Bangladeshi Infiltrators : কৰিমগঞ্জত পুনৰ ৯ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক…

সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৯ বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰাৰ খবৰ লাভ কৰা গৈছে । কৰিমগঞ্জ জিলাত আটক কৰা হৈছে এই ৯ জন বাংলাদেশী নাগৰিকক ।

Bangladeshi Infiltrators : কৰিমগঞ্জত পুনৰ ৯ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক...

ভাৰত-বাংলাদেশ সীমান্ত

Updated On: 

19 Nov 2024 19:09 PM

ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৯ বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰাৰ খবৰ লাভ কৰা গৈছে । কৰিমগঞ্জ জিলাত আটক কৰা হৈছে এই ৯ জন বাংলাদেশী নাগৰিকক । কৰিমগঞ্জ সীমান্তৰে অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰিছিল এই বাংলাদেশী নাগৰিক কেইজনে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে, মঙলবাৰে কৰিমগঞ্জ জিলাত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৯ জন বাংলাদেশী নাগৰিকক আটক কৰে অসম আৰক্ষীয়ে । আটক কৰা বাংলাদেশী নাগৰিক কেইজনক আটক কৰাৰ পাছত জেৰা কৰাৰ লগতে পৰিচয় পত্ৰ পৰীক্ষা কৰা হয় । ইয়াৰ পাছতে পুনৰ তেওঁলোকক বাংলাদেশৰ কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয় বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, আটকাধীন বাংলাদেশৰ নাগৰিক কেইজনৰ নাম হৈছে মহম্মদ মামুন, আবু নৈম, ৰাছেদ ইছলাম, মৰাদ আলী মণ্ডল, মহম্মদ আছৰাফুল হক, মহম্মদ বাছিৰ হাওলাদাৰ, মহম্মদ ৰবিউল হাওলাদাৰ, মহম্মদ মহাবত আলী, মহম্মদ মহিম হুছেইন। সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, সীমান্তত অধিক সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰি অসম আৰক্ষীয়ে কৰিমগঞ্জত ৯ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি আটক কৰে । ইয়াৰ পাছতে তেওঁলোকক পুনৰ বাংলাদেশলৈ বিতাৰিত কৰা হয় ।

উল্লেখ্য যে,চুবুৰীয়া দেশখনত ৰাজনৈতিক অস্থিৰতা সৃষ্টিৰ হোৱাৰ পিছৰে পৰা সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰিছে সীমান্ত সুৰক্ষা বাহিনীৰ লগতে অসম আৰক্ষীয়ে । বাংলাদেশৰ সৈতে উত্তৰ-পূবে ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ভাগ-বতৰা কৰিছে । বাংলাদেশীয়ে যাতে অসমত অবৈধভাৱে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰি ৰাখিছে অসম আৰক্ষীয়ে ।

Latest Stories
কৰিমগঞ্জৰ নতুন নাম ‘শ্ৰীভূমি’ দিয়াৰ কাৰণ কি? কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ? কেবিনেটৰ সিদ্ধান্তৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে…
Manipur Violence : হিংসাৰ জুইত জ্বলিছে মণিপুৰ ! সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কাছাৰ আৰক্ষীৰ…
ভাল পুলিচো আছে! এজন আৰক্ষী বিষয়া আৰু আইতাৰ এই কথোপকথনে মন মুহিব আপোনাৰ…
World Heritage Week 2024 : চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা পালন কৰা হৈছে ‘বিশ্ব ঐতিহ্য সপ্তাহ’…
টকাৰ খেল! মৰণোত্তৰ পৰীক্ষাৰ নামত পুত্ৰ, নাতিক হেৰুওৱা ককাকৰ পৰা ল’লে ২৫,০০০ টকা
DB Stock Trading Scam : ‘ট্ৰেডিঙৰ নামত বিনিয়োগকাৰীক কৰা হৈছিল প্ৰতাৰণা’, মনালিছা দাসৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে চিবিআইয়ে…
ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...
ভুলতো ঘৰত নাৰাখিব এইসমূহ দেৱ-দেৱীৰ মূৰ্তি বা প্ৰতিমা...
পৃথিৱীৰ এনে এখন দেশ, য’ত নাই এখনো কাৰাগাৰ! ক’ত ৰখা হৈছে বন্দীসকলক?
ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট