আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে পুনৰ আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম: ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত গাডকাৰীয়ে ব্যাখ্যা কৰে যে কেনেকৈ প্ৰিকাষ্ট নিৰ্মাণ পদ্ধতি গ্ৰহণে দলংখনৰ সামগ্ৰিক মান বৃদ্ধি কৰাৰ সমান্তৰালভাৱে আনুমানিক ব্যয় যথেষ্ট হ্ৰাস কৰিছে। ভিডিঅ’ত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কৈছে, "আমাৰ হাতত মাজুলী দলং প্ৰকল্প আছে, যিটো পূৰ্বে ইউপি ( উত্তৰ প্ৰদেশ)  ষ্টেট ব্ৰীজ কৰ্প'ৰেশ্যন লিমিটেডৰ হাতত দিয়া হৈছিল। অৱশ্যে এতিয়া প্ৰকল্পটো এতিয়া নতুন এজেন্সীৰ হাতত গতাই দিয়া হৈছে।"

আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে পুনৰ আৰম্ভ হব যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম: ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী

Published: 

17 Apr 2025 17:19 PM

দীৰ্ঘদিন ধৰি স্থগিত হৈ আছে যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম। ইয়াৰ মাজতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আশ্বাস দিছে যে বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণৰ কাম অতি সোনকালে আৰম্ভ হ’ব। য’ত আধুনিক প্ৰযুক্তি আৰু দক্ষতাৰ ওপৰত পুনৰ গুৰুত্ব দিয়া হ’ব।

শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত গাডকাৰীয়ে ব্যাখ্যা কৰে যে, কেনেকৈ প্ৰিকাষ্ট নিৰ্মাণ পদ্ধতি গ্ৰহণে দলংখনৰ সামগ্ৰিক মান বৃদ্ধি কৰাৰ সমান্তৰালভাৱে আনুমানিক ব্যয় যথেষ্ট হ্ৰাস কৰিছে। ভিডিঅ’ত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কৈছে, “আমাৰ হাতত মাজুলী দলং প্ৰকল্প আছে, যিটো পূৰ্বে ইউপি ( উত্তৰ প্ৰদেশ)  ষ্টেট ব্ৰীজ কৰ্প’ৰেশ্যন লিমিটেডৰ হাতত দিয়া হৈছিল। অৱশ্যে এতিয়া প্ৰকল্পটো এতিয়া নতুন এজেন্সীৰ হাতত গতাই দিয়া হৈছে। প্ৰথমতে ঘোষণা কৰাৰ সময়ত মোক কোৱা হৈছিল যে ইয়াৰ খৰচ প্ৰায় ৬,০০০ কোটি টকা হ’ব। পিছত আধুনিক নিৰ্মাণ প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ লগে লগে পূৰ্বৰ সংস্থাটোৱে দিয়া হিচাপ ৬৭০ কোটি টকালৈ নামি আহিল। এতিয়া, প্ৰিকাষ্টৰ প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰেৰে আমি আশা কৰিছো যে মুঠ খৰচ প্ৰায় ৮০০ৰ পৰা ১০০০ কোটি টকা হ’ব। এই পদ্ধতিয়ে কেৱল খৰচ হ্ৰাস কৰাই নহয় আৰু গুণগত মান উন্নত কৰাই নহয়, নিৰ্মাণৰ সময়ত প্ৰদূষণো যথেষ্ট হ্ৰাস কৰে।’

তেওঁ প্ৰিকাষ্ট প্ৰযুক্তিৰ পৰিৱেশগত উপকাৰিতাৰ ওপৰত আৰু গুৰুত্ব আৰোপ কৰি কয় যে, ইয়াৰ ফলত নিৰ্মাণৰ সময়ত প্ৰদূষণৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পাব। অসমৰ নদীদ্বীপ মাজুলীৰ বাবে এক জটিল যোগসূত্ৰ হিচাপে গণ্য কৰা দলংখনৰ স্থবিৰ অগ্ৰগতিৰ সন্দৰ্ভ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই মন্তব্য প্ৰকাশ কৰে গাডকাৰীৰ । এক সাক্ষাৎকাৰৰ মাজতে  যোৰহাট-মাজুলীৰ সংযোগী দলঙৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

কিন্তু মন্ত্ৰীগৰাকীয়ে দিয়ে আশাৰ মাজতো চৰকাৰী অভিলেখসমূহে স্থলভাগত আন এক প্ৰত্যাহ্বান প্ৰতিফলিত কৰে। ৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুলেনযুক্ত দলংখনৰ সংশোধিত ব্যয়ৰ অনুমান মূল ৯২৫.৪৭ কোটি টকাৰ পৰা ১০১৯.১৬ কোটি টকালৈ বৃদ্ধি পাইছে। ২০২১ চনৰ নৱেম্বৰ মাহত নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ইয়াৰ প্ৰাৰম্ভিক সময়সীমা আছিল ২০২৫ চনৰ জুলাই।তথাপিও ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে মাত্ৰ ৩০.৬৫% কামহে ভৌতিকভাৱে সম্পূৰ্ণ হৈছিল, য’ত ইতিমধ্যে ১৯২.৫০ কোটি টকা ব্যয় হৈছে।

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত মূল ঠিকাদাৰ ইউ পি ষ্টেট ব্ৰীজ কৰ্প’ৰেশ্যন লিমিটেডে প্ৰকল্পটো পৰিত্যাগ কৰি ডিচেম্বৰ মাহত ইয়াক আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰাৰ ফলত এই প্ৰকল্পটোৰ কাম স্থগিত হৈ পৰে। পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিছত নিশ্চিত কৰে যে, সংশোধিত খৰচৰ অনুমান ২০২৫ চনৰ ১৭ মাৰ্চত অনুমোদন জনোৱা হৈছিল, আৰু বাকী থকা কামৰ নিবিদা কম সময়ৰ ভিতৰতে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সংসদত মাজুলীবাসীয়ে সন্মুখীন হোৱা অপৰিসীম কষ্টৰ উদাহৰণ দি দীৰ্ঘদিন ধৰি দলং নিৰ্মাণৰ কাম পলম হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে।

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট