পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন! অসমৰ আৰু ভূটানৰ মাজত চলিব বিশেষ ৰে’ল

ভাৰতৰ ঠিক কাষতে আছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান। এই দেশখন ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ অন্যতম স্থান। এতিয়া ৰে'লযোগে হিমালয়ৰ মাজেৰে যাব পাৰিব ভূটানলৈ । ৰে'লৱেই গ্ৰহণ কৰিছে এই নতুন পদক্ষেপ ।

পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন! অসমৰ আৰু ভূটানৰ মাজত চলিব বিশেষ ৰেল

অসমৰ পৰা ভূটানলৈ চলিব বিশেষ ৰে'ল

Updated On: 

06 Mar 2025 14:01 PM

 

ভাৰতৰ ৰে’ল নেটৱৰ্কে ইতিমধ্যে পিছ পেলাইছে বহু দেশক। কেৱল স্থানীয় নহয়, আন্তঃৰাষ্ট্ৰীয় ৰে’লৰো নেটৱৰ্ক আছে ভাৰতত । যদি আপুনিও এগৰাকী ৰে’লযাত্ৰী, এই খবৰে সহায় কৰিব আপোনাক। বৰ্তমান ৰে’লযোগে ভাৰতৰ পৰা বাহিৰৰ আন দুখন দেশলৈ কৰিব পৰিব যাত্ৰা। সেই দুখন দেশ হ’ল বাংলাদেশ আৰু পাকিস্তান। কিন্তু এইবাৰ ৰে’লযোগে ভাৰতৰ ওচৰৰ আন এখন দেশলৈও পাব পাৰিব আপুনি। এয়া ভাৰতীয় ৰে’লৱেৰ নতুন সংযোজন।

ভাৰতৰ ঠিক কাষতে আছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান। এই দেশখন ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ অন্যতম স্থান। বন্ধৰ দিনত অসমৰ পৰা ভূটানলৈ ভ্ৰমণৰ বাবে যায় বহুলোক। এতিয়া ৰে’লযোগে হিমালয়ৰ মাজেৰে যাব পাৰিব ভূটানলৈ । ৰে’লৱেই গ্ৰহণ কৰিছে এই নতুন পদক্ষেপ । এই ৰে’ল লাইনে অসমৰ কোকৰাঝাৰ জিলাক ভূটানৰ গেলফু চহৰৰ সৈতে সংযোগ কৰিব। এই ৰে’ল সংযোগ স্থাপন হ’লেই ভাৰতৰ পৰা ভূটানলৈ যাতায়ত কৰাটো সহজ হৈ পৰিব।

জানিব পৰা মতে এই ৰে’লপথ ৬৯.০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব। লগতে এই ৰে’লপথত ৬টা নতুন ষ্টেচন নিৰ্মাণ কৰা হ’ব। ষ্টেচনসমূহ হ’ল বালাজান, গৰুভাষা, ৰুণীখাটা, শান্তিপুৰ, দাদগিৰি আৰু গেলফু। ইয়াৰ উপৰিও ২৯খন ডাঙৰ দলং, ৬৫খন সৰু দলং, এখন অভাৰব্ৰিজ, ৩৯খন আণ্ডাৰব্ৰিজ আৰু ১১ মিটাৰ দৈৰ্ঘ্যৰ দুখন দলং নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত যাত্ৰীসকলে লাভ কৰিব বহু সুবিধা।

এই ৰে’ল সংযোগে ভাৰত আৰু ভূটানৰ মাজত পৰ্যটন ক্ষেত্ৰ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। যদিও ভাৰতীয়ক ভূটানলৈ যাবলৈ ভিছাৰ প্ৰয়োজন নাই, তথাপিও ৰে’লপথ নিৰ্মাণৰ পিছত ভাৰতীয়ৰ বাবে যাতায়ত সহজ হৈ পৰিব। উল্লেখ্য় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূটান ভ্ৰমণৰ সময়ত দেশখনৰ সৈতে সংযোগ স্থাপনৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জনাইছিল। তাৰ ভিতৰত এয়াও অন্যতম।

গাখীৰ চাহত নিমখ দি খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক
সপোনত কেতিয়াবা শ্মশান দেখিছে নেকি? তেন্তে জানক ইয়াৰ অৰ্থ...
একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?