অসমত ১০০০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ বাবে NLC-APDCL ৰ মাজত চুক্তি স্বাক্ষৰ…
অসমত ১০০০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ উন্নয়নৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৈতে যৌথ উদ্যোগৰ চুক্তিত স্বাক্ষৰ কৰিছে এন এল চি ইণ্ডিয়া লিমিটেডৰ নবীকৰণযোগ্য শক্তি শাখাই । এই যৌথ উদ্যোগৰ প্ৰথম লক্ষ্য হৈছে নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ বিকাশৰ লগতে সুলভ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান সুনিশ্চিত কৰা ।
এন এল চি ইণ্ডিয়া লিমিটেডৰ নবীকৰণযোগ্য শক্তি শাখাই অসমত ১০০০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ উন্নয়নৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৈতে যৌথ উদ্যোগৰ চুক্তিত স্বাক্ষৰ কৰিছে। শনিবাৰে এই কথা সদৰী কৰিছে এন এল চি ইণ্ডিয়া লিমিটেডে । এই চুক্তিৰ জৰিয়তে এন এল চি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে যৌখভাৱে অসমত ১০০০ মেগাৱাট সৌৰশক্তি উৎপাদন লক্ষ্য নিৰ্ধাৰণ কৰিছে ।
কোম্পানীটোৰ এক বিবৃতিত কোৱা হৈছে যে, এন এল চি ইণ্ডিয়া ৰিনিউৱেবলছ লিমিটেড (এন আই আৰ এল) আৰু এ পি ডি চি এলৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছে। এই প্ৰকল্পত এন আই আৰ এলৰ ৫১ শতাংশ অংশীদাৰিত্ব থকাৰ বিপৰীতে এ পি ডি চি এলৰ ৪৯ শতাংশ অংশীদাৰিত্ব থাকিব। চুক্তি অনুসৰি, এন আই আৰ এলে নবীকৰণযোগ্য শক্তি প্ৰকল্প উন্নয়নৰ ক্ষেত্ৰত কৰ্ম-কুশলতা আনিব আৰু এপিডিচিএলে ভূমি অধিগ্ৰহণ, অনুমোদন আৰু আন্তঃগাঁথনিৰ সুবিধা প্ৰদান কৰিব।
২৫ বছৰৰ বাবে উৎপাদিত শক্তিৰ ১০০ শতাংশ বিক্ৰীৰ বাবে অসম ডিস্কোমৰ সৈতে বিদ্যুৎ ক্ৰয় চুক্তি স্বাক্ষৰিত হ’ব। এন আই আৰ এলৰ অধ্যক্ষ প্ৰসন্ন কুমাৰ মটুপল্লীয়ে কয় যে, এই পদক্ষেপে কেৱল অসমৰ বাবে শক্তি সুৰক্ষা নিশ্চিত কৰাই নহয়, চাকৰি সৃষ্টি কৰি আৰ্থ-সামাজিক বিকাশৰ দিশত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বহনক্ষমতা সূচকাংক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।
এই যৌথ উদ্যোগৰ প্ৰথম লক্ষ্য হৈছে নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ বিকাশৰ লগতে সুলভ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান সুনিশ্চিত কৰা । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ দীৰ্ঘম্যাদী শক্তি সুৰক্ষাত অৰিহণা যোগাই অসমৰ ক্ৰমবৰ্ধমান শক্তিৰ চাহিদা পূৰণৰ বাবে এই যৌথ উদ্যোগৰ লক্ষ্য নিধাৰণ কৰা হৈছে ।