শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শিৱসাগৰত পুনৰ অসমীয়াৰ ওপৰত অনা-অসমীয়াৰ আক্ৰমণ, তীব্ৰ প্ৰতিবাদ

পুনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ। জানিব পৰা মতে পুনৰ শিৱসাগৰত অনা-অসমীয়াই থলুৱালোকক কৰা আক্ৰমণৰ ঘটনা সংঘটিত হয়। এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে একাংশ দল- সংগঠন। নিশা শ শলোকে কৰে প্ৰতিবাদ।

শিৱসাগৰত পুনৰ অসমীয়াৰ ওপৰত অনা-অসমীয়াৰ আক্ৰমণ, তীব্ৰ প্ৰতিবাদ
শিৱসাগৰ
barasha-sarma
Barasha Sarma | Updated On: 12 Sep 2024 07:01 AM

প্ৰতিবাদত পুনৰ উত্তাল হ’ল শিৱসাগৰ। দুই অনা-অসমীয়াৰ আক্ৰমণৰ বলি হ’ল এগৰাকী থলুৱা ব্যৱসায়ী। এই ঘটনাৰ পাছতেই বুধবাৰে নিশা শিৱসাগৰত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে বাবুলাল ৰাথী আৰু ৰোহিত ৰাথী নামৰ দুই বহিৰাগত পাইকাৰী সামগ্ৰী বিক্ৰেতাই এজন অসমীয়া যুৱকক প্ৰহাৰ কৰে। ই- ৰিক্সাৰ পৰা সামগ্ৰী নমোৱাক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিতৰ্কৰ পাছতেই দুই স্বত্বাধিকাৰীয়ে কলিয়া বড়ো নামৰ যুৱকজনক আক্ৰমণ কৰে। ইয়াৰ পাছতেই শিৱসাগৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে।

এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগেই শ শলোকে মাৰোৱাৰী পট্টীস্থিত অভিযুক্তৰ ব্যৱসায়ীক প্ৰতিষ্ঠান ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি কলিয়া বড়োৰ লগত ভাড়া কেন্দ্ৰিক হোৱা বিতৰ্কৰ পাছতেই বাবুলাল ৰাথী আৰু তেওঁৰ পুত্ৰ ৰোহিত ৰাথীয়ে ৰডেৰে প্ৰহাৰ কৰিছিল। ইমানেই নহয়, মুখত ঘোচা মৰাৰ সময়ত কলিয়া বড়োৰ হাত দুখন দুই বিহাৰী সম্প্ৰদায়ৰলোকে ধৰি ৰাখিছিল।

পৰৱৰ্তী সয়মত ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালৰলোকে যুৱকজনক উদ্ধাৰ কৰে। এই আক্ৰমণৰ ঘটনাক লৈ জনসাধাৰণ ক্ষোভিত হৈ পৰিছে। ভালেকেইটা সংগঠনে ঘটনাস্থলীত উপস্থিত হৈ দোষীক শাস্তি দিয়াৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানখন বন্ধ কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰীলোকসকলে কয় যে, এনে আক্ৰমণ কেতিয়াও সহ্য কৰা নহয়। এই আক্ৰমণেই শেষ আক্ৰমণ বুলি প্ৰশাসনে নিশ্চিয়তা প্ৰদান নকৰিলে পূৰ্বতকৈ অতি ভয়ংকৰ প্ৰতিবাদ হ’ব।

এই ঘটনাৰ পাছতেই জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। এক বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ ঘটনাস্থলী নিয়ন্ত্ৰণ কৰে আৰু এজন অভিযুক্তক আটক কৰে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

উল্লেখ্য কৰা প্ৰয়োজন যে, ১৩ আগষ্টত শিৱসাগৰত এগৰাকী  অসমীয়া কিশোৰীক আক্ৰমণ কৰিছিল অনা-অসমীয়াই। এই ঘটনাৰ পাছত সমগ্ৰ শিৱসাগৰ প্ৰতিবাদত উত্তাল হৈ পৰিছিল আৰু প্ৰায় ২ দিনৰ বাবে বন্ধ হৈ পৰিছিল শিৱসাগৰৰ মাজ মজিয়াৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ। সহস্ৰাধিকলোকে কৰা প্ৰতিবাদৰ অন্তত মাৰোৱাৰী সমাজে ৰাজহুৱাকৈ আঁঠু কাঢ়ি ক্ষমা খুজিছিল । আনকি এই বিষয়টোত আলফা (স্বা)য়েও হস্তক্ষেপ কৰিছিল। কিন্তু তাৰ পাছত কালি পুনৰ শিৱসাগৰত অনা-অসমীয়াই থলুৱালোকক কৰা আক্ৰমণৰ ঘটনা সংঘটিত হয়। এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে একাংশ দল- সংগঠন। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে বা পৰিস্থিতি কি হয়  সেয়া হব লক্ষণীয়।

Latest News