ৰাজ্যৰ বিদ্ৰোহী সংগঠনক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ | On International Day of Peace, Assam CM Himanta Biswa Sarma urges armed groups to come for talks Assam news - Assam Tv9

International Day of Peace : ৰাজ্যৰ সশস্ত্ৰ সংগঠনক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Updated On: 

21 Sep 2024 14:11 PM

শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উগ্ৰপন্থী সংগঠনসমূহক হিংসা ত্যাগ কৰি শান্তি আৰু ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "আজি আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱসত সশস্ত্ৰ সংগঠনসমূহক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছো।"

International Day of Peace : ৰাজ্যৰ সশস্ত্ৰ সংগঠনক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সশস্ত্ৰ সংগঠনক শান্তিৰ আলোচনাত বঢ়িবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Follow Us On

আজি আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস । এই বিশেষ দিনটোত ৰাজ্যখনৰ সশস্ত্ৰ গোটসমূহৰ প্ৰতি বিশেষ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উগ্ৰপন্থী সংগঠনসমূহক হিংসা ত্যাগ কৰি শান্তি আৰু ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “আজি আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱসত সশস্ত্ৰ সংগঠনসমূহক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছো।”

ইয়াৰ লগতে সশস্ত্ৰ সংগঠন সমূহক আলোচনাৰ মেজলৈ আহি সংগঠিতভাৱে অসমৰ প্ৰগতিৰ স্বাৰ্থত কাম কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ দাবী কৰে যে, হিংসা আৰু সন্ত্ৰাসে ৰাজ্যখনৰ বাবে কেতিয়াও ইতিবাচক ফলাফল নিদিয়ে । ইয়াৰ বিপৰীতে আলোচনাই অসমৰ শান্তি আৰু উন্নত ভৱিষ্যতক নিশ্চিত কৰিব ।

উল্লেখ্য যে, আলফাৰ আলোচনাপন্থী এটা গোটৰ লগতে অসমৰ বহু উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ লগতে বিগত কেইবছৰমানৰ পৰা অসংখ্য বিদ্ৰোহী সংগঠন মূলসুঁতিলৈ ঘূৰি আহিছে। কিন্তু পৰেশ বৰুৱাৰ নেতৃত্বত সশস্ত্ৰ সংগ্ৰাম চলাই থকা আলফা (স্বাধীন)য়ে চৰকাৰৰ সৈতে এতিয়ালৈকে কোনো আলোচনাত মিলিত হোৱা নাই । অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই কেইবাবাৰো আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক বহুবাৰ আলোচনাত বহিবলৈ আহ্বান জনাইছে।

আলফা (স্বাধীন)য়ে সশস্ত্ৰ সংগ্ৰামৰ অংশ হিচাপে ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা ৰাজ্যখনৰ ২৪টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰিছিল । ইয়াৰ পাছতে জাননীৰ জৰিয়তে স্থানসমূহৰ নামও উল্লেখ কৰিছিল আলফা (স্বাধীন)য়ে । কিন্তু ২৪টা স্থানৰ ভিতৰত গুৱাহাটীৰ দুটা স্থানকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে ৮ টা ‘বোমা সদৃশ সামগ্ৰী’ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

মনকৰিবলগীয়া যে, অহা ১০ বছৰত ৰাজ্যখন শক্তিশালী কৰাৰ স্বাৰ্থত যুৱক-যুৱতীসকলৰ ভৱিষ্যত বিপন্ন কৰিব পৰা কোনো কামত লিপ্ত নহ’বলৈ পৰেশ বৰুৱাক আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
Exit mobile version