শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিযুত মইনা আঁচনিঃ জানক কোনে, কেনেকৈ ইয়াৰ বাবে কৰিব পাৰে আবেদন…

Nijut moina scheme: জনতাৰ কল্যানৰ হকে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ন কৰে। তেনে এক আঁচনি হ'ল নিযুত মইনা আঁচনি। বিশেষকৈ ছাত্ৰীসকলৰ বাবে এই আঁচনিৰ ব্যৱস্থা কৰিছে চৰকাৰে।

নিযুত মইনা আঁচনিঃ জানক কোনে, কেনেকৈ ইয়াৰ বাবে কৰিব পাৰে আবেদন…
নিযুত মইনা আঁচনিImage Credit source: etv bharat
barasha-sarma
Barasha Sarma | Published: 13 Jan 2025 11:22 AM

অসম চৰকাৰে বিভিন্ন সময়ত ছাত্ৰ- ছাত্ৰী উন্নয়নৰ হকে ন ন আঁচনি ৰূপায়ন কৰে। তাৰ ভিতৰত এটা আঁচনি হ’ল নিযুত মইনা আঁচনি। বিশেষকৈ ছাত্ৰীসকলৰ বাবে এই আঁচনি ৰূপায়ন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে।ৰাজ্যৰ শিক্ষাৰ উন্নতিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছিল চৰকাৰে।এই আঁচনিৰ অধীনত উচ্চ শ্ৰেণীত নামভৰ্তি কৰা ছোৱালীক আৰ্থিক সাহায্য প্ৰদান কৰা হয়।  এই আঁচনিৰ সুবিধা কোনে লাভ কৰে, কেনেকৈ আবেদন কৰিব পাৰি তাৰ বিষয়ে তলত সবিশেষ উল্লেখ কৰা হ’ল-

নিযুত মইনা আঁচনি (Nijut Moina Scheme)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে এই কল্যানমূলক আঁচনি ৰূপায়ন কৰিছিল। ইয়াৰ অধীনত চৰকাৰে ছাত্ৰীসকলক উচ্চ শিক্ষাত নামভৰ্তি কৰাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰে। এই আঁচনিৰ অধীনত ১০ লাথ ছাত্ৰীত সামৰি লোৱা হয়। ৰাজ্য চৰকাৰে ২০২৪ চনৰ অসম বাজেটত এই আঁচনিৰ বাবে ২৪০ কোটি টকা আৱন্টন দিছিল। ২০২৪ চনত এই আঁচনিৰ শুভাৰম্ভণি কৰিছিল মুখ্যমন্ত্ৰীয়ে।

উদ্দেশ্য

  • শিক্ষাৰ জৰিয়তে কন্যা শিশুক সবলীকৰণ।
  • উচ্চ শ্ৰেণীত নামভৰ্তি কৰা সকলো ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান।
  • ৰাজ্যত বাল্য বিবাহ বন্ধ কৰাৰ বাবে এক অনন্য পদক্ষেপ।
  • ১০ লাখ ছাত্ৰী লাভান্বিত হ’ব।

কোনে পাব সুবিধা

  • ১০ লাখ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ সুযোগ পাব।
  • একাদশ শ্ৰেণীত নামভৰ্তি কৰিব বিচৰা ছাত্ৰীসকলে ১০ হাজাৰ টকা লাভ কৰিব।
  • যিসকল ছাত্ৰীয়ে স্নাতক পৰ্যায়ত নামভৰ্তি কৰে সেইসকলে ১২,৫০০ টকা লাভ কৰিব। (বছৰি)
  • যিসকলে স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তি কৰিব সেইসকলে ১৫,০০০ টকা লাভ কৰিব। (বছৰি)

কি কি লাগিব

  • বেংকৰ তথ্য প্ৰাৰ্থীৰ নামত হ’ব লাগিব।
  • মহিলা ছাত্ৰীৰ বাবে এই আঁচনি।
  • সকলো নথি পত্ৰ প্ৰাৰ্থীৰ নামত হ’ব লাগিব।
  • প্ৰাৰ্থী নিৰ্বাচনৰ বাবে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ বিবেচনা কৰা হ’ব।

কোনে লাভ কৰিব

  • আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • বিবাহিত প্ৰাৰ্থী এই আঁচনিৰ বাবে যোগ্য নহয়।
  • প্ৰাৰ্থীয়ে এই আঁচনিখনক সমৰ্থন কৰা যিকোনো চৰকাৰী মহাবিদ্যালয় বা শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লাগিব।
  • সাংসদ আৰু বিধায়কৰ কন্যা আঁচনিৰ বাবে আবেদন কৰিবলৈ যোগ্য নহয়।
  • যিসকল প্ৰাৰ্থীয়ে Persuing B.ed কৰি আছে তেওঁলোক আঁচনিৰ বাবে যোগ্য নহয়।

কেনেকৈ কৰিব আবেদন

  • এতিয়ালৈকে এই আঁচনিৰ বাবে কোনো অফিচিয়েল ৱেবচাইট নাই। যোগ্যসকলে তলৰ পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে।
  • অসম চৰকাৰৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।
  • Homepage ত দিয়া Apply Online Button ত ক্লিক কৰক।
  • প্ৰয়োজনীয় তথ্য দাখিল কৰক।
  • আপোনাৰ সম্পূৰ্ণ ঠিকনা আৰু শিক্ষাৰ অৰ্হতা দিয়ক।
  • প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰি আবেদন প্ৰ-পত্ৰ সম্পূৰ্ণ কৰক। অধিক জানিবৰ বাবে ক্লিক কৰক 

 

অন্য খবৰ পঢ়কঃ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিঃ ইয়াৰ অধীনত কোন মহিলাই লাভ কৰিব আৰ্থিক সাহাৰ্য, জানক সবিশেষ…

Latest News