“ন্যায়পালিকাৰ প্ৰতি স্থায়ী সন্মান আছে বিজেপিৰ, কিন্তু কংগ্ৰেছ বিপৰীত !” নিশিকান্ত ডুবেৰ বিতৰ্কিত মন্তব্য়কলৈ প্ৰতিক্ৰিয়া মুখ্য়মন্ত্ৰীৰ
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বিজেপিয়ে নীতিগত স্থিতি বজাই ৰাখিলেও ন্যায়পালিকাৰ সৈতে কংগ্ৰেছ দলৰ ঐতিহাসিক পাৰস্পৰিক কাৰ্যকলাপ পৰীক্ষা কৰাটো প্ৰাসংগিক। কংগ্ৰেছে একাধিকবাৰ ন্যায়পালিকাৰ সন্মানীয় সদস্যসকলক ৰাজহুৱাভাৱে সমালোচনা কৰিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
উচ্চতম ন্যায়ালয় আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে বিজেপি সাংসদ নিশিকান্ত ডুবেৰ বিৰুদ্ধে গোচৰ আৰম্ভ কৰিবলৈ অনুমোদন বিচাৰি ভাৰতৰ এটৰ্নী জেনেৰেললৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। এডভোকেট অন ৰেকৰ্ডে প্ৰেৰণ কৰিছে এই পত্ৰ । পত্ৰখনত উল্লেখ কৰা অনুসৰি, বিজেপি সাংসদ নিশিকান্ত ডুবে কয় যে,”উচ্চতম ন্যায়ালয়ে দেশখনক অৰাজকতাৰ দিশে লৈ গৈছে আৰু দেশত চলি থকা গৃহযুদ্ধৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না দায়ী।” ডুবেৰ এই মন্তব্যই এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে, সেয়া দলৰ মতামত নহয় আৰু সাংসদগৰাকীৰ ব্যক্তিগত বক্তব্য আছিল আৰু এনে বক্তব্যৰ সৈতে বিজেপিৰ একমত নহয়।
ইফালে, এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এক প্ৰকাৰে কংগ্ৰেছক লক্ষ্য কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । ভাৰতৰ গণতন্ত্ৰৰ মূল স্তম্ভ হিচাপে ন্যায়পালিকাৰ স্বাধীনতা আৰু মৰ্যাদাক ধাৰাবাহিকভাৱে ৰক্ষা কৰি আহিছে ভাৰতীয় জনতা পাৰ্টিয়ে। শেহতীয়াকৈ বিজেপিৰ সভাপতি জে পি নাড্ডাই এই স্থিতিক আৰু দৃঢ় কৰি কয় যে,নিশিকান্ত ডুবেয়ে উচ্চতম ন্যায়ালয়ৰ সন্দৰ্ভত কৰা মন্তব্য দলৰ মন্তব্য নহয় । তেওঁৰ মন্তব্যৰ পৰা দলটোক আঁতৰাই ৰখা হৈছে ।
The Bharatiya Janata Party (BJP) has consistently upheld the independence and dignity of the judiciary as a cornerstone of India’s democracy.
Recently, Hon’ble BJP President Shri @JPNadda ji reaffirmed this commitment by distancing the party from remarks made by Hon’ble MP Shri… pic.twitter.com/iI2yqPogVB
— Himanta Biswa Sarma (@himantabiswa) April 20, 2025
মুখ্য়মন্ত্ৰী শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলত দাবী কৰে যে, এইবোৰ ব্যক্তিগত মতামত আৰু দলৰ স্থিতি নহয় বুলি স্পষ্ট কৰি নাড্ডাই ন্যায়িক প্ৰতিষ্ঠানৰ প্ৰতি থকা বিজেপিৰ গভীৰ শ্ৰদ্ধা পুনৰ স্পষ্ট কৰি দিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বিজেপিয়ে নীতিগত স্থিতি বজাই ৰাখিলেও ন্যায়পালিকাৰ সৈতে কংগ্ৰেছ দলৰ ঐতিহাসিক পাৰস্পৰিক কাৰ্যকলাপ পৰীক্ষা কৰাটো প্ৰাসংগিক। কংগ্ৰেছে একাধিকবাৰ ন্যায়পালিকাৰ সন্মানীয় সদস্যসকলক ৰাজহুৱাভাৱে সমালোচনা কৰিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে । সামাজিক মাধ্যমত কংগ্ৰেছক লক্ষ্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই ন্যায়াধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে অভিযোগনামা দাখিল প্ৰস্তাৱটোক ৰাজনৈতিকভাৱে পৰিচালিত বুলি আঙুলিয়াই দিয়ে।
তেওঁ কয় যে, প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অযোধ্যাৰ ৰায়কে ধৰি গুৰুত্বপূৰ্ণ ৰায়দানৰ পিছত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। একেদৰে প্ৰাক্তন মুখ্য ন্যায়াধীশ অৰুণ মিশ্ৰ সাংবিধানিক কৰ্তব্য পালন কৰাৰ পাছতো তেওঁ বিৰুদ্ধে বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছিল । ইফালে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে উল্লেখযোগ্য গোচৰত তেওঁৰ ব্যাখ্যাৰ ওপৰত অযথা নিৰীক্ষণৰ সন্মুখীন হৈছিল । তেওঁ ৰায়দান কিছুমান ৰাজনৈতিক স্বাৰ্থৰ সৈতে মিল নাথাকিলে সমালোচনাৰ সন্মুখীন হৈছিল বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
তদুপৰি ন্যায়াধীশ এছ আব্দুল নাজীৰে অৱসৰৰ কিছু দিনৰ পাছত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ বাবে কংগ্ৰেছে সমালোচনা কৰে । এই ধাৰাটোৱে কংগ্ৰেছ দলৰ ভিতৰত ন্যায়পালিকাৰ বিশ্বাসযোগ্যতাক প্ৰত্যাহ্বান জনোৱাৰ প্ৰৱণতাক সূচায় । যেতিয়া সিদ্ধান্তসমূহ তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ বিৰুদ্ধে হয়, তেতিয়া তেওঁলোকে ন্যায়াপালিক লক্ষ্য লয় বুলি এক প্ৰকাৰে দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।