5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গৰ্বিত পিতৃ! বাছ মেৰামতি কৰি থাকোতে কন্যাই দিলে আটাইতকৈ ভাল লগা খবৰটো

নিকিতাৰ এই খবৰে পিতৃ-মাতৃ, পৰিয়াল তথা সমগ্ৰ অসমকে গৌৰৱান্বিত কৰি তুলিছে। বাহৰুৱা গাঁৱৰ প্ৰাঞ্জল নেওগৰ কন্যা নিকিতাই ২০২৩ বৰ্ষত মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা পৰীক্ষাত ৰাজ্যৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত এগৰাকী হিচাপে নিৰ্বাচিত হৈ লণ্ডনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ লগতে কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠান আৰু গৱেষণাগাৰ দৰ্শন কৰাৰ লগতে এক কৰ্মশালাটো অংশ ল’ব৷

গৰ্বিত পিতৃ! বাছ মেৰামতি কৰি থাকোতে কন্যাই দিলে আটাইতকৈ ভাল লগা খবৰটো
নিকিতা নেওগ
Follow Us
trishna-kalita
Trishna Kalita | Published: 21 Sep 2024 21:49 PM

কন্যাৰ সাফল্যত গৰ্বিত ‘বাছ চালক’ পিতৃ । ৰাজপথত গাড়ী মেৰামতি কৰি থাকোতেই আহিল এটা সুখবৰ। গোলাঘাট জিলা তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে । ছাত্ৰীগৰাকীৰ নাম নিকিতা নেওগ । গোলাঘাটৰ মিছামৰাৰ বাহৰুৱা গাঁৱৰ দেৰগাঁও ৰেডিয়েন্ট কলেজৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ ছাত্রী নিকিতা।নিকিতাই মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা আঁচনিৰ অধীনত অনুষ্ঠিত পৰীক্ষাত নিৰ্বাচিত হৈ ৰাজ্যৰ আন চাৰিগৰাকী ছাত্ৰীৰ সৈতে আজি দিল্লীৰ পৰা ইংলেণ্ডলৈ ৰাওনা হৈছে।

নিকিতাৰ এই খবৰে পিতৃ-মাতৃ, পৰিয়াল তথা সমগ্ৰ অসমকে গৌৰৱান্বিত কৰি তুলিছে। বাহৰুৱা গাঁৱৰ প্ৰাঞ্জল নেওগৰ কন্যা নিকিতাই ২০২৩ বৰ্ষত মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা পৰীক্ষাত ৰাজ্যৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত এগৰাকী হিচাপে নিৰ্বাচিত হৈ লণ্ডনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ লগতে কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠান আৰু গৱেষণাগাৰ দৰ্শন কৰাৰ লগতে এক কৰ্মশালাটো অংশ ল’ব৷

এই খবৰটোক লৈ সামজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা পোষ্ট। যি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কংকন বৰঠাকুৰ নামৰ ব্যক্তিজনে পোষ্টটোত লিখিছে,
“ধেমাজিলৈ গৈ থকা বাছখন হঠাতে বাটত বেয়া হ’ল। কণ্ডাক্টৰজনে এই প্ৰখৰ গৰমকো নেওচি ৰাস্তাত শুই গাড়ীৰ তলত সোমাই মেৰামতি কৰাত লাগিল। মেৰামতিৰ কাম চলি আছে মাজে মাজে দুই এক যাত্ৰীৰ গালিও চলি আছে কণ্ডাক্টৰক উদ্দেশ্যি। তাৰ মাজতে বাৰে বাৰে কণ্ডাক্টৰজনৰ ফোনটো বাজি আছে। কামত ব্যস্ত কণ্ডাক্টৰে ফোনটো ধৰিব পৰা নাই কিজানি ফোন ধৰিলেই যাত্ৰীসকল অধিক উগ্ৰ হৈ পৰে কথা পাতি আছে বুলি। উৎকট গৰমৰ মাজত কাম শেষ কৰি যেতিয়া কণ্ডাক্টৰজন গাড়ীৰ তলৰ পৰা ওলাই আহিল তেতিয়া তেওঁ ঘামত জুৰুলি জুপুৰি। মুখখন হাতেৰেই মুচি বাৰে বাৰে আহি থকা ঘৰৰ ফোন নম্বৰটোত কল বেক কৰিলে। ফোনৰ সিটো মূৰত আনন্দত আত্মহাৰা জীয়েকৰ কণ্ঠ – দেউতা মই বিজ্ঞান প্ৰতিভা সন্ধান পৰীক্ষাত অসমৰ ভিতৰত স্থান লাভ কৰি কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু নাচালৈ যোৱাৰ সুবিধা পাইছোঁ।কণ্ডাক্টৰৰ জীয়েক হ’ল গোলাঘাটৰ নিকিতা নেওগ।”

“ঠগ প্ৰবঞ্চনা, ইজি মানি, লোকৰ টকাৰে বিলাসী জীৱন আদিৰে মানুহৰ মন অশান্ত কৰি ৰখাৰ সময়ত খবৰটো শুনি থৰ হৈ থিয় দি থাকিল এগৰাকী শ্ৰমজীৱি গৰ্বিত পিতৃ। লোকক ঠগি নহয়, ঘামে ধোৱা সংগ্ৰাম কৰি জীয়েকক শিক্ষিত কৰাৰ আৱেগে তেওঁক হয়তো খুন্দা মাৰি ধৰিছিল।”

হয়তো সেইখিনি আছিল প্ৰাঞ্জল নেওগৰ বাবে আটাইতকৈ ভাল লগা সময়। ছাত্ৰীগৰাকীৰ এই সফলতাক প্ৰশংসা কৰিছে সকলোৱে ৷ নিকিতাৰ লগতে যোৱা আন কেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰি শুভেচ্ছা জনায় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই৷

Latest News