5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিশা ১০ বজাৰ পাছত চলিব অভিযান, মাঘ বিহু পৰ্যন্ত গাড়ী চলাওতে সাৱধান…

নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইয়াৰ পূৰ্বে পথ সুৰক্ষাক লৈ অধিক কঠোৰ হৈছে প্ৰশাসন। ১৫ জানুৱাৰী পৰ্যন্ত নিশা ১০ বজাৰ পাছতো চলিব অভিযান। কোনোৱে যাতে সুৰাপান কৰি গাড়ী চলাব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

নিশা ১০ বজাৰ পাছত চলিব অভিযান, মাঘ বিহু পৰ্যন্ত গাড়ী চলাওতে সাৱধান…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 Dec 2024 13:35 PM

নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইংৰাজী নৱবৰ্ষৰ সমান্তৰালকৈ মাঘ বিহুও আহি দুৱাৰদলি পাইছে।  আহি থকা  নতুন দিন আৰু অসমীয়াৰ প্ৰাণৰ উৎসৱ মাঘ বিহুলৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। নতুন বছৰ বুলি ক’লেই পিকনিক, পাৰ্টি আদিৰ কথা মনলৈ আহে । ঠিক তেনেদৰে মাঘ বিহু বুলি ক’লে উৰুকাৰ ভোজ-ভাত, মেজি জ্বলোৱা আদিৰ কথা মনলৈ আহে। মুঠতে নতুন বছৰ হওক বা মাঘ বিহু, এই দুই সময়তে সকলোৱে আনন্দ কৰে। কিন্তু এই আনন্দৰ সময়চোৱাত ৰাজ্যত বৃদ্ধি পাই পথ দুৰ্ঘটনাৰ সংখ্যাও।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনেই বিভিন্ন ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ সুৰক্ষাৰ বিষয়ে প্ৰশাসন কঠোৰ হ’লেও দুৰ্ঘটনাৰ সংখ্যা ৰোধ কৰিব পৰা নাই। বিশেষকৈ নতুন বছৰ , মাঘ বিহু বা বিভিন্ন উৎসৱ পাৰ্বনৰ সময়ত এই পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়।

পথ সুৰক্ষাক লৈ অধিৰ কঠোৰ হৈছে প্ৰশাসন। এই  সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষাৰ পৰ্যালোচনা কৰি  এক বৈঠক অনুষ্ঠিত কৰে। শৰ্মাই কয় যে, পূৰ্বতকৈ অসমত কম হৈছে পথ দুৰ্ঘটনাৰ সংখ্যা। পথ দুৰ্ঘটনাত মৃত্যু হ্ৰাস পোৱা অসম একমাত্ৰ ৰাজ্য। ইয়াৰ লগতে তেওঁ কয় যে, যদিও দুৰ্ঘটনাৰ সংখ্যা কম হৈছে, তথাপিও নৱবৰ্ষ আৰু মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি আৰু কঠোৰ হ’ব লাগিব। সেয়ে ১৫ জানুৱাৰী পৰ্যন্ত পথ সুৰক্ষাক লৈ অধিক কঠোৰ থাকিব প্ৰশাসন।

১৫ জানুৱাৰী পৰ্যন্ত নিশা ১০ বজাৰ পাছত আৰক্ষীক অভিযান চলোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।নিশা সুৰাপান কৰি গাড়ী চলোৱাক চিনাক্ত কৰিবলৈ কঠোৰ পৰীক্ষা চকীৰ বলবৎ কৰা হ’ব । শৰ্মাই কয় যে মদ্যপান কৰি গাড়ী চলোৱা লোকসকলৰ বাবে নিশা গুৱাহাটীক বয়োজ্যেষ্ঠলোকে গাড়ী চলাব ভয় কৰে। গতিকে এই বিষয়টো গুৰুত্ব সহকাৰে ল’ব লাগে। ইয়াৰোপৰি পি ডব্লিউ ডি বিভাগত অধিসূচনা জাৰি কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে শৰ্মাই। তেওঁ কয় যে, অসমমালাৰ পথ নিৰ্মাণৰ আগতেই ঠিক কৰি ল’ব লাগিব যে ক’ত স্পীব্ৰেকাৰ দিব লাগিব।

ইয়াৰোপৰি নিশা ৯ বজাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক বা গাড়ীৰ পাৰ্কিং কৰিব নোৱাৰিব বুলি কয়। আৰক্ষী অধীক্ষক, আৰু জিলা আয়ুক্তক এই ক্ষেত্ৰত চকু দিবলৈ আহ্বান জনায়। অৱশ্যে চাৰ্ভিছ ৰোডত পাৰ্ক কৰিলে একো সমস্যা নাই বুলি কয় শৰ্মাই।ইয়াৰোপৰি বনভোজস্থলীসমূহো আৰক্ষীয়ে মনিটৰ কৰিব লাগিব। সূৰ্যদোয়ৰ আগত আৰু সূৰ্যাস্তৰ পাছত গাড়ী চলোৱাৰ পৰা আঁতৰি থাকিবলৈ তেওঁ আহ্বান জনায়। লগতে চালকে যাতে সুৰাপান কৰি গাড়ী চলোৱা নাই তাৰ প্ৰতি নিশ্চিত হ’ব লাগে বুলি কয়। ইয়াৰোপৰি বনভোজস্থলী পৰিস্কাৰ কৰি ৰখাৰ লগতে বনভোজস্থলীত যাতে কোনো অঘটন নঘটে তাৰ প্ৰতি আৰক্ষী অধীক্ষক, জিলা আয়ুক্তক সতৰ্ক হ’বলৈ আহ্বান জনায়।

Latest News