5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি সাহায্য মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্য চৰকাৰৰ অভিলাষী ‘নিযুত মইনা’ আঁচনিৰ প্ৰথম কিস্তি সাহায্য ধনৰাশি মুকলি কৰিলে। খানাপাৰাত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তি ধন মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই আঁচনিখনক ৰাজ্যত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আখ্যা দিছে অসম চৰকাৰে।

নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি সাহায্য মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি ধনৰাশি মুকলি
monjit-dutta
Monjit Dutta | Updated On: 06 Oct 2024 16:19 PM

ৰাজ্য চৰকাৰৰ অভিলাষী ‘নিযুত মইনা’ আঁচনিৰ আজি প্ৰথম কিস্তি সাহায্য ধনৰাশি মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তি ধন মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ৰাজ্যৰ প্ৰতিখন জিলাতে এই আঁচনিখনৰ ধনৰাশি মুকলিৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই আঁচনিখনক ৰাজ্যত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আখ্যা দিছে অসম চৰকাৰে। লগতে ৰাজ্য চৰকাৰে এই নিযুত মইনা আঁচনিয়ে ৰাজ্যত কন্যা শিক্ষাক এক নতুন গতি প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰিছে।

নিযুত মইনা আঁচনিৰ প্ৰথম কিস্ত ধন মুকলি কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে। সংবাদ মাধ্যমৰ সৈতে এই বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুত মইনা আঁচনিক অত্যন্ত পবিত্ৰ তথা মহীয়ান আঁচনি আখ্যা দি ৰাজ্য চৰকাৰে এই আঁচনিখন আজি ছাত্ৰী সমাজৰ বাবে উৎসৰ্গিত কৰিছে বুলি মন্তব্য কৰে।

এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১ লাখ ৫৯ হাজাৰ ৯৩ গৰাকী ছাত্ৰীয়ে মাহিলী সাহায্য লাভ কৰিবলৈ সক্ষম হ’ব। আঁচনিখনৰ অধীনত উচ্চতম মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়নৰত ছাত্ৰীসকলে ১০০০ টকাকৈ সাহায্য লাভ কৰিব। আনহাতে স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে ১২৫০ টকাৰ সাহায্য লাভ কৰিব। একেদৰে স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে ২৫০০ টকাকৈ লাভ কৰিব মাহিলী সাহায্য।

প্ৰতি মাহৰ ১১ তাৰিখে যোগ্য ছাত্ৰীসকলৰ একাউণ্টলৈ এই ধনৰাশি হস্তান্তৰ কৰা হ’ব। অহা তিনি বছৰত এই আঁচনিখনৰ সুবিধা লাভ কৰা ছাত্ৰীৰ সংখ্যা ১০ লাখলৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। এই নিযুত মইনা আঁচনিখনে সমগ্ৰ ৰাজ্যত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে কন্যা ছাত্ৰীসকলৰ মাজত বিদ্যালয় এৰাৰ যি সমস্যা, সেই সমস্যা সমাধানতো সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আঁচনিখনে লগতে ৰাজ্যৰ আৰ্থিকভাৱে পিছপৰা দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মেধাৱী ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

তেওঁ লগতে এনে এখন আঁচনি ৰাজ্যৰ শিক্ষা খণ্ডলৈ উপহাৰ দিয়াৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু শিক্ষা বিভাগক ধন্যবাদ জনায়। লক্ষণীয়ভাৱে ৰাজ্যৰ মন্ত্ৰী, বিধায়ক বা সাংসদৰ কন্যা এই আঁচনিৰ পৰা বঞ্চিত হ’ব। তদুপৰি ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীসকলেও ইয়াৰ সুবিধা লাভ নকৰিব।

সমান্তৰালকৈ বিবাহিতা ছাত্ৰী, বা পঢ়াৰ মাজতে বিয়া হোৱা ছাত্ৰীসকলে ইয়াৰ সুবিধা লাভ নকৰে। একেদৰে যিসকল ছাত্ৰীৰ শিক্ষানুষ্ঠানত উপস্থিতি কম, বা যিসকল ছাত্ৰীৰ বিপক্ষে মহাবিদ্যালয় কৰ্তৃপক্ষৰ কোনো অভিযোগ থাকে, ৰেগিং আদি কাৰ্যৰ লগত জড়িত থাকে তেনে ছাত্ৰীয়েও এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ’ব।

Latest News