5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নতুন আৰম্ভণি আৰু উজ্বল ভৱিষ্যতৰ বাবে সাজু অসমবাসী, ১ জানুৱাৰীৰ দিনটোত মুখ্যমন্ত্ৰীয়ে দিলে বহু উপহাৰ

নতুন আশা, নতুন প্ৰত্যাশাৰে ২০২৫ বৰ্ষ আৰম্ভ হৈছে। নতুনৰ আৰম্ভণি হিচাপে অসম চৰকাৰে ৰাইজৰ বাবে কেইবাটাও নতুন কাম হাতত লৈছে। আজি দিনযোৰা কাৰ্যসূচীৰে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও উপহাৰ।

নতুন আৰম্ভণি আৰু উজ্বল ভৱিষ্যতৰ বাবে সাজু অসমবাসী, ১ জানুৱাৰীৰ দিনটোত মুখ্যমন্ত্ৰীয়ে দিলে বহু উপহাৰ
১ জানুৱাৰীৰ দিনটোত মুখ্যমন্ত্ৰীৰ কেইবাটাও কাৰ্যসূচীImage Credit source: Social media Image
barasha-misra
Barasha Misra | Updated On: 01 Jan 2025 23:31 PM

আজি পহিলা জানুৱাৰী। আশা-প্ৰত্যাশাৰে আৰম্ভ আৰু এটা নতুন বছৰ। নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যবাসীলৈ উপহাৰ মুখ্যমন্ত্ৰীৰ। আজি ৰাতিপুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে পল্টন বজাৰ ফুট অভাৰব্ৰীজ। প্ৰায় ১৭ কোটি টকা ব্যয়েৰে নিৰ্মিত সেতুখনিয়ে ব্যস্ততাপূৰ্ণ পল্টন বজাৰত পথচাৰীসকলে নিৰাপদে জি এছ ৰোড পাৰ হোৱাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা যাত্ৰীসকলক ৰে’লৱে ষ্টেচন তথা এ এছ টি চি বাছ ষ্টেণ্ডলৈ অহা যোৱা কৰাত সহজ কৰি তুলিব।

ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে নৱগ্ৰহত মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সৌধ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সৌধ ‘শান্তি স্থল’ মুখ্যমন্ত্ৰীয়ে মুকলি কৰা পিছতেই আনন্দিত পৰিয়ালৰ লোক। এই সমাধি ক্ষেত্ৰটি অধিক গৰিমামণ্ডিত আৰু মহীয়ান কৰি তোলাৰ লক্ষ্যৰে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে এই প্ৰকল্পটো ৰাইজৰ সেৱাত উছৰ্গা কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰায় ১.২৬ কোটি টকা ব্যয়েৰে সমাধি ক্ষেত্ৰটিৰ উন্নয়নৰ জৰিয়তে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদানক চিৰযুগমীয়া কৰি ৰাখিবলৈ প্ৰয়াস কৰা হৈছে।

আজি মুখ্যমন্ত্ৰীৰ তৃতীয় কাৰ্যসূচী হৈছে খানাপাৰাত আন্তঃৰাজ্যিক বাছ আস্থান(Mini ISBT) উদ্বোধন। সুচল যাতায়াত ব্যৱস্থা তথা যাত্ৰীসকলৰ সুবিধাৰ্থে আজি পহিলা জানুৱাৰীৰ দিনা ৰাজ্যবাসীৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত মিনি আইএছবিটি উদ্বোধন কৰাৰ লগতে ৫৬খন ইলেক্ট্রিক বাছৰ ফ্লেগ অফ কৰে। আজি এই উপলক্ষে আয়োজিত বিশেষ কাৰ্যসূচীত সতীৰ্থ মন্ত্ৰী, চৰকাৰী বিষয়া আদিৰ সৈতে মন্ত্ৰী পীযূষ হাজৰিকাও উপস্থিত থাকে। এই মিনি ISBT মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়, দেশৰ ভিতৰত আজি পৰিবহন ব্যৱস্থা ডিজিটেলাইজেচন কৰাত অসম ১ নম্বৰ হ’বলৈ সক্ষম হৈছে।

ইয়াৰ পৰৱৰ্তী সময়ত কইনাধৰাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে মত বিনিময় কৰে। ‘নতুন দিনৰ আলাপ’ শীৰ্ষক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে, আমাৰ বাবে প্রাপ্তিৰ বতৰ আছিল ২০২৪ বৰ্ষটো। ইউনিক’ডত অসমীয়া লিপিক অন্তৰ্ভুক্তৰ বাবে পদক্ষেপ লোৱা হৈছে। নিযুত মইনা আঁচনি ৰূপায়ন কৰা হৈছে আৰু এই নিযুত মইনা আঁচনিয়ে নাৰী শিক্ষাত পৰিৱৰ্তন আনিব।

মুখ্যমন্ত্রীয়ে আত্মনিৰ্ভৰ অসম অভিযানক লৈ মন্তব্য কৰি ক’লে, আৰু ১লাখ যুৱক–যুৱতীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰাটো আমাৰ লক্ষ্য। বৰ্তমান মিছন বসুন্ধৰাই এই পৰ্যন্ত ২০লাখ লোকক স্পৰ্শ কৰিছে। ইয়াৰোপৰি এই মত-বিনিময়ত নতুন নিযুক্তি আৰু ব’হাগ বিহুৰ পৰা বিদ্যুৎ‍ মাচুল হ্ৰাস কৰাৰ কথা উল্লেখ কৰে।

ৰাজ্যিক কৰ্মচাৰীলৈ উপহাৰ

আজিৰ পৰা কাৰ্যকৰী ৰাজ্যিক কৰ্মচাৰীলৈ ১ কোটিৰ পৰা ৭০ লাখ টকা পৰ্যন্ত জীৱন বীমাৰ সুবিধা। যদি দুৰ্ঘটনাত কোনো চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ’লে ১ কোটি টকা, দুৰ্ঘটনাত চিৰ জীৱনৰ বাবে ঘুণীয়া হ’লে ৭০ লাখ টকা আৰু কৰ্মৰত অৱস্থাত মৃত্যু হ’লে ৫ লাখ টকাৰ পৰা ৬ লাখ টকালৈ অতিৰিক্ত বীমা লাভ কৰিব।

আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ‘স্বাগত সতীৰ্থ’ পৰ্টেল। ৰাজ্যৰ তৃতীয়-চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে এই পৰ্টেলৰ জৰিয়তে পাৰস্পৰিক বদলিৰ বাবে কৰিব পাৰিব আবেদন।

উল্লেখ্য যে, অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানৰ আধুনিকীকৰণ প্ৰকল্পৰ শিলান্যাসৰ লগতে জ্যোতি চিত্ৰবনত ৫৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ১ হাজাৰ আসনযুক্ত নতুন প্ৰেক্ষাগৃহটোৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ।

Latest News