। ইতিমধ্যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী অভিযান। সুৰাপায়ী চালকৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে প্ৰশাসন।

নতুন বছৰৰ সময়ত আপুনিও যদি পাৰ্টী কৰিম বুলি ভাবিছে বা সুৰাপান কৰি নিশা ঘৰলৈ উভতি অহাৰ পৰিকল্পনা কৰি থৈছে তেন্তে সাৱধান!  কিয়নো বিপদত পৰিব পাৰে আপুনি। নতুন বছৰৰ প্ৰথম দিনটোতে থাকিব লগা হ’ব পাৰে লকআপত। পথ সুৰক্ষা নীতি নিয়ম উলংঘা কৰিলে ৰঙা ঘৰৰ আলহী হোৱাৰ লগতে মোটা অংকৰ জৰিমণা ভৰিব লগা হ’ব পাৰে। আনকি বাতিল হ’ব পাৰে লাইচেন্স। ইয়াৰ মাজতে গুৱাহাটীৰ ডাম্পাৰ মালিক সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৩১ ডিচেম্বৰ আৰু জানুৱাৰীত গুৱাহাটীত নচলে ডাম্পাৰ।

আনহাতে অসম আৰক্ষীয়েও ৰাইজক অধিক সজাগ কৰাৰ চেষ্টা কৰিছে। শেহতীয়াকৈ অসম আৰক্ষীয়ে সামাজিক মাধ্যমত লিখিছে যে- দায়িত্বশীল ভাবে সেৱন কৰক, কিন্তু আপোনাৰ বাহনৰ চকাকেইটাক নিচাত মত্ত নকৰিব ! অসম আৰক্ষীয়ে সামাজিক মাধ্য়মত কৰা এটা পোষ্ট তলত উল্লেখ কৰা হ’ল-

 

উল্লেখ্য যে, কিছুদিন পূৰ্বে পথ সুৰক্ষা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়চোৱাত শৰ্মাই আৰক্ষীৰ লগতে আবকাৰী বিভাগত অধিক সজাগ হোৱাৰ নিৰ্দেশ দিছিল। পথ সুৰক্ষাৰ বিভিন্ন দিশৰ ওপৰত নজৰ ৰখাৰ লগতে সুৰাপায়ী চালকৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ আহ্বান জনাইছিল শৰ্মাই। আনকি মাঘ বিহু পৰ্যন্ত বিশেষকৈ গুৱাহাটীত নিশা ১০ বজাৰ পাছত সুৰাপায়ী চালকৰ তালাচী অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰ পাছতেই আৰক্ষীয়ে অভিযান চলাই শ শ সুৰপায়ী চালকৰ জৰিমণা বিহাৰ লগতে লাইচেন্সো বাতিল কৰে। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা তথ্য অনুসৰি অসমত পথ দুৰ্ঘটনাৰ ফলত মৃত্যুৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পাইছে। কিন্তু আহি থকা নতুন বছৰ আৰু মাঘ বিহুৰ বাবে অধিক সতৰ্ক হ’ব লাগিব বুলি তেওঁ উল্লেখ কৰিছিল। গতিকে এতিয়া সাৱধান হোৱাৰ সময় আহি পৰিছে সুৰাপায়ী চালকসকলৰ। নহ’লে নতুন বছৰত হব পাৰে ৰঙা ঘৰৰ আলহী।

 

অন্য খবৰ পঢ়কঃ নিশা ১০ বজাৰ পাছত চলিব অভিযান, মাঘ বিহু পৰ্যন্ত গাড়ী চলাওতে সাৱধান…

আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...